লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (আইএটিএ: GAU, আইচিএঅ’: VEGT), (ইংৰাজী: Lokpriya Gopinath Bordoloi International Airport), গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ(ইংৰাজী: Guwāhāti International Airport) হিচাপেও জনা যায়) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। অসমৰ গুৱাহাটী মহানগৰৰ সমীপৱৰ্তী বৰঝাৰত অৱস্থিত এই বিমানবন্দৰটো স্বাধীনতা সংগ্ৰামী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামকৰণ কৰা হৈছে। গোপীনাথ বৰদলৈ ভাৰতৰ স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল। এই বিমানবন্দৰটো ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ দ্বাৰা পৰিচালিত আৰু ভাৰতী বায়ু সেনাইও ইয়াক ঘাটি হিচাপে ব্যৱহাৰ কৰে।
- বিৱৰণ
- ক'ড নং-৪
- ক'ড বৰ্ণ: D
- উচ্চতা: ১৬২ ফুট
- টাৰ্মিনেল ক্ষমতা
- দেশীয়: ৫০০
- আন্তঃৰাষ্ট্ৰীয়: ১২৫
- ব'ৰ্ডিং প্ৰৱেশদ্বাৰ
- আন্তঃৰাষ্ট্ৰীয়: ১
- দেশীয়: ৬
- টাৰ্মিনেলৰ পৃষ্ঠাকালি: ৮৬৫৫ বৰ্গমিটাৰ
- চেক্-ইন কাউণ্টাৰৰ সংখ্যা: ৪
- ইমিগ্ৰেশ্যন কাউণ্টাৰৰ সংখ্যা: ১
- ছিকিউৰিটি চেক: ৪
সাত-ভনী আৰু Nine Perfect Jewels হিচাপে জনাজাত উত্তৰ-পূব ভাৰতলৈ সেৱা আগবঢ়োৱা বিমানসমূহৰ বাবে গুৱাহাটী বিমানবন্দৰ এটা মুখ্য হাব। গুৱাহাটী বিমানবন্দৰৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানলৈ হেলিকপ্টাৰ সেৱাও পৰিচালিত হয়। ইয়াৰ পৰা ছিলঙ (৩০ মিনিট), তুৰা (৫০ মিনিট), নাহৰলগুণ (ইটানগৰ) আৰু টাৱাঙ (৭৫ মিনিট) আদি ঠাইলৈ পৱন হংস হেলিকপ্টাৰ সেৱাৰ ব্যৱস্থা আছে। শেহতীয়াকৈ মণিপুৰৰ ইম্ফাল বিমানবন্দৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত হোৱাৰ আগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰেই একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছিল। সম্প্ৰতি বিমানবন্দৰৰ উন্নীতকৰণৰ পৰিকল্পনা চলি আছে।
গুৱাহাটী বিমানবন্দৰৰ ভিতৰচ'ৰা
বিমানবন্দৰৰ ভিতৰ অংশত থকা মুখাশিল্পৰ প্ৰদৰ্শন।
- যাত্ৰীবাহী বিমান
এয়াৰলাইন |
গন্তব্যস্থান
|
এয়াৰ এছিয়া ইণ্ডিয়া |
দিল্লী, ইম্ফাল
|
এয়াৰ ইণ্ডিয়া |
দিল্লী, বেংগালুৰু, ইম্ফাল, কলকাতা, বাগডোগ্ৰা
|
এয়াৰ ইণ্ডিয়া আঞ্চলিক |
দিল্লী, শিলচৰ, লীলাবাৰী
|
ড্ৰাক এয়াৰ |
বেংকক-সুৱৰ্ণভূমি, পাৰো, ছিংগাপুৰ
|
গ'এয়াৰ |
আহমেদাবাদ, দিল্লী, বেংগালুৰু, বাগডোগ্ৰা, কলকাতা, মুম্বাই
|
ন'ক এয়াৰ |
বেংকক-ড'ন মুয়েং
|
ইণ্ডিগ' |
চেন্নাই, দিল্লী, ইম্ফাল, জয়পুৰ, কলকাতা, বাগডোগ্ৰা, মুম্বাই, বেংগালুৰু, আগৰতলা, হায়দৰাবাদ, বাগডোগ্ৰা, আহমেদাবাদ
|
জেট এয়াৰৱেজ |
আইজল, দিল্লী, ইম্ফাল, কলকাতা, মুম্বাই, শিলচৰ, ৱডোদৰা, বাগডোগ্ৰা
|
জেটকানেক্ট |
আগৰতলা, আহমেদাবাদ, বেংগালুৰু, দিল্লী, ডিব্ৰুগড়, গোৱা, ইম্ফাল, যোৰহাট, কলকাতা, মুম্বাই, পুনে, বাগডোগ্ৰা
|
স্পাইচজেট |
আগৰতলা, বাগডোগ্ৰা, বেংগালুৰু, চেন্নাই, দিল্লী, কলকাতা, মুম্বাই, প'ৰ্ট ব্লেয়াৰ
|
ভিষ্টাৰা |
বাগডোগ্ৰা, দিল্লী[4]
|
পৱন হংস |
ইটানগৰ, ছিলং, টাৱাং, তুৰা
|
- চাৰ্টাৰ
|
---|
| আন্তঃৰাষ্ট্ৰীয় | |
---|
| অসামৰিক | |
---|
| আভ্যন্তৰীণ | |
---|
| সামৰিক | |
---|
|