লোকসভাৰ অধ্যক্ষ | |
---|---|
![]() ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক | |
![]() ভাৰতৰ জাতীয় পতাকা | |
সম্বোধন | মাননীয় অধ্যক্ষ (ভাৰতত) দা অনাৰেবেল (বিদেশত) |
নিয়োগকৰ্তা | লোকসভাৰ সাংসদ সকল |
কাৰ্যকাল | ৫ বছৰ (পুনৰ নিৰ্বাচনৰ যোগ্য) |
পূৰ্বসূৰী | সুমিত্ৰা মহাজন |
প্ৰথম পদাধিকাৰী | গণেশ বাসুদেৱ মভালঙ্কৰ (১৯৫২–১৯৫৬) |
গঠন | ১৫ মে' ১৯৫২ |
সহকাৰী | লোকসভাৰ উপাধ্যক্ষ |
দৰমহা | ₹ ১,২৫,৮৭৭ |
ৱেবচাইট | speakerloksabha |
লোকসভাৰ অধ্যক্ষ ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভাৰ সভা পৰিচালক।[1] সাধাৰণতে লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন লোকসভাৰ প্ৰথম বৈঠকত কৰা হয়। তেওঁৰ কাৰ্যকাল ৫ বছৰ। লোকসভাৰ অধ্যক্ষ গৰাকী লোকসভালৈ নিৰ্বাচিত সাংসদ সকলে নিৰ্বাচিত থাকে। সেয়ে সাধাৰণতে শাসক দলৰ বা তেওঁলোকৰ সংযুক্ত মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থীয়ে এই পদবী লাভ কৰে।
লোকসভাৰ প্ৰথম গৰাকী অধ্যক্ষ হৈছে গণেশ বাসুদেৱ মভালঙ্কৰ। বৰ্তমান ১৭তম লোকসভাৰ অধ্যক্ষ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ ঔম বিৰলা।[2] ২০১৯ চনৰ ১৯ জুন তাৰিখে তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে ১৭তম লোকসভাৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে।
নৱনিৰ্বাচিত হোৱা সাংসদ সকলে নিজৰ মাজতে এগৰাকী লোকসভাৰ অধ্যক্ষ বাছনি কৰি লয়। লোকসভাৰ অধ্যক্ষ গৰাকীয়ে লোকসভাৰ কাৰ্য-প্ৰণালী আৰু নীতি-নিয়মৰ বিষয়ে জ্ঞাত। ইয়াৰ লগতে তেওঁ শাসক আৰু বিৰোধী দুয়ো পক্ষৰ সমৰ্থিত ব্যক্তি। প্ৰথমে সাংসদ সকলে লোকসভাৰ অস্থায়ী অধ্যক্ষক এজন ব্যক্তিৰ নাম লোকসভা অধ্যক্ষ পদৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। এই নাম পিছলৈ ভাৰতৰ ৰাষ্ট্ৰপতিক জনোৱা হয়। ৰাষ্ট্ৰপতিয়ে মহাসচিবৰ জৰিয়তে অধ্যক্ষ নিৰ্বাচনৰ দিন জনায়। যদি কেৱল এজন ব্যক্তিৰ নাম প্ৰস্তাৱিত কৰা হয় তেন্তে কোনো ভোট অনুষ্ঠিত নহয়। যদি এজনকৈ বেছি ব্যক্তিৰ নাম প্ৰস্তাৱিত কৰা হয় তেন্তে ৰাষ্ট্ৰপতিয়ে ঠিক কৰা দিনত সাংসদৰ ভোটৰ জৰিয়তে নতুন অধ্যক্ষ নিৰ্বাচিত কৰা হয়। নিৰ্বাচিত অধ্যক্ষ গৰাকীয়ে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ লৈকে এই পদত অধিষ্ঠিত থাকে।[3]
লোকসভাৰ অধ্যক্ষয়ে লোকসভা পৰিচালনা কৰে আৰু কোনো বিধেয়ক ধন বিধেয়ক হয় নে নহয় বিবেচনা কৰে। তেওঁ সদনৰ অনুশাসন আৰু মৰ্যাদা বজাই ৰাখে আৰু কোনো সদস্যয়ে ইয়াত বাধা দিলে তেওঁ উচিত শাস্তি আনকি সদনৰ পৰা বহিষ্কাৰো কৰিব পাৰে। ইয়াৰ লগতে তেওঁ সদনত বিভিন্ন প্ৰকাৰৰ প্ৰস্তাৱ যেনে: অবিশ্বাস প্ৰস্তাৱ, স্থগিত প্ৰস্তাৱ, নিন্দা প্ৰস্তাৱ ইত্যাদি উপস্থাপন কৰিবলৈ অনুমতি দিয়ে আৰু নিয়ম অনুসৰি মনোযোগ জাননী জাৰি কৰে। অধ্যক্ষয়ে বৈঠকৰ মূল বিষয় সিদ্ধান্ত গ্ৰহণ কৰে। সদনত সাংসদ সকলে দিয়া সকলো বক্তৃতা আৰু মন্তব্যত তেওঁক সম্বোধন কৰা হয়। লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত তেওঁ অধ্যক্ষতা কৰে। ভাৰতীয় প্ৰধানতাৰ শ্ৰেণীত তেওঁৰ পদবী ষষ্ঠ আৰু ভাৰতৰ মুখ্য ন্যায়াধীশৰ সমপৰ্যায়ৰ। লোকসভাত উত্থাপিত সকলো বিধেয়কত তেওঁ চহী কৰাৰ পিছত ৰাজ্যসভালৈ বিবেচনাৰ বাবে পঠোৱা হয়।
লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থীসমূহৰ নিম্নোক্ত অৰ্হতা সমূহৰ প্ৰয়োজন:
ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৯৪ আৰু ৯৬ অনুসৰি লোকসভাৰ অধ্যক্ষক সদনৰ মুঠ সদস্যৰ সংখ্যাগৰিষ্ঠ ভোটৰ সহায়ত পদৰ পৰা অপসাৰণ কৰিব পাৰি। আনহাতে 'ৰাইজৰ প্ৰতিনিধিত্ব অচিন, ১৯৫১' অনুসৰি অধ্যক্ষ গৰাকী সাংসদ পদৰ পৰা অযোগ্য ঘোষিত হলে অধ্যক্ষ পদৰ পৰায়ো অযোগ্য ঘোষিত হয়।[4] সংবিধানৰ অনুচ্ছেদ ১১০ ৰ অৱমাননা কৰি যদি অধ্যক্ষয়ে কোনো বিধেয়কক ভুলকৈ ধন বিধেয়ক বুলি বিবেচনা কৰে তেন্তে এনে পৰিস্থিতিৰ উদ্ভৱ হয়।[5][6]
সাধাৰণ নিৰ্বাচন আৰু চৰকাৰ গঠনৰ পিছত কেইগৰাকীমান জ্যেষ্ঠ সাংসদৰ নামৰ তালিকা বিধান শাখায়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰীক অৰ্পণ কৰে। তেওঁ সেই তালিকাৰ পৰা এগৰাকী অস্থায়ী অধ্যক্ষ বাছনি কৰি ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে পঠায়।[7] সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত সংসদসভাত অস্থায়ী অধ্যক্ষ গৰাকীয়ে অধ্যক্ষতা কৰে। একেদিনাই নৱনিৰ্বাচিত সাংসদ সকলে অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচন কৰে। লোকসভাৰ অধ্যক্ষৰ অনুপস্থিতিত উপাধ্যক্ষয়ে তেওঁৰ কাম-কাজ চম্ভালে। অধ্যক্ষ আৰু উপাধ্যক্ষ দুয়োৰে অনুপস্থিতিত অধ্যক্ষয়ে বাছনি কৰা ছয় সদস্যৰ কমিটিয়ে জ্যেষ্ঠতাৰ ভিত্তিত অধ্যক্ষৰ দায়িত্ব পালন কৰে।
সংখ্যা | নাম | প্ৰতিকৃতি | কাৰ্যকাল | দল | |||
---|---|---|---|---|---|---|---|
পৰা | লৈ | সময় | লোকসভা[8] | ||||
১ | গণেশ বাসুদেৱ মভালঙ্কৰ
আহমেদাবাদ লোকসভা সমষ্টি |
![]() |
১৫ মে' ১৯৫২ | ২৭ ফেব্ৰুৱাৰী ১৯৫৬ | ৩ বছৰ ২৮৮ দিন | প্ৰথম | ভাৰতীয় জাতীয় কংগ্ৰেছ |
২ | এম. এ. আয়েংগাৰ
চিত্তোৰ লোকসভা সমষ্টি |
৮ মাৰ্চ ১৯৫৬ | ১০ মে' ১৯৫৭ | ১ বছৰ ৬৩ দিন | |||
১১ মে' ১৯৫৭ | ১৬ এপ্ৰিল ১৯৬২ | ৪ বছৰ ৩৪০ দিন | দ্বিতীয় | ||||
৩ | হুকুম সিং
পাতিয়ালা লোকসভা সমষ্টি |
১৭ এপ্ৰিল ১৯৬২ | ১৬ মাৰ্চ ১৯৬৭ | ৪ বছৰ ৩৩৩ দিন | তৃতীয় | ||
৪ | নীলম সঞ্জীৱ ৰেড্ডী
হিন্দুপুৰ লোকসভা সমষ্টি |
![]() |
১৭ মাৰ্চ ১৯৬৭ | ১৯ জুলাই ১৯৬৯ | ২ বছৰ ১২৪ দিন | চতুৰ্থ | |
৫ | গুৰদীপাল সিং ধিলন টাৰ্ন তাৰণ লোকসভা সমষ্টি |
— | ৮ আগষ্ট ১৯৬৯ | ১৯ মাৰ্চ ১৯৭১ | ১ বছৰ ২২১ দিন | ||
২২ মাৰ্চ ১৯৭১ | ১ ডিচেম্বৰ ১৯৭৫ | ৪ বছৰ ২৫৪ দিন | পঞ্চম | ||||
৬ | বলি ৰাম ভগৎ
আৰাহ লোকসভা সমষ্টি |
![]() |
১৫ জানুৱাৰী ১৯৭৬ | ২৫ মাৰ্চ ১৯৭৭ | ১ বছৰ ৬৯ দিন | ||
(৪) | নীলম সঞ্জীৱ ৰেড্ডী
নান্দ্যাল লোকসভা সমষ্টি |
![]() |
২৬ মাৰ্চ ১৯৭৭ | ১৩ জুলাই ১৯৭৭ | ১০৯ দিন | ষষ্ঠ | জনতা পাৰ্টি |
৭ | কে. এছ. হেগেড়ে
দক্ষিণ বেংগালুৰু লোকসভা সমষ্টি |
![]() |
২১ জুলাই ১৯৭৭ | ২১ জানুৱাৰী ১৯৮০ | ২ বছৰ ১৮৪ দিন | ||
৮ | বলৰাম জাখাৰ
ফিৰোজপুৰ লোকসভা সমষ্টি |
![]() |
২২ জানুৱাৰী ১৯৮০ | ২৭ অক্টোবৰ ১৯৮৪ | ৩ বছৰ ৩৫৮ দিন | সপ্তম | ভাৰতীয় জাতীয় কংগ্ৰেছ |
বলৰাম জাখাৰ
চিকৰ লোকসভা সমষ্টি |
১৬ জানুৱাৰী ১৯৮৫ | ১৮ ডিচেম্বৰ ১৯৮৯ | ৪ বছৰ ৩৩৬ দিন | অষ্টম | |||
৯ | ৰবি ৰায়
কেন্দ্ৰপাৰা লোকসভা সমষ্টি |
![]() |
১৯ ডিচেম্বৰ ১৯৮৯ | ৯ জুলাই ১৯৯১ | ১ বছৰ ২০২ দিন | নৱম | জনতা দল |
১০ | শিৱৰাজ পাটিল
লাটোৰ লোকসভা সমষ্টি |
![]() |
১০ জুলাই ১৯৯১ | ২২ মে' ১৯৯৬ | ৪ বছৰ ৩১৭ দিন | দশম | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১১ | পি. এ. চাংমা
টুৰা লোকসভা সমষ্টি |
![]() |
২৩ মে' ১৯৯৬ | ২৩ মাৰ্চ ১৯৯৮ | ১ বছৰ ৩০৪ দিন | একাদশ | |
১২ | জি. এম. চি. বালাযোগী
অমলপুৰম লোকসভা সমষ্টি |
— | ২৪ মাৰ্চ ১৯৯৮ | ১৯ অক্টোবৰ ১৯৯৯ | ১ বছৰ ২০৯ দিন | দ্বাদশ | তেলেগু দেশম পাৰ্টি |
২২ অক্টোবৰ ১৯৯৯ | ৩ মাৰ্চ ২০০২ | ২ বছৰ ১৩২ দিন | ত্ৰয়োদশ | ||||
১৩ | মনোহৰ যোশী
কেন্দ্ৰীয় উত্তৰ মুম্বাই লোকসভা সমষ্টি |
![]() |
১০ মে' ২০০২ | ২ জুন ২০০৪ | ২ বছৰ ২৩ দিন | শিৱ সেনা | |
১৪ | সোমনাথ চেটাৰ্জি
বলপুৰ লোকসভা সমষ্টি |
৪ জুন ২০০৪ | ৩১ মে' ২০০৯ | ৪ বছৰ ৩৬১ দিন | চতুৰ্দশ | ভাৰতীয় মেক্সবাদী কমিউনিষ্ট পাৰ্টি | |
১৫ | মীৰা কুমাৰ
চাচাৰাম লোকসভা সমষ্টি |
![]() |
৪ জুন ২০০৯ | ৪ জুন ২০১৪ | ৫ বছৰ | পঞ্চদশ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১৬ | সুমিত্ৰা মহাজন
ইন্দৰ লোকসভা সমষ্টি |
![]() |
৬ জুন ২০১৪ | ১৬ জুন ২০১৯ | ৫ বছৰ ১০ দিন | ষোড়শ | ভাৰতীয় জনতা পাৰ্টি |
১৭ | ঔম বিৰলা
কোটা লোকসভা সমষ্টি |
![]() |
১৯ জুন ২০১৯ | বৰ্তমানলৈকে | - | সপ্তদশ |