লোটে শ্বেৰিং Lotay Tshering | |
---|---|
བློ་གྲོས་ཚེ་རིང་ | |
২০১৮ চনত শ্বেৰিংTshering in 2018 | |
ভূটানৰ প্ৰধান মন্ত্ৰী | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৭ নৱেম্বৰ ২০১৮ | |
ৰাজশাসক | জিগমি খেছাৰ নামগেয়াল ৱাংচুক |
পূৰ্বসূৰী | শ্বেৰিং টবগেই |
ড্ৰুক ন্যামৰূপ শোগপাৰ অধ্যক্ষ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৪ মে' ২০১৮ | |
সহকাৰী | শ্বেৰাব গ্যাল্টশ্বেন |
পূৰ্বসূৰী | টাণ্ডী দৰ্জী |
ভূটানৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৩১ অক্টোবৰ ২০১৮ | |
পূৰ্বসূৰী | য়েশ্বী জিম্বা |
সমষ্টি | দক্ষিণ থিম্ফু |
সংখ্যা গৰিষ্ঠতা | ৩,৬৬২ |
ব্যক্তিগত তথ্য | |
জন্ম | ১০ মে', ১৯৬৯ (৫৫ বছৰ) |
ৰাজনৈতিক দল | ড্ৰুক ন্যামৰূপ ছগপা |
দাম্পত্যসঙ্গী | উগায়েন ডেমা |
সন্তান | ৩ (দুগৰাকী তুলি লোৱা)[1] |
শিক্ষানুষ্ঠান | ম্যামেনসিং চিকিৎসা মহাবিদ্যালয়[2] বংগবন্ধু শ্বেইখ মুজিব চিকিৎসা বিশ্ববিদ্যালয়[2] কানবেৰা বিশ্ববিদ্যালয় |
স্বাক্ষৰ |
লোটে শ্বেৰিং (ইংৰাজী: Lotay Tshering)[3] , জন্ম ১০ মে' ১৯৬৯) হৈছে ভূটানৰ এগৰাকী ৰাজনীতিবিদ আৰু চিকিৎসক৷ [4] তেখেত ভূটানৰ বৰ্তমান প্ৰধান মন্ত্ৰী ৷ [5][6] ২০১৮ চনৰ ৭ নৱেম্বৰৰ পৰা তেখেতে দায়িত্ব চম্ভালি আছে৷ ২০১৮ চনৰ ১৪ মে'ৰ পৰা তেখেত ড্ৰুক ন্যামৰূপ শোগপাৰ অধ্যক্ষৰ পদো অলংকৃত কৰি আছে৷ [7][8]
১৯৬৯ চনৰ ১০ মে'ত এটা মাৰ্জিত পৰিয়ালত শ্বেৰিঙৰ জন্ম হয়৷ [9][10][1] ভূটানৰ থিম্ফুৰ অন্তৰ্গত মেয়াং গিয়গৰ ডালুখা গাঁৱত তেখেতৰ জন্ম হৈছিল৷ [11]
পুনাখা হাইস্কুলৰ পৰা লোটে শ্বেৰিঙে প্ৰাৰম্ভিক শিক্ষা লাভ কৰে আৰু শ্বেৰুবছি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ [1] পৰৱৰ্তী সময়ত ঢাকা বিশ্ববিদ্যালয়ৰ অধীনস্থ মৈমনসিঙ চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেখেতে স্নাতক ডিগ্ৰী অৰ্জন কৰে আৰু ২০০১ চনত এমবিবিএছ ডিগ্ৰী লাভ কৰে৷ [1][12] বাংলাদেশ, ঢাকাৰ বংগবন্ধু শ্বেইখ মুজিব চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেখেতে পৰৱৰ্তী সময়ত অস্ত্ৰোপচাৰত স্নাতকোত্তৰ অৰ্জন কৰে৷ [2][12] ২০০৭ চনত শ্বেৰিঙে আমেৰিকাৰ উইছকনছিন মেডিকেল কলেজৰ পৰা ইউৰ'লজি অধ্যয়ন কৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা লাভ কৰা ফেলোশ্বিপৰ অধীনত তেখেতে এই অধ্যয়ন গ্ৰহণ কৰিছিল৷ ভূটানলৈ ওভতি আহি তেখেতে ইউৰ'লজিৰ নিদান প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু উক্ত দিশত চিকিৎসা সেৱা আগবঢ়োৱা তেখেতেই ভূটানৰ একমাত্ৰ চিকিৎসক হিচাপে পৰিগণিত হয়৷ ২০১০ চনত ছিংগাপুৰ জেনেৰেল হাস্পতাল আৰু জাপানৰ অকহামা বিশ্ববিদ্যালয়ৰ পৰা এণ্ডিউৰ'ল'জিত তেখেতে ফেলোশ্বিপ লাভ কৰে৷ [13]২০১৪ চনত অষ্ট্ৰেলিয়াৰ কানবেৰা বিশ্ববিদ্যালয়ৰ পৰা লোটে শ্বেৰিঙে এমবিএ ডিগ্ৰী অৰ্জন কৰে৷ [13]
লোটে শ্বেৰিঙে চিকিৎসক উগয়েন ডেমাৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৷ [14] দম্পতীহালৰ দুগৰাকী কন্যা সন্তান আছে ৷ মংগাৰ আঞ্চলিক ৰেফাৰেল চিকিৎসালয়ত থকা কালছোৱাত লোটে শ্বেৰিঙে এজন ল’ৰা আৰু এগৰাকী ছোৱালী তুলি লয়৷ [1] শ্বেৰিঙে জংখা, শ্বামখা, বাংলা আৰু ইংৰাজীকে ধৰি কেইবাটাও ভাষাত কথা ক’ব পাৰে৷
শ্বেৰিঙে থিম্ফুত থকা নেশ্যনেল ৰেফাৰেল হাস্পতালত সাধাৰণ অস্ত্ৰোপচাৰ বিভাগত কনছালটেণ্ট ছাৰ্জন হিচাপে সেৱা আগবঢ়াইছে ৷ ইয়াৰোপৰি মংগাৰ আঞ্চলিক ৰেফাৰেল চিকিৎসালয়তো তেখেতে সেৱা আগবঢ়াইছে ৷ [15] জিগমে দৰ্জী ৱাংশ্বুক ৰাষ্ট্ৰীয় ৰেফাৰেল চিকিৎসালয়ত (JDWNRH) তেখেতে কনছালটেণ্ট ইউৰ’লজিষ্ট হিচাপে ১১ বছৰ কাম কৰিছে৷ [13]
ৰয়েল চিভিল চাৰ্ভিছ কমিছনলৈ প্ৰায় ৬২ লাখ ভূটানী ধন (গুলট্ৰাম, ngultrum) আগবঢ়োৱাৰ পাছত ২০১৩ চনত তেখেতে ৰাজনীতিত যোগদান কৰে৷
২০১৩ চনৰ ভূটানী ৰাষ্ট্ৰীয় বিধানসভা নিৰ্বাচনত শ্বেৰিঙে অংশ লৈছিল যদিও প্ৰাৰম্ভিক ৰাউণ্ডত তেওঁলোকৰ দলটোৱে পৰাজয়বৰণ কৰে৷ [15]
২০১৮ চনৰ ১৪ মে' তাৰিখে শ্বেৰিঙে ১,১৫৫ টা ভোট লাভ কৰি ড্ৰুক ন্যামৰূপ শগপা (DNT) দলৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়৷ তাৰ ঠিক পাঁচ মাহৰ পাছতেই ২০১৮চনৰ ভূটানী তৃতীয় ৰাষ্ট্ৰীয় বিধান সভা নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ [16]
২০১৮ চনৰ বিধানসভা নিৰ্বাচনতে শ্বেৰিঙে দক্ষিণ থিম্ফু সমষ্টিৰ পৰা ডিএনটি দলৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈ ভূটানৰ ৰাষ্ট্ৰীয় বিধানসভালৈ নিৰ্বাচিত হয়৷ ৩,৬৬২ টা ভোট লাভ কৰি তেখেতে ডিপিটি দলৰ প্ৰতিদ্বন্দ্বী কিনলেই শ্বেৰিঙক পৰাভূত কৰে৷ [17] ২০১৮ চনৰ ৰাষ্ট্ৰীয় বিধানসভাৰ নিৰ্বাচনত তেওঁলোকৰ দলে সৰ্বাধিকসংখ্যক ভোট লাভ কৰে আৰু শ্বেৰিঙে প্ৰিমিয়াৰশ্বিপ অৰ্জন কৰে৷ [18] তেখেতৰ দল ড্ৰুক ন্যামৰূপ শগপাও পোনপ্ৰথমবাৰৰ বাবে চৰকাৰৰ গাদীত বহে ৷ [19]
২০১৮ চনৰ ৭ নৱেম্বৰ তাৰিখে লোটে শ্বেৰিঙে পূৰ্বৰ প্ৰধান মন্ত্ৰী শ্বেৰিং টোগবেইক শাসনচ্যুত কৰি গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত হোৱা ভূটানৰ তৃতীয়গৰাকী প্ৰধান মন্ত্ৰীৰ আসনত বহে ৷ [20][21][22]
২০১৮ চনৰ ২৭ ডিচেম্বৰত লোটে শ্বেৰিঙ ভাৰতলৈ তিনিদিনীয়া ভ্ৰমণসূচী লৈ উপস্থিত হয়৷ এয়া আছিল তেখেতৰ প্ৰথমটো বিদেশ ভ্ৰমণ৷ [23][24]
২০১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে লোটে শ্বেৰিঙে চৰকাৰী ভ্ৰমণসূচী লৈ বাংলাদেশ ভ্ৰমণ কৰে ৷ [25] ২০২১ চনৰ ২৪ মাৰ্চত ভূটানৰ মহামান্য ৰজাৰ হৈ তেখেত বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উদযাপন কৰিবলৈ ৰাওনা হয় ৷