শত্ৰুঘ্ন | |
---|---|
সম্পৰ্ক | সুদৰ্শন চক্ৰৰ অৱতাৰ |
পিতৃ-মাতৃ | দশৰথ (পিতৃ) সুমিত্ৰা (মাতৃ) কৌশল্যা (মাহীমাক) কৈকেয়ী (মাহীমাক) |
সহোদৰ | লক্ষ্মণ (যমজ ভ্ৰাতৃ) ৰাম (সতীয়া ভ্ৰাতৃ) ভৰত (সতীয়া ভ্ৰাতৃ) শান্তা (সতীয়া ভগ্নী) |
সন্তান | সুবাহু শত্ৰুঘাতী[1] |
হিন্দু পাঠ্য | ৰামায়ণ আৰু ইয়াৰ বিভিন্ন সংস্কৰণ |
শত্ৰুঘ্ন (সংস্কৃত: शत्रुघ्न) হৈছে ৰামৰ কনিষ্ঠ ভ্ৰাতৃ আৰি দশৰথ তথা সুমিত্ৰাৰ পুত্ৰ। তেওঁ লক্ষ্মণৰ যমজ ভ্ৰাতৃ। শত্ৰুঘ্নক ৰিপুদমন নামেৰেও জনা যায়। বাল্মীকি ৰামায়ণৰ মতে শত্ৰুঘ্ন বিষ্ণুৰ অৱতাৰ ৰামৰেই অংশ। মহাভাৰতৰ বিষ্ণু সহস্ৰনামত শত্ৰুঘ্নৰ স্থান ৪১২।
ৰামায়ণৰ মতে, ৰাম বিষ্ণুৰ সপ্তম অৱতাৰ আৰু লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন হৈছে যথাক্ৰমে শেষনাগ, পাঞ্চজন্য শঙ্খ আৰু সুদৰ্শন চক্ৰৰ অংশ অৱতাৰ।[2]
উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাৰ খুথন খণ্ডৰ নাম তেওঁৰ নামানুসৰি ৰখা হৈছে।
শত্ৰুঘ্নৰ জন্ম হৈছিল অযোধ্যাৰ গুণী ৰজা দশৰথ আৰু তেওঁৰ দ্বিতীয় পত্নী কাশীৰ ৰাজকুমাৰী তথা অযোধ্যাৰ ৰাণী সুমিত্ৰাৰ পৰা। শত্ৰুঘ্নৰ যমজ ভ্ৰাতৃ আছিল লক্ষ্মণ। শত্ৰুঘ্নৰ বিবাহ হৈছিল জনকৰ কনিষ্ঠ ভ্ৰাতৃ কুশধ্বজৰ জীয়ৰী শ্ৰুতকীৰ্তিৰ সৈতে। তেওঁলোকৰ দুই পুত্ৰৰ নাম ক্ৰমে সুবাহু আৰু শত্ৰুঘাতী।
যদিও তেওঁ ৰামায়ণত তুলনামূলকভাৱে কম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, শত্ৰুঘ্নৰ ভূমিকা মহাকাব্যখনৰ মূল কাহিনী আৰু লক্ষ্যৰ বাবে গুৰুত্বপূৰ্ণ আছিল। তেওঁৰ উল্লেখনীয় কাৰ্যৰ ভিতৰত মধুপুৰৰ (মথুৰা) ৰাক্ষস ৰজা তথা ৰাৱণৰ ভতিজাক লৱণাসুৰৰ বধ অন্যতম।[3]
লৱণাসুৰ আছিল ধাৰ্মিক ৰাক্ষসৰাজ মধুৰ পুত্ৰ। তেওঁৰ নামেৰেই মধুপুৰ নগৰৰ নাম দিয়া হৈছিল। মধুৰ পত্নী আৰু লৱণাসুৰৰ মাতৃ কুম্ভিনী আছিল ৰাৱণৰ ভগ্নী। লৱণাসুৰে শিৱৰ ঐশ্বৰিক ত্ৰিশূল ধাৰণ কৰিছিল আৰু সেয়ে তেওঁক কোনেও হত্যা কৰিবলৈ বা পাপপূৰ্ণ কাৰ্যকলাপ কৰাত বাধা দিব পৰা নাছিল।[4]
শত্ৰুঘ্নই ৰাম আৰু তেওঁৰ জ্যেষ্ঠ ভ্ৰাতৃসকলক লৱণাসুৰক হত্যা কৰি তেওঁলোকৰ সেৱা কৰাৰ সুযোগ দিবলৈ অনুৰোধ কৰিছিল। শত্ৰুঘ্নই বিষ্ণুৰ শক্তিসম্পন্ন তীৰেৰে লৱণাসুৰৰ বধ কৰিছিল। লাৱণসুৰৰ মৃত্যুৰ পিছত ৰামে তেওঁক মধুপুৰৰ ৰজা পাতে।[5]
|