শমচুৰ ৰহমান ফাৰুকী | |
---|---|
জন্ম | শমচুৰ ৰহমান ফাৰুকী ৩০ চেপ্টেম্বৰ, ১৯৩৫ প্ৰতাপগড় জিলা, উত্তৰ প্ৰদেশ, ইউনাইটেড প্ৰভিন্স, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৫ ডিচেম্বৰ, ২০২০ (৮৫ বছৰ) এলাহাবাদ, উত্তৰ প্ৰদেশ, ভাৰত |
সমাধিস্থল | অশোক নগৰ, এলাহাবাদ, তেওঁৰ পত্নীৰ কাষত |
পেচা | কবি, সমালোচক |
ভাষা | উৰ্দু |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
মাতৃশিক্ষায়তন | এলাহাবাদ বিশ্ববিদ্যালয় |
উল্লেখযোগ্য বঁটা |
|
শমচুৰ ৰহমান ফাৰুকী (ইংৰাজী: Shamsur Rahman Faruqi; ৩০ ছেপ্টেম্বৰ ১৯৩৫ – ২৫ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় উৰ্দু ভাষাৰ কবি, লেখক, সমালোচক আৰু তাত্ত্বিক আছিল। তেওঁ আধুনিক উৰ্দু সাহিত্যৰ ধ্বজাবাহক। সাহিত্য সমালোচনাৰ ক্ষেত্ৰত তেওঁ নতুন আৰ্হি প্ৰস্তুত কৰিছিল; যি সাহিত্য সমালোচনাৰ পাশ্চাত্য নীতিসমূহ একত্ৰিত কৰিছিল আৰু পৰৱৰ্তী সময়ত আৰবী, পাৰ্চী আৰু উৰ্দুৰ স্থানীয় সাহিত্যিক নান্দনিকতাক সম্বোধন কৰাৰ পিছত সেইবোৰ উৰ্দু সাহিত্যত প্ৰয়োগ কৰিছিল। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল; শ্বেৰ-এ-শৌৰ-অংগেজ (১৯৯৬), ক’ই চান্দ থে চাৰ-এ আছমান (২০০৬), দ্য মিৰ’ৰ অৱ বিউটি (২০১৩), আৰু দ্য চান ডেট ৰ’জ ফ্ৰম দা আৰ্থ (২০১৪)। তেওঁ উৰ্দু সাহিত্য আলোচনী শবখুনৰ সম্পাদক আৰু প্ৰকাশক আছিল।
ফাৰুকীয়ে ২০০৯ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিছিল। তেওঁ ১৯৯৬ চনত শ্বেৰ-এ-শৌৰ এংগেজ শীৰ্ষক গ্ৰন্থখনৰ বাবে ভাৰতীয় সাহিত্য বঁটা সৰস্বতী সন্মান আৰু ১৯৮৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
১৯৩৫ চনৰ ৩০ ছেপ্টেম্বৰত, বৰ্তমান উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত ফাৰুকীৰ জন্ম হৈছিল। তেওঁ ডাঙৰ-দীঘল হৈছিল আজমগড় আৰু গোৰখপুৰত।[1][2][3] তেওঁ আজমগড়ৰ ৱেলেছলী হাইস্কুলত পঢ়া-শুনা কৰিছিল আৰু ১৯৪৯ চনত গোৰখপুৰৰ চৰকাৰী জয়ন্তী উচ্চ বিদ্যালয়ৰ পৰা মেট্ৰিকুলেচন পৰীক্ষাত উৰ্ত্তীণ হৈছিল।[4] ১৯৫১ চনত তেওঁ গোৰখপুৰৰ মিয়া জৰ্জ ইছলামিয়া ইণ্টাৰ কলেজৰপৰা উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰে।[4]
তেওঁ গোৰখপুৰৰ মহাৰাণা প্ৰতাপ মহাবিদ্যালয়ৰপৰা কলা শাখাত স্নাতক ডিগ্ৰী আৰু ১৯৫৫ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[5][3] ফাৰুকীয়ে কবি হৰিবংশ ৰায় বচ্চনৰ তত্ত্বাৱধানত ইংৰাজী প্ৰতীকবাদ আৰু ফৰাচী সাহিত্যত ডক্টৰেট ডিগ্ৰীৰ বাবে গৱেষণা কৰিছিল; কিন্তু কোনো কথাত বচ্চনৰ সৈতে মতবিৰোধ হোৱাত, গৱেষণাৰ কাম বাদ দিছিল।[3]
ফাৰুকীয়ে ১৯৬০ চনৰপৰা লেখা-মেলা আৰম্ভ কৰিছিল।[5] তেওঁ ১৯৬৬ চনত উৰ্দু সাহিত্য আলোচনী শবখুন প্ৰতিষ্ঠা কৰিছিল আৰু চাৰি দশকৰো অধিক সময় ধৰি আলোচনীখনৰ সম্পাদক আৰু প্ৰকাশকৰ দায়িত্বত আছিল।[6][7] তেওঁ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ দক্ষিণ এছিয়া আঞ্চলিক অধ্যয়ন কেন্দ্ৰৰ অতিথি অধ্যাপক আছিল।[8] ভাৰতীয় ডাক বিভাগৰ মুখ্য ডাক বিষয়া ৰূপে অৱসৰ গ্ৰহণ কৰাৰ আগলৈকে ফাৰুকী ভাৰতীয় ডাক সেৱাৰ চাকৰিয়াল ৰূপে নিযুক্ত আছিল আৰু ১৯৯৪ চনলৈকে ডাক সেৱা ব’ৰ্ডৰ সদস্য আছিল।[5]
ফাৰুকী আছিল ধ্ৰুপদী ছন্দ আৰু ইল্ম-এ-বয়ান (কাব্যিক আলোচনা)ৰ এগৰাকী বিশেষজ্ঞ আৰু সমসাময়িক উৰ্দু সমালোচকসকলৰ ক্ষেত্ৰত খুব কম দেখা পোৱা এক পাণ্ডিত্যৰে সৈতে তেওঁ আধুনিক সাহিত্য আলোচনালৈ অৱদান আগবঢ়াইছিল।[5] তেওঁক উৰ্দু সাহিত্যৰ ক্ষেত্ৰত শতিকাটোৰ আটাইতকৈ প্ৰতিষ্ঠিত ব্যক্তি বুলি উল্লেখ কৰা হয়।[9] ফাৰুকীৰ কেইখনমান উল্লেখযোগ্য ৰচনা হৈছে; তফীম-এ-গালিব ( উৰ্দু কবি মিৰ্জা গালিবৰ ওপৰত এক ধাৰাভাষ্য), শ্বেৰ-এ-শৌৰ অংগেজ আৰু চাৰিটা খণ্ডত কৰা অষ্টাদশ শতিকাৰ কবি মীৰ তকী মীৰ আৰু ক’ই চান্দ থাই চাৰ-এ-আছমান বিষয়ক অধ্যয়ন।
ফাৰুকীয়ে তেওঁৰ কেইবাখনো গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰিছিল। তেওঁৰ ২০১৩ চনত প্ৰকাশিত উপন্যাস দ্য মিৰ’ৰ অৱ বিউটি, তেওঁৰ ২০০৬ চনৰ উৰ্দু উপন্যাস ক’ই চান্দ থে চাৰ-এ আছমানৰ ইংৰাজী অনুবাদ আছিল। কিতাপখন উনবিংশ শতিকাৰ শেষৰ ফালৰ ভাৰতীয় উৰ্দু কবি নৱাব মীৰ্জা খান দাগৰ মাতৃ ৱাজিৰ খানমৰ জীৱনভিত্তিক ৰচনা আৰু ইয়াত সেই সময়ৰ দিল্লী চহৰখন উপস্থাপন কৰা হৈছে।[10][11] দক্ষিণ এছিয়াৰ সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰৰ বাবে কিতাপখন তালিকাভুক্ত কৰা হৈছিল।[10] ফাৰুকীৰ ২০১৪ চনৰ উপন্যাস দ্য চান ডেট ৰ’জ ফ্ৰম দ্য আৰ্থত ১৮ আৰু ১৯ শতিকাত, দিল্লী আৰু লক্ষ্ণৌত বিকশিত হোৱা উৰ্দু সাহিত্য আৰু ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ কথা বৰ্ণনা কৰা হৈছে। এই বিষয়ে কোনো সন্দেহ নাই যে, ফাৰুকী এজন ৰুঢ় সমালোচক আছিল; যাক সময়ে সময়ে উৰ্দু সাহিত্যৰ টি এছ এলিয়ট বুলি অভিহিত কৰা হয়।[12]
উৰ্দু সাহিত্যলৈ তেওঁৰ অৱদানৰ উপৰিও, ফাৰুকীক ষোড়শ শতিকাৰ উৰ্দু মৌখিক কাহিনী কোৱাৰ কলা দাস্তানগ’ইৰ পুনৰুজ্জীৱিতকৰণৰ কৃতিত্ব দিয়া হয়।[13][7] উনবিংশ শতিকাত, ভাৰতত দাস্তানগ’ই জনপ্ৰিয়তাৰ শিখৰ চুমিছিল আৰু ১৯২৮ চনত মীৰ বাকৰ আলিৰ মৃত্যুৰ লগে লগে এই কাহিনী কোৱা কলাৰ মৃত্যু ঘটিছিল বুলি কোৱা হয়। ভতিজাক, লেখক তথা পৰিচালক মেহমুদ ফাৰুকীৰ সৈতে লগ লাগি ফাৰুকীয়ে এই কাহিনী কথন বিন্যাসটোৰ আধুনিকীকৰণত সহায় কৰিছিল আৰু একবিংশ শতিকাত ইয়াৰ পুনৰুজ্জীৱিতকৰণৰ নেতৃত্ব দিছিল। [14] ২০০৪ চনত আৰম্ভ কৰি ফাৰুকী আৰু তেওঁৰ গোটে ভাৰত, পাকিস্তান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত দাস্তানগ’ই প্ৰদৰ্শন কৰিছিল।[15][16]
১৯৮৬ চনত ফাৰুকীক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল।[3] ১৯৯৬ চনত, ১৮শ শতিকাৰ কবি মীৰ তকী মীৰ বিষয়ত কৰা চাৰি খণ্ডৰ অধ্যয়নাত্মক সাহিত্য কৃতিৰ বাবে তেওঁলৈ ভাৰতীয় সাহিত্য বঁটা সৰস্বতী সন্মান আগবঢ়োৱা হয়।[5][10] ২০০৯ চনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।[17]
এলাহাবাদত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি থকাৰ সময়ত ফাৰুকীয়ে তেওঁৰ পত্নী জামিলা হাচ্মিক লগ পাইছিল। পিছত জামিলাই দুখন ছোৱালী বিদ্যালয় স্থাপন কৰিছিল আৰু অৰ্থনৈতিকভাৱে দুৰ্বল প্ৰান্তীয় লোকসকলক আগবঢ়াই আনিছিল।[18] তেওঁলোকৰ আফশান আৰু বাৰন ফাৰুকী নামেৰে দুগৰাকী কন্যা সন্তান আছিল, আৰু দুয়োগৰাকীয়ে পিছলৈ শিক্ষাবিদ ৰূপে নাম কৰিছিল।[19] ২০০৭ চনত কঁকালৰ এটি জটিল অস্ত্ৰোপচাৰৰ পাছত জামিলাৰ মৃত্যু হয়।[20] ফাৰুকীৰ সৃষ্টিশীল জীৱনত তেওঁৰ পত্নী জামিলাৰ যথেষ্ট অৰিহণা আছিল আৰু এই কথা ফাৰুকীয়ে নিজেও স্বীকাৰ কৰিছিল।[18]
২০২০ চনৰ ২৫ ডিচেম্বৰত এলাহাবাদত ফাৰুকীৰ মৃত্যু হয়।[7] তেওঁক এলাহাবাদৰ অশোক নগৰ সমাধিক্ষেত্ৰত সমাধিস্থ কৰা হৈছিল।[7]
|