শহাপহু | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Lagomorpha |
পৰিয়াল: | Leporidae |
গণ: | Lepus Linnaeus, 1758 |
Type species | |
Lepus timidus Linnaeus, 1758 | |
Species | |
See text |
শহাপহু এবিধ শান্ত প্ৰকৃতিৰ তৃণভোজী জন্তু। আন পোহনীয়া জন্তুতকৈ ইয়াক দেৰিকৈ পোহা হৈছিল। এতিয়া ঘৰচীয়া আৰু বনৰীয়া দুয়োবিধ শহাই আছে।
পৰ্বঃমেৰুদণ্ডী(Chordata) শ্ৰেণীঃস্তন্যপায়ী(Mammalian) গণ(Order): Lagomorpha পৰিয়াল(Family):Leporidae বৰ্গ(Genus):Oryctologus প্ৰজাতি(Species):cunicuius[1]
সকলো শহাৰ মূৰৰ দুয়ো ফালে দুটা ডাঙৰ চকু থাকে। কাণ দুখন দীঘল হয় আৰু অহৰহ লৰাই থাকে যাৰ সহায়ত ইহঁতে সূক্ষ্ম শব্দও ধৰিব পাৰে। ইহঁতৰ ঘ্ৰাণ শক্তিও তীব্ৰ। আন এন্দুৰ জাতীয় প্ৰাণীৰ দৰে শহাৰ ওপৰৰ ওঁঠটোৰ মাজভাগত ফলা আৰু এযোৰ আগদাঁত দীঘল হৈ আহে। কিন্তু শহাৰ দীঘল আগদাঁত যোৰৰ পিছফালে আৰু এযোৰ অতিৰিক্ত দাঁত থাকে যিটো আন এন্দুৰ জাতীয় প্ৰাণীৰ ক্ষেত্ৰত দেখা নাযায়। শহাৰ নেজডাল কোমল আৰু নোমাল। শৰীৰটো ভিন্নৰঙী হয়।[2]
দেশীয় শহাৰ বৈজ্ঞানিক নাম Lepus nigricollis। ইয়াৰ উপৰিও বিভিন্ন প্ৰজাতিৰ শহা ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত পোৱা যা্য। অসমৰ হাবিত পোৱা শহা হ’ল খাগৰি কটা শহা(hispid hare),বৈজ্ঞানিক নাম –Caprolagus hispidus। দেশীয় শহাই অকলে থাকি ভাল পায় আৰু গছৰ ধোন্দ বা ঘাঁহ-পাতৰ বাহত বাস কৰে। শৰীৰৰ আকাৰ পোহনীয়া শহাতকৈ ডাঙৰ হয়।[3]
দেশীয় শহাবোৰৰ পালন লাভজনক তথা সুবিধাজনক নোহোৱা বাবে বিভিন্ন বিদেশী জাতৰ শহা ভাৰতলৈ আমদানি কৰাৰ পদক্ষেপ লোৱা হৈছিল। তাৰেই অংশ হিচাপে ১৯৭৮ চনত ইংলেণ্ডৰ পৰা New Zealand white rabbit জাতৰ ১০টা মতা আৰু ৫০জনী মাইকী শহা অনা হৈছিল। পুনৰায় ১৯৭৯ চনত ছোভিয়েট ইউনিয়নৰ পৰা Soviet Chinchilla, Grey Jiant আৰু White Jiant Rabbit (প্ৰত্যেকৰে ২৫টা মতা আৰু ১০০জনী মাইকী)অনা হৈছিল। এই আমদানি প্ৰক্ৰিয়া সমাধা কৰা হৈছিল ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত কেন্দ্ৰীয় ভেড়া আৰু ঊণ গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা। পিছত সেই শহা বিলাক প্ৰজনন ঘটাই বংশবৃদ্ধি কৰোৱা হয় আৰু বিভিন্ন গৱেষণা প্ৰতিষ্ঠান, পশুপালন বিভাগ, কৃষি বিশ্ববিদ্যালয়, আৰু কিছুমান ব্যক্তিগত গোটৰ মাজত বিতৰণ কৰা হয় ॥[4]
শহাই সেউজীয়া ঘাঁহ,গছৰ পাত, শাক-পাচলি যেনে গাজৰ,বন্ধাকবি আদি খায়। গড় হিচাপত শহাই দৈনিক ১০০ গ্ৰাম খাদ্য খায়। শহাই এটা বিশেষ পাচন প্ৰক্ৰিয়াৰ যোগেদি খাদ্য হজম কৰে। শহাবোৰে দিনৰ ভাগত শুকান লদা বিষ্ঠা হিচাপে ত্যাগ কৰে। কিন্তু ৰাতিৰ ভাগত বিজলযুক্ত বিষ্ঠা খাদ্যনলীত গঠিত হয়। আৰু শৌচদ্বাৰেৰে ওলাই যায়। কিন্তু সেয়া সিহঁতে নিজৰ মুখেৰে শৌচদ্বাৰৰ পৰা পোনে পোনে ভক্ষণ কৰে। সেই বিজলযুক্ত বিষ্ঠা হৈছে আধা হজম হোৱা খাদ্য। দ্বিতীয়বাৰ খোৱাৰ পিছত সেই খাদ্য সম্পূৰ্ণ ৰূপে হজম হয়। এনেকৈ খাদ্যনলীৰ মাজেৰে দুবাৰ পঠিয়াই খাদ্য হজম কৰাটো শহা আৰু আন এন্দুৰ জাতীয় প্ৰাণীৰ পৰিপাক তন্ত্ৰৰ এটা অপৰিহাৰ্য্য প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত বাধা পালে ইহঁতে দুইৰ পৰা চাৰি সপ্তাহৰ ভিতৰত মৃত্যুমুখত পৰে।[5]
শহাবোৰে ছয়ৰ পৰা সাত মাহৰ ভিতৰত পূৰ্ণতাপ্ৰাপ্ত হয় আৰু সংগমৰ বাবে উপযুক্ত হয়। ইহঁতে বছৰৰ যিকোনো সময়ত পোৱালি দিব পাৰে কাৰণ ইহঁতৰ কোনো নিয়মিত ঋতুচক্ৰ নাই। শহাৰ গৰ্ভধান সময় মাত্ৰ একমাহ(৩০-৩২ দিন )। ই এবাৰত ছয়ৰ পৰা সাতটা পোৱালি দিব পাৰে। পোৱালিবোৰ জন্মৰ বিয়াল্লিছ দিনৰ পিছত মাইকীবোৰ আকৌ সংগমৰ বাবে উপযুক্ত হয়। শহাই বছৰত চাৰিৰ পৰা পাচঁবাৰ পোৱালি দিব পাৰে। ঘৰচীয়া শহাৰ পোৱালিবোৰ জন্মৰ সময়ত ৫০-৬০ গ্ৰাম হয়। পোৱালিবোৰ চকু মুদা অৱস্থাত থাকে আৰু গাত নোম নাথাকে। জন্মৰ এসপ্তাহমানৰ পৰা চকু মেলে আৰু গাত নোম গজিবলৈ লয়। আনহাতে দেশীয় বনৰীয়া শহাবোৰ জন্মতে চকু মেলা অৱস্থাত থাকে আৰু গাত নোম থাকে।[6]
কিছুমান পৰীক্ষাগাৰ বিশেষকৈ ঔষধ কোম্পানীৰ পৰীক্ষাগাৰত ঔষধৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া চাবলৈ শহা ব্যৱহাৰ হয়।
শহাপহুৰ মাংস পুষ্টিকৰ আৰু সহজে হজম হোৱা বিধৰ। শহাপহুৰ মাংসত সাধাৰণতে ব্যৱহাৰ কৰা মাংস যেনে ব্ৰইলাৰ , গাহৰি, ছাগলীৰ মাংসতকৈ বেছি প্ৰ’টিন থাকে। তদুপৰি চৰ্বী আৰু কল’ষ্টেৰলৰ পৰিমাণ কম হোৱা হেতুকে স্বাস্থ্য সচেতন লোকৰ বাবে উপযোগী।
German angora নামৰ জাতটোৰ পৰা উচ্চ মানৰ ঊণসূতা পোৱা যায়।