Shaoli Mitra | |
---|---|
![]() ২০০৪ চনৰ অক্টোবৰ মাহত মিত্ৰ | |
জন্ম | প্ৰায় ১৯৪৮ চন পশ্চিম বংগ, ভাৰত। |
মৃত্যু | (৭৩ বছৰ)[1] কলকাতা, পশ্চিম বংগ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী |
জনা যায় | জুক্তি টাক্কো আৰ গাপ্পো |
পিতৃ-মাতৃ | সোম্ভু মিত্ৰ, তৃপ্তি মিত্ৰ। |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী (২০০৯) বংগা বিভূষণ (২০১২) |
শাওলি মিত্ৰ (ইংৰাজী: Shaoli Mitra) এগৰাকী ভাৰতীয় বঙালী থিয়েটাৰ আৰু চলচ্চিত্ৰ অভিনেত্ৰী, পৰিচালক, নাট্যকাৰ আছিল।[2] ঋত্বিক ঘটকৰ জুক্তি টাক্কো আৰ গাপ্পোত বংগাবালাৰ চৰিত্ৰত অভিনয় কৰিছিল।[3] তেখেত সোম্ভু মিত্ৰ আৰু তৃপ্তি মিত্ৰৰ কন্যা, যিসকল নাট্য ব্যক্তিত্বও আছিল।[4][5]
মিত্ৰই শৈশৱৰ পৰাই পিতৃ-মাতৃ সোম্ভু মিত্ৰ আৰু তৃপ্তি মিত্ৰৰ নিৰ্দেশনাত নাটকৰ লগত জড়িত হৈ আছিল।[6] অমলৰ চৰিত্ৰত অভিনয় কৰিছিল ডকঘৰ নাটকত। পিছলৈ তেওঁ নিজাকৈ নাট্যগোষ্ঠীও গঠন কৰে।[7] ২০১১ চনত তেওঁ ৰবীন্দ্ৰ শৰ্ধোশাতো জন্মবৰ্ষ উদজাপন সমিতিৰ অধ্যক্ষ হয়।[8][9] বহুৰূপী প্ৰডাকচনৰ সৈতে কাম কৰিছিল। তেখেতে নাৰী মুক্তিৰ ওপৰত বহুলভাৱে প্ৰশংসিত নাট নিৰ্মাণৰ পথ প্ৰদৰ্শক "পাঞ্চম বৈদিক" নাট্যগোট প্ৰতিষ্ঠা কৰে।[2]
১৯৭৭ চনৰ জুলাই মাহত বহুৰূপীৰ কলিপ্ৰসাদ ঘোষৰ সৈতে বিবাহপাশত আবদ্ধ হয় মিত্ৰৰ। ২০২২ চনৰ ১৬ জানুৱাৰীত হৃদৰোগত আক্ৰান্ত হৈ দক্ষিণ কলকাতাৰ নিজ গৃহত ৭৩ বছৰ বয়সত মিত্ৰৰ মৃত্যু হয়।[2]