শান্তিবাদ' হৈছে যুদ্ধ, সামৰিকতা, সৈনিক আৰু বাধ্যতামূলক সামৰিক সেৱাকে ধৰি হিংসাৰ বিৰোধিতা বা প্ৰতিৰোধ। শান্তিবাদ শব্দটো ফৰাচী শান্তি প্ৰচাৰক এমিল আৰ্নড দ্বাৰা উদ্ভাৱন কৰা হৈছিল। [1] শান্তিবাদে বিবাদ নিষ্পত্তিৰ উপায় হিচাপে যুদ্ধ আৰু হিংসাত লিপ্ত হোৱা কাৰ্যৰ বিৰোধিতা কৰে। আন্তঃৰাষ্ট্ৰীয় বিবাদ মীমাংসাৰ বাবে কূটনীতিৰ প্ৰয়োগৰ পৰা আৰম্ভ কৰি, যিকোনো পৰিস্থিতিত হিংসা বা শক্তি প্ৰয়োগব সম্পূৰ্ণ বিৰোধিতাকে ধৰি বিভিন্ন মতক সামৰি লয়। শান্তিবাদ নীতি আৰু বাস্তৱবাদৰ ওপৰত ভিত্তি কৰি হ'ব পাৰে। যুদ্ধ, ইচ্ছাকৃত প্ৰাণঘাতক শক্তি প্ৰয়োগ, হিংসা বা আন যিকেনো ধৰণৰ নিপীড়ন নীতিগতভাবে ভুল, এনে বিশ্বাসৰ পৰা নীতিগত শান্তিবাদৰ উদ্ভৱ হয়। বাস্তববাদী শান্তিবাদ এনে ধৰণৰ নিৰ্দিষ্ট নীতিত বিশ্বাসী নহয়। তেওঁলোকৰ মতে বিবাদ মীমাংসাৰ বাবে যুদ্ধতকৈ আন বেছি ফলপ্ৰসূ উপায় আছে, তেওঁলোকে বিবেচনা কৰে যে যুদ্ধৰ পৰা হোৱা লাভতকৈ যুদ্ধত হোৱা ব্যায়ৰ পৰিমাণ বহুত বেছি। যুদ্ধ এৰাই চলিব বিচৰা মানুহক বুজাবলৈ 'কপৌ' বা 'কপৌৰ লেখীয়া' এই শব্দ দুটা আনুষ্ঠানিকভাবে ব্যৱহাৰ কৰা হয়। কপৌ শান্তিপূৰ্ণ প্ৰকৃতিৰ বাবে এনেদৰে উল্লেখ কৰা হয়। কিছুমান মানুহে কয় যে 'কপৌৰ লেখীয়া' লোকসকলে তেওঁলোকৰ নিজৰ স্থিতিক শান্তিবাদ হিচাপে গণ্য নকৰে, কিয়নো কিছুমান পৰিস্থিতিত যুদ্ধক তেওঁলোকে যুক্তিসঙ্গত বুলি মানি লয়। কপৌৰ বিপৰীত চৰিত্ৰ হৈছে'শেন', যি যুদ্ধ পিয়াসী। কিছুমান শান্তিবাদীয়ে যুদ্ধৰ বিৰোধিতা কৰিলেও, মানুহৰ বিৰুদ্ধে কৰা বা সম্পত্তিৰ ধ্বংসৰ বাবে কৰা সকলো ধৰণৰ উৎপীড়ন বা শাৰীৰিক শক্তি প্ৰয়োগৰ বিৰোধিতা নকৰে। উদাহৰণস্বৰূপে, অ-যুদ্ধবাদীসকলে (anti- militarists) সামগ্ৰিকভাবে হিংসাৰ বিৰোধিতা কৰাতকৈ আধুনিক জাতি ৰাষ্ট্ৰসমূহৰ সামৰিক অনুষ্ঠানসমূহৰহে বিৰোধিতা কৰে। আন শান্তিবাদীসকলে অহিংস নীতি সমৰ্থন কৰে, কিয়নো তেওঁলোকে বিশ্বাস কৰে যে একমাত্ৰ অহিংস কাৰ্যহে গ্ৰহণযোগ্য।[2] [3]