ব্যক্তিৰ মন, চৰিত্ৰ বা শাৰীৰিক ক্ষমতালৈ গঠনমূলক অৱদান আগবঢ়োৱা যিকোনো ধৰণৰ কাৰ্য্য বা অভিজ্ঞতাকে বিস্তৃত অৰ্থত শিক্ষা বোলা হয়। এই সংজ্ঞাৰ আধাৰত শিক্ষাৰ মূল বৈশিষ্ট্যসমূহ হৈছে:[1]
এজন শিক্ষিত ব্যক্তি শুদ্ধ বিশ্লেষণ ক্ষমতা, পৰিস্কৃত চিন্তা কৰাৰ ক্ষমতা উপযুক্তভাবে প্ৰয়োগ কৰি স্বনিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয়। সেয়েহে, শিক্ষা হৈছে প্ৰাণীৰ অনুধাৱন সক্ষমতা (cognitive cartography), যি ধাৰকক অভিজ্ঞতা আৰু উৎকৰ্ষ সাধনৰ মাজত সংগলগ্নতা স্থাপন কৰি সমস্যা সমাধানৰ উপযুক্ত পন্থা অৱলম্বনত সহায় কৰে।
সম্যক অৰ্থত জ্ঞান আহৰণ আৰু প্ৰদানৰ প্ৰক্ৰিয়াকো শিক্ষা বোলা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]
"প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্য্যায়লৈকে সচৰাচৰ প্ৰয়োজনীয় বিষয়সমূহৰ উপৰিও বিভিন্ন ধৰণৰ কাৰিকৰী আৰু পেচাগত বিশিষ্ট (ইংৰাজী: পাঠ্যক্ৰম; Curriculum) আৰু ব্যৱস্থাপনাক সামৰি লৈ ক্ৰম অনুসাৰে বিভিন্ন স্তৰত সজ্জিত, সময় নিৰ্ধাৰিত শিক্ষণ প্ৰণালীকে আনুষ্ঠানিক শিক্ষা ব্যৱস্থা বোলা হয়। "[2] এনে শিক্ষা ব্যৱস্থাক তলত দিয়া ধৰণে বিভিন্ন পৰ্যায় বা বিভাগত ভগাব পাৰি। অৱশ্যে এই ভাগবোৰ পানী নসৰকা বিধৰ নহয় আৰু এক প্ৰকাৰ ব্যৱস্থা অন্য এক প্ৰকাৰৰ লগত ওপৰা-উপৰিকৈও প্ৰদান কৰা হ'ব পাৰে।
লক্ষণীয় যে নিম্নোক্ত শ্ৰেণীবিভাজনসমূহ দেশ, স্থান বা পদ্ধতি অনুসাৰে ভিন্ন ভিন্ন হ'ব পাৰে। উদাহৰণস্বৰূপে কোনো কোনো দেশত কেৱল প্ৰাথমিক শিক্ষাক, কোনো দেশত (প্ৰাক-প্ৰাথমিক শিক্ষা + প্ৰাথমিক শিক্ষা)-ক একেলগে, একেখন বিদ্যালয়ৰ পৰা প্ৰদান কৰা হয়। কোনো কোনো ক্ষেত্ৰত মাধ্যমিক শিক্ষা নিম্ন মাধ্যমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আদি শাখাত বিভক্ত কৰা হয়। প্ৰাক-প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি প্ৰথমছোৱা শিক্ষাক (দেশ, স্থান বা পদ্ধতি অনুসাৰে ভিন্ন) কেতিয়াবা বুনিয়াদী শিক্ষা(Elementary education) বোলা হয়। (উচ্চশিক্ষা আৰু তেনে ধৰণৰ বিশেষ শিক্ষা প্ৰক্ৰিয়াৰ বিষয়ে পাছৰ অনুচ্ছেদসমূহত আলোচনা কৰা হৈছে)।[উদ্ধৃতিৰ প্ৰয়োজন]
ভাৰতবৰ্ষত ২০০৯ চনত গৃহীত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইনৰ 21A অনুচ্ছেদ অনুসৰি ৬ৰ পৰা ১৬ বছৰ পৰ্য্যন্ত চৰকাৰী বিদ্যালয়ত শিশুৰ বাবে শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰা হয়। বেচৰকাৰী বিদ্যালয়সমূহেও তেওঁলোকৰ ২৫% শিশুক এই সুবিধা দিয়াতো বাধ্যতামূলক।[3]
শিশুক শিক্ষালাভৰ বাবে প্ৰস্তুত কৰিবলৈ প্ৰাক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা। এই স্তৰত মুখ্যতঃ খেল-ধেমালিৰ জৰিয়তে শিশুক পৰৱৰ্তী স্তৰৰ শিক্ষালাভৰ বাবে প্ৰস্তুত কৰা হয়। সাধাৰণতে এই স্তৰত (আৰু পিছৰ স্তৰতো) মেৰীয়া মণ্টেছৰীয়ে প্ৰৱৰ্তন কৰা মণ্টেছৰী শিক্ষা প্ৰণালীৰ মনস্ততঃ উপযোগ কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]
প্ৰাথমিক শিক্ষা ৫-৭ বছৰ বয়সীয়া শিক্ষাৰ্থীৰ বাবে প্ৰবৰ্তিত। দেশ বা পদ্ধতি অনুসাৰে এই পাঠ্যক্ৰম ৪ ৰ পৰা ৫ বছৰ পৰ্য্যন্ত হ'ব পাৰে। পৃথিৱীত প্ৰায় ৮৯% ছাত্ৰ-ছাত্ৰীয়ে এই পাঠ্যক্ৰমত নামভৰ্তি কৰে আৰু লাহে লাহে এই সংখ্যা বাঢ়ি আহিছে। UNESCO-অৰ Education for All কাৰ্য্যক্ৰমৰ অধীনত বিশ্বৰ প্ৰায় সকলো দেশেই ২০১৫ চনৰ ভিতৰত ১০০% নামভৰ্তিৰ বাবে অংগীকাৰবদ্ধ হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন] পৃথিৱীৰ বহুত দেশত প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু কোনো কোনো দেশত বিনামূলীয়া।
প্ৰাথমিক শিক্ষা শেষ কৰি শিক্ষাৰ্থীয়ে মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। কৈশোৰ অৱস্থাত গ্ৰহণ কৰিব লগীয়া এই শিক্ষাই শিক্ষাৰ্থীক জীৱনত সচৰাচৰ প্ৰয়োজন হ'ব পৰা বিষয়বোৰৰ সম্যক জ্ঞান দিয়া হয়। লগতে এই শিক্ষাৰ দ্বাৰা ইচ্ছুকজনক বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষা, পেচা বা বৃত্তিগত শিক্ষাৰ বাবেও প্ৰস্তুত কৰা হয়। শিক্ষাৰ্থীৰ জীৱনৰ দ্বিতীয় পৰ্যায়ৰ এই শিক্ষাক কোনো কোনো স্থানত মধ্য-মাধ্যমিক, উচ্চ-মাধ্যমিক, আৰু উচ্চতৰ মাধ্যমিক নামৰ তিনিটা স্তৰত ভাগ কৰি পঢ়ুওৱা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]
পৰম্পৰাগত শিক্ষা (Indigenous education) স্থানীয় পৰম্পৰাগত শিক্ষা প্ৰণালীৰ আধাৰত আগবঢ়োৱা হয়। সাধাৰণতে আগৰ ঔপনিবেশিক শাসনৰ অধীনৰ দেশবোৰত নতুন প্ৰজন্মৰ মনলৈ নিজ দেশৰ ঐতিহ্যৰ প্ৰতি জাগৃতি আৰু সন্মান ঘূৰাই আনিবলৈ বিভিন্ন পাঠ্যক্ৰমত এনে শিক্ষাকো অন্তৰ্ভুক্ত কৰা হয়। তদুপৰি ই থলুৱা সপ্ৰদায় সমূহক তেওঁলোকৰ "ভাষা আৰু সংস্কৃতিক পুনৰাৱিস্কাৰ আৰু পুনৰ্মূল্যায়নৰ সুবিধা প্ৰদান কৰে, যাৰ ফলত থলুৱা শিকাৰুৰ শিক্ষাত সহায় হয়"[4]
বৈকল্পিক শিক্ষাই (Alternative education) বহল অৰ্থত প্ৰচলিত শিক্ষা ব্যৱস্থাৰ (যিকোনো বয়স বা পৰ্যায়ৰ) বাহিৰৰ বিভিন্ন ধৰণৰ শিক্ষা ব্যৱস্থা বা পদ্ধতিক বুজাব পাৰে।[উদ্ধৃতিৰ প্ৰয়োজন] ইয়াক কেতিয়াবা অপৰম্পৰাগত শিক্ষা বা শৈক্ষিক বিকল্প ও বোলা হয়। এনে শিক্ষাব্যৱস্থাই কোনো বিশেষ লক্ষ্য (যেনে বাল্য বিবাহ বা শাৰীৰিক ভাৱে অক্ষমসকল আদি) গ্ৰহণ কৰাৰ উপৰিও বিভিন্ন বৈকল্পিক শৈক্ষিক তত্ত্বৰ প্ৰয়োগ আদিৰ ওপৰতো মনোনিৱেশ কৰে।
ওপৰৰ দ্বিতীয় প্ৰকাৰৰ শিক্ষা প্ৰায়েই শৈক্ষিক সংশোধনৰ (educational reform) ফলশ্ৰুতি আৰু প্ৰচলিত বাধ্যতামূলক শিক্ষাব্যৱস্থাৰ লগত নিমিলা শিক্ষাতত্ত্বৰ ওপৰত আধাৰিত হয়। কেতিয়াবা ই ৰাজনৈতিক, গৱেষণামূলক বা দশৰ্ষণমূলকো হ'ব পাৰে বা কেতিয়াবা প্ৰচলিত শিক্ষা ব্যৱস্থাত অসন্তুষ্ট শিক্ষক বা শিকাৰুৰ অসংগঠিত প্ৰয়াসো হ'ব পাৰে। এনে বিকল্পবিলাকৰ ভিতৰত ভেৰোণীয়া বিদ্যালয়সমূহ (charter schools), বৈকল্পিক বিদ্যালয়সমূহ (alternative schools), স্বাধীন বিদ্যালয়সমূহ (independent schools), গৃহশিক্ষা (homeschooling), আৰু স্বচালনা(?) (autodidacticism) আদি উল্লেখযোগ্য। সাধাৰণতে এওঁলোকে সৰু শ্ৰেণী, শিকাৰু আৰু শিক্ষকৰ নিকট সম্পৰ্ক, দলীয় ভাৱনা (sense of community) আদিত গুৰুত্ব আৰোপ কৰে।
বৈকল্পিক শিক্ষাই স্বাধীনচিতীয়া শিক্ষা (independent learning) আৰু শ্ৰেণীকাৰ্যত (class activities) সহায় কৰে বুলিও ভবা হয়[5]।
উচ্চশিক্ষাক কেতিয়াবা তৃতীয় স্তৰৰ (tertiary), third stage, or post secondary education ও বোলা হয় আৰু বাধ্যতামূলক নহয়। ইচ্ছুক উপযুক্ত শিকাৰুৱে মাধ্যমিক বা স্থান ভেদে উচ্চতৰ মাধ্যমিক শিক্ষা শেষ কৰাৰ পাছত উচ্চশিক্ষা গ্ৰহণ কৰিব পাৰে।
এই স্তৰত সাধাৰণতে স্নাতক (graduate/bachelor) আৰু স্নাতকোত্তৰ (মাষ্টাৰ আৰু ডক্টৰেট অৱ ফিল'চফি/চাইন্স) দুটা পৰ্য্যায় থাকে। ইয়াৰ উপৰিও এই শ্ৰেণীত ভকেশ্যনেল শিক্ষা আৰু ট্ৰেইনিঙো সামৰি লোৱা হয়। কোনো কোনো ক্ষেত্ৰত এই শিক্ষানুষ্ঠানবোৰক তৃতীয় স্তৰৰ শিক্ষানুষ্ঠানো বোলা হয়। সাধাৰণতে তৃতীয় পৰ্য্যায় শেষ কৰাৰ পাছত শিকাৰুক শৈক্ষিক প্ৰমাণপত্ৰ (academic certificate), ডিগ্ৰী বা ডিপ্ল'মা আদি প্ৰদান কৰা হয়। . দেশৰ অৰ্থনৈতিক উন্নতিত উচ্চশিক্ষাৰ বিশেষ মহত্ত্ব আছে। ই দেশৰ প্ৰগতি কৰিবলৈ উচ্চ তথা বিশেষ জ্ঞানসম্পন্ন মানৱ সম্পদ সৃষ্টি কৰে।
বিশ্ববিদ্যালয় পৰ্য্যায়ৰ শিক্ষা ব্যৱস্থাত (University systems) সাধাৰণতে শিক্ষা প্ৰদান, গৱেষণা আৰু সমাজসেৱা আদি অন্তৰ্ভুক্ত হয়, আৰু ইয়াত স্নাতকপূৰ্ব, ( বা তৃতীয়স্তৰৰ শিক্ষা) আৰু স্নাতক ( বা স্নাতকোত্তৰ) পৰ্যায়ৰ শিক্ষা দিয়া হয়। একোখন বিশ্ববিদ্যালয় সাধাৰণতে কেইবাখনো মহাবিদ্যালয়েৰে গঠিত। আমেৰিকাত বিশ্ববিদ্যালয়সমূহ, ব্যক্তিগতখণ্ডৰ আৰু স্বতন্ত্ৰৰীয়া (যেনে য়েল বিশ্ববিদ্যালয় (Yale University)) হব পাৰে, ৰাজহুৱা বা চৰকাৰী খণ্ডৰো হব পাৰে ( যেনে পেনিচালভেনিয়া চৰকাৰী উচ্চ শিক্ষা প্ৰণালী(Pennsylvania State System of Higher Education)) বা চৰকাৰী পূঁজিৰে চালিত স্বতন্ত্ৰৰীয়াও (যেনে ভাৰ্জিনিয়া বিশ্ববিদ্যালয়(University of Virginia)) হব পাৰে। ভাৰতত কিছুদিনলৈকে বিশ্ববিদ্যালসমূহ কেৱল চৰকাৰী উদ্যোগত প্ৰতিষ্ঠিত আছিল, কিন্তু সদ্যহতে শিক্ষা ব্যৱস্থাৰ উন্মুক্তকৰণৰ পাছত কিছুমান (বিশেষকৈ বৃত্তিমুখী শিক্ষাৰ) ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ো প্ৰতিষ্ঠা হোৱা দেখা গৈছে।
ব্যৱসায়িক, বৃত্তিমুখী (vocational) আৰু প্ৰযুক্তিবিদ্যাৰ পাঠ্যক্ৰমসমূহৰ বিপৰীতে, শিক্ষাৰ্থীক ‘ব্যাপক সাধাৰণ জ্ঞান প্ৰদান’ আৰু ‘সাধাৰণ বৌদ্ধিক ক্ষমতা’ বিকাশৰ প্ৰয়াস কৰা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পাঠ্যক্ৰম সমূহক উদাৰ কলা (Liberal Arts) প্ৰতিষ্ঠান বুলি জনা যায়[6]। যদিও অধুনা ‘উদাৰ কলা মহাবিদ্যালয়’ নামে জনাজাত এই শিক্ষানুষ্ঠানসমূহ ইউৰোপত আৰম্ভ হৈছিল, বৰ্তমান সময়ত আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহৰ লগতহে এই শব্দটি জড়িত কৰা হয়[7][উদ্ধৃতিৰ প্ৰয়োজন]। এনে কিছুমান উদাহৰণ হ’ল ‘চেণ্ট জ’নচ কলেজ, ৰীড কলেজ (Reed College), কাৰ্লটন কলেজ (Carlton College), স্মিথ কলেজ ইত্যাদি।
সামূহিক মহাবিদ্যালয় এক ধৰণৰ শিক্ষা প্ৰতিষ্ঠান, বিভিন্ন দেশত এই নামেৰ বেলেগ বেলেগ ধৰণৰ শিক্ষানুষ্ঠানক বুজোৱা হয়। অষ্ট্ৰেলিয়াত সামূহিক মহাবিদ্যালয় সমূহে প্ৰাপ্তবয়স্ক শিক্ষা প্ৰদান কৰে, কানাডাত এই শব্দই সাধাৰণ ডিগ্ৰী প্ৰদান কৰা মহাবিদ্যালয় সমূহকে বুজায়। মালয়েছিয়াত সামূহিক মহাবিদ্যায় বিলাকে স্কুল পৰ্যায়ৰ ঠিক পাছতে বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়া প্ৰতিষ্ঠান সমূহক বুজায়, আনহাতে ফিলিপাইনচত দিনৰ প্ৰাথমিক বা মাধ্যমিক শিক্ষানুষ্ঠান বিলাকক ৰাতি সামূহিক মহাবিদ্যালয় হিচাপে চলোৱা হয় আৰু তাত উচ্চশিক্ষা লাভ কৰিবৰ ইচ্ছা থকা লোকসকলক পঢ়িবৰ সুবিধা দিয়া হয়। আমেৰিকাত সামূহিক মহাবিদ্যালয় বিলাকক জুনিঅ’ৰ কলেজ, কাৰিকৰী কলেজ বা চিটি কলেজ বুলি জনা যায়, আৰু এই বিলাকত সাধাৰণতে দুবছৰীয়া নিম্ন স্নাতক বা উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ পাঠদান কৰা হয়। এই মহাবিদ্যালয় বিলাকে চাৰ্টিফিকেট, ডিপ্ল'মা আৰু এচ’চিয়েটচ ডিগ্ৰী প্ৰদান কৰে, কিছুমান এনে মহাবিদ্যালয়ত প্ৰাপ্তবয়স্ক শিক্ষা আৰু অবিচ্ছিন্ন শিক্ষাৰ ব্যৱস্থাও থাকে।
সদ্যহতে জনপ্ৰিয় উঠা উচ্চ শিক্ষাৰ এক পদ্ধতি হ’ল “ইণ্টাৰনেট” মাধ্যমেৰে মুক্ত শিক্ষা (open education)[8]. এই শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থী সকলক কি পঢ়িব, কত পঢ়িব, কেনেকৈ পঢ়িব আৰু কিমান সময়ত সম্পূৰ্ণ কৰিব এই দিশ বিলাকত বিকল্প আৰু নমনীয়তা প্ৰদান কৰে। এই মুক্ত শিক্ষা প্ৰণালী বিলাকত সাধাৰণতে ই-লাৰ্নিং (e-learning)বা ‘ ইণ্টাৰনেট শিক্ষা’ৰ সুবিধা সমূহ উপলব্ধ হয়। যিকোনো সময়তে, যিকোনো স্থানৰ ইচ্চুক শিক্ষাৰ্থী সকলৰ বাবে বহুতো বিশ্ববিদ্যালয় আৰু তেনেধৰণৰ অনুষ্ঠানে “ মুক্ত শিক্ষা সমল “ (open educational resources)কিন্তু প্ৰায় ক্ষেত্ৰতে দেখা যায় এই ‘মুক্ত শিক্ষা’ই, পৰম্পৰাগত উচ্চ শিক্ষাৰ দৰে ‘স্বীকৃত ডিগ্ৰী’ প্ৰদান নকৰে। সমূহ যোগান ধৰে। তথাপিও, আজিকালি মুক্ত শিক্ষা প্ৰণালী বিলাকে শিক্ষাৰ্থীৰ সুবিধাৰ বাবে পৰম্পৰাগত ডিগ্ৰীৰ দৰেই কিছুমান স্বীকৃতি বিকাশ কৰিছে। .[9]
প্ৰাপ্তবয়স্কসকলক প্ৰশিক্ষণ (training) বা বিভিন্ন কুশলতা (skill) প্ৰদান কৰাৰ প্ৰক্ৰিয়াকে প্ৰাপ্তবয়স্ক শিক্ষা বোলে। ইয়াক কেতিয়াবা এণ্ড্ৰাগজী (andragogy) (প্ৰাপ্তবয়স্কক শিকিবলৈ সহায় কৰাৰ কলা/বিজ্ঞান) ও বোলে। বৰ্তমান অনেক দেশত প্ৰাপ্তবয়স্ক শিক্ষা প্ৰচলিত। শ্ৰেণীকোঠাৰ শিক্ষা, নিজে নিজে শিকা আদিৰ পৰা আৰম্ভ কৰি ই-লাৰ্ণিঙলৈকে (e-learning) ই বিভিন্ন ৰূপ ল'ব পাৰে। আজিকালি ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন পেচাগত শিক্ষা যেনে পশু সহায়ক, ৰীয়েল ইষ্টেট লাইচেন্সিং, বুককীপিং আদি বিভিন্ন ক'ৰ্চ উপলব্ধ।
ৱিকিমিডিয়া কমন্সত শিক্ষা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |