![]() | এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
মনোবিজ্ঞানৰ এটা শাখা হৈছে শিক্ষা মনোবিজ্ঞান (ইংৰাজী: Educational psychology)।[1] শিক্ষা আৰু মনোবিজ্ঞান দুয়োটাই আচৰণৰ লগত জড়িত। মনোবিজ্ঞানে মানুহ তথা প্ৰাণীৰ আচৰণ অধ্যয়ন কৰে আৰু শিক্ষাই সেই আচৰণৰ পৰিবৰ্তন, পৰিশোধন আৰু উন্নতি সাধন কৰে। শিক্ষাৰ লক্ষ্য দৰ্শনে নিৰ্ধাৰণ কৰে যদিও এই লক্ষ্যত উপনীত হোৱাত সহায় কৰে মনোবিজ্ঞানেহে। শিক্ষা-ব্যৱস্থাক অধিক বাস্তৱমুখী আৰু কাৰ্যকৰী কৰি তুলিবলৈ শিক্ষাত মনোবিজ্ঞানৰ সূত্ৰ, তথ্য, পদ্ধতি, নীতি আদি প্ৰয়োগ কৰা হয়।[1] শিক্ষা মনোবিজ্ঞানৰ ক্ষেত্ৰই পৰামৰ্শ, শ্ৰেণীকোঠা, জীৱনৰ প্ৰতি খোজতে শিক্ষা পদ্ধতিৰ মূল্যায়নৰ লগত জড়িত শৈক্ষিক ক্ৰীড়া-কলাপৰ উৎকৰ্ষ সাধন কৰিবলৈ প্ৰধানকৈ গুণগত পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। [2]
মনোবৈজ্ঞানিক চিন্তাধাৰাৰ ফলত শিক্ষাৰ বিভিন্ন দিশৰ বিকাশ সাধন সম্ভৱ হৈছে।
মনোবিদ পিটাৰ চেণ্ডিফোৰ্ডে দিয়া শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞা হৈছে "স্কুলৰ বিভিন্ন সমস্যা সমাধানত সাধাৰণ মনোবিজ্ঞানৰ সত্য, তথ্য, সূত্ৰ, তত্ত্ব আদি নীতিসমূহৰ প্ৰয়োগেই হ'ল শিক্ষা মনোবিজ্ঞান। " তেওঁৰ মতে, "ইয়াৰ বিষয়বস্তু হৈছে শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াত মানুহৰ আচৰণ অধ্যয়ন কৰা। সাধাৰণভাৱে ক'বলৈ গ'লে বয়সস্থ লোকসকলতকৈ কম বয়সৰ লোকৰ লগত আৰু বাহিৰৰ বিস্তৃত পৰিৱেশতকৈ বিদ্যালয়ৰ শিকনীয় পৰিৱেশৰ লগতহে ইয়াৰ সম্বন্ধ অধিক। " শিক্ষক-শিক্ষাৰ্থীৰ মাজৰ পাৰস্পৰিক বুজাপৰা আৰু শিক্ষা সম্বন্ধে উদ্ভৱ হ'ব পৰা সমস্যাৰ অধ্যয়নেই শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য।[1]
অতি প্ৰাচীন কালৰে পৰা শিক্ষা আৰু সামাজিক জীৱনৰ বিভিন্ন সমস্যাৱলী সমাধানৰ বাবে মনোবিজ্ঞানৰ প্ৰয়োগৰ প্ৰতি মানুহে দৃষ্টি দি আহিছে। শিক্ষাৰ পদ্ধতি মনোবিজ্ঞানৰ অনুমোদিত তথ্যৰ ওপৰত প্ৰতিষ্ঠিত। অতীজৰে পৰা শিক্ষা ব্যৱস্থাক মনোবিজ্ঞানৰ লগত সম্বন্ধ ৰাখি গঠন কৰিবলৈ চেষ্টা কৰা বিভিন্ন সময়ৰ মনোবিদসকলৰ ভিতৰত এৰিষ্ট'টল, প্লেটো, ডিম'ক্ৰিটাছ, এম.এফ.কুইণ্টিলিনাচ, ছেইণ্ট থমাচ একুইনাচ আদি আছে। এৰিষ্ট'টলে সংগীতক পাঠ্যক্ৰমৰ এক প্ৰধান অংগ হিচাপে অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিছিল এই ভাবি যে সংগীতে মনত আৱেগিক বোজা পাতল কৰে। মানসিক শান্তি লভা আৰু শিক্ষা আহৰণ প্ৰক্ৰিয়া সহজ হৈ উঠা এই পদ্ধতিক তেওঁ বিৰোচন নাম দিছিল। ইউৰোপীয় শিক্ষাবিদ কমেনিয়াচ, ফৰাচী দাৰ্শনিক ৰেনে ডেকাৰ্ট, ৰুচো এইসকলেও শিক্ষাক মনোবিজ্ঞানসন্মত কৰাত গুৰুত্ব দিছিল।[1]
শেহতীয়াভাৱে কুৰি শতিকাৰ পৰা বৃত্তি হিচাপে শিক্ষা মনোবিজ্ঞানৰ ক্ষীপ্ৰ বৃদ্ধি আৰু বিকাশ দেখা যায়।[3] আধুনিক শিক্ষা মনোবিজ্ঞানৰ ভেঁটি প্ৰতিষ্ঠা কৰা ব্যক্তিজন চুইজাৰলেণ্ডৰ স্কুলৰ শিক্ষক পেষ্টালজি। তেখেতক শিক্ষা মনোবিজ্ঞানৰ পিতৃ আখ্যা দিয়া হয়। শিক্ষাৰ্থীৰ প্ৰতি চকু ৰাখি শিক্ষাদান পদ্ধতিৰ সাল-সলনি কৰা পেষ্টালজিয়ে দলগত শিক্ষাদানৰ ওপৰত গুৰুত্ব দিছিল। সেয়ে তেওঁ চিত্ৰাংকন, লিখন, সংগীত, বস্তু গোটোৱা, মানচিত্ৰ অংকন কৰা, আৰ্হি প্ৰস্তুত কৰা, শাৰীৰিক ব্যায়াম, শিক্ষামূলক ভ্ৰমণ আদি দলগত কাৰ্যসমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল।[1]
জাৰ্মানীৰ হাৰ্বাৰ্টে মনোবিজ্ঞানৰ ওপৰত ভিত্তি কৰি প্ৰথম প্ৰণালীবদ্ধ শিক্ষাদানৰ পদ্ধতি,পঞ্চখাপ পদ্ধতি গঢ়ি তুলিছিল। ইয়াৰ পিছতে ফ্ৰেডৰিক ফ্ৰৱেলে কিণ্ডাৰ গাৰ্টেন পদ্ধতি আৰু মাৰীয়া মণ্টেচৰীয়ে মণ্টেচৰী পদ্ধতি উদ্ভাৱন কৰে।[1]
জুৱান ভিভেচ, জোহান পেষ্টলজি, ফ্ৰেডেৰিখ ফৰ্বেল, আৰু জোহান হাৰ্বাৰ্টৰ দৰে শিক্ষাৰ দাৰ্শনিকসকলে ১৮০০ৰ শেষৰফালে মনোবিজ্ঞানৰ আৰম্ভণিৰ বহু শতিকাৰ আগতেই শিক্ষাৰ পদ্ধতিবোৰ পৰীক্ষা, শ্ৰেণীবদ্ধ আৰু বিচাৰ কৰিছিল।
শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ প্ৰধান দিশকেইটা হৈছে-
শিক্ষা মনোবিজ্ঞানৰ বিকাশৰ প্ৰতিটো ক্ষেত্ৰতে এই তিনিটা দিশৰ ওপৰত মনোবিজ্ঞানীসকলে মনোনিবেশ কৰে।[1]
শিক্ষা মনোবিজ্ঞানৰ প্ৰকৃতিসমূহ[1]-
শিক্ষা মনোবিজ্ঞানৰ পৰিসৰত শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি সামাজিক সমস্যাৰ অধ্যয়নলৈকে সকলোখিনি অন্তৰ্ভুক্ত। শিক্ষা প্ৰক্ৰিয়াৰ নীতি,শিকন পদ্ধতি, ব্যক্তিত্বৰ বিকাশ, শিক্ষাৰ্থীৰ নানান সমস্যা[1] আদি সকলো শিক্ষা মনোবিজ্ঞানে অধ্যয়ন কৰে।
শিক্ষাৰ্থী তথা ব্যক্তিৰ প্ৰতিক্ৰিয়া, আচৰণ আদিৰ কাৰণ, উৎস জানিবলৈ চলোৱা অধ্যয়ন আৰু গৱেষণাৰ পদ্ধতিবোৰেই শিক্ষা মনোবিজ্ঞানৰ পদ্ধতি।[1] এই পদ্ধতিসমূহ হৈছে-