শিখণ্ডী | |
---|---|
![]() কৃপা আৰু শিখণ্ডীৰ(সোঁফালে ওপৰলৈ) যুদ্ধ। | |
Information | |
লিঙ্গ | মহিলাৰ পৰা পুৰুষলৈ পৰিৱৰ্তিত[1] |
পৰিয়াল | দ্ৰুপদ (পিতৃ) পৃষতী (মাতৃ) ধৃষ্টদ্যুম্ন (ভাতৃ) দ্ৰৌপদী (ভগ্নী) |
দাম্পত্যসঙ্গী | দশৰণ |
সন্তান | ক্ষত্ৰদেৱ |
শিখণ্ডী (সংস্কৃত: शिखण्डी, Śikhaṇḍī) হিন্দু মহাকাব্য মহাভাৰতৰ এক উভয়লিঙ্গী চৰিত্ৰ। তেওঁ শিখন্দিনী নামৰ মহিলা হিচাপে পাঞ্চালৰ ৰজা দ্ৰুপদৰ ঘৰত জন্ম গ্ৰহণ কৰে, অৱশ্যে পিছলৈ তেওঁ পুৰুষলৈ ৰূপান্তৰিত হয়। তেওঁ দ্ৰৌপদীৰ ভাতৃ।
শিখণ্ডী হৈছে অম্বাৰ পুনৰ্জন্ম। শিখণ্ডীয়ে কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱসকলৰ বাবে যুঁজ দিছিল আৰু ভীষ্মৰ মৃত্যুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। জাভানীজ ৱায়াং পৰম্পৰাত শিখণ্ডীক শ্ৰীকান্দি বুলি জনা যায় আৰু সেই অনুসৰি তেওঁ প্ৰথমে পুৰুষ হিচাপে জন্ম হয়, অৱশ্যে তেওঁ মহিলালৈ পৰিৱৰ্তন হয়। [2][3]
পূৰ্বজন্মত শিখণ্ডী আছিল কাশীৰাজৰ ডাঙৰ জীয়ৰী অম্বা। হস্তিনাপুৰৰ ৰজা বিচিত্ৰবীৰ্যৰ সৈতে বিবাহৰ হেতু ভীষ্মই তেওঁক তেওঁৰ দুই ভগ্নী সহ স্বয়ংবৰ সভাৰ পৰা জয় লাভেৰে লৈ যায়। কিন্তু তেওঁ সুবলৰ ৰজা শাল্বৰে সৈতে প্ৰেমত আবদ্ধ থকা বাবে বিচিত্ৰবীৰ্যয় তেওঁক বিবাহৰ বাবে প্ৰত্যাখ্যান কৰে। শাল্বয়ো পৰাজয়ৰ গ্লানি লৈ তেওঁক পুনৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকে। অম্বাই তেওঁৰ এই দুৰ্দশাৰ বাবে ভীষ্মক দায়ী কৰে আৰু ভীষ্মৰ মৃত্যু কামনাৰে প্ৰতিজ্ঞাবদ্ধ হৈ সাধনা কৰি শিৱৰ বৰ লাভ কৰে আৰু পৰৱৰ্তী জন্ম শিখণ্ডী নামে দ্ৰুপদ ৰজাৰ কন্যা হিচাপে হয়।[4]
মহাভাৰতৰ প্ৰাৰম্ভিক সংস্কৰণত, এগৰাকী মহিলা ৰূপত শিখণ্ডী হৈছে অম্বাৰ পুনৰ্জন্ম। পাঞ্চাল ৰাজ্যত লিংগ বৈষম্যৰ অনুশীলন নহৈছিল, সেয়ে শিখণ্ডীক এগৰাকী যোদ্ধা হ'বলৈ আৰু কুৰুক্ষেত্ৰ যুদ্ধত যুঁজিবলৈ প্ৰশিক্ষণ দিয়া হয়। এই কাহিনীৰ বেছিভাগ সংস্কৰণতে উল্লেখ থকা অনুসৰি, শিখণ্ডী এগৰাকী পুৰুষ যদিও জন্মগত ভাৱে তেওঁ এগৰাকী মহিলা আছিল। পিছলৈ শিখন্দিনীয়ে তেওঁৰ লিংগ সলনি কৰি শিখণ্ডী হৈ পৰে, সেই ৰূপত তেওঁ এগৰাকী নপুংসক। [5]
চি. ৰাজাগোপালাচাৰীৰ মহাভাৰতৰ মতে, শিখন্দিনীয়ে যুৱতী হিচাপে জীৱন ব্যতিত কৰি থকাৰ সময়ত তেওঁ প্ৰাসাদৰ দ্বাৰত সদায় ফুলি থকা নীলা পদুমৰ মালা আৱিষ্কাৰ কৰে আৰু তেওঁ সেই মালা ডিঙিত পৰিধান কৰে। ইয়াকে দেখি দ্ৰুপদ ৰজাই ভীষ্মৰ শত্ৰু হোৱাৰ ভয় অনুমান কৰি শিখন্দিনীক ৰাজ্যৰ পৰা নিৰ্বাসিত কৰে। নিৰ্বাসিতা শিখন্দিনীয়ে অৰণ্যত কৃচ্ছ্ৰসাধনা কৰে আৰু শিখণ্ডী নামৰ পুৰুষলৈ ৰূপান্তৰিত হয়। [6]
কাহিনীটোৰ আন এক সংস্কৰণ অনুসৰি, দ্ৰুপদ ৰজাই তেওঁৰ এজন উত্তৰাধিকাৰী বিচাৰিছিল যদিও তেওঁলোকৰ তেনে কোনো সন্তান নথকাত নিজৰ অস্থিৰ মনটোক সান্তনা দিবলৈকে বুলি অৰণ্যত ঘূৰি ফুৰে আৰু অৰণ্যত শিশু শিখান্দিনীক দেখা পায়। শিশুটিক তেওঁ নিজ কন্যা হিচাপে তুলি লয়, এক স্বৰ্গীয় কণ্ঠই দ্ৰুপদক সেই শিশুটিক পুৰুষ ৰূপত ডাঙৰ-দীঘল কৰিবলৈ কয়। দ্ৰুপদে তেওঁৰ জীয়েকক পুত্ৰ হিচাপে ডাঙৰ-দীঘল কৰিছিল আৰু শিখান্দিনীলৈ দশৰ্ণাৰ এগৰাকী ৰাজকুমাৰীক বিয়া কৰাই, ৰাজকুমাৰীয়ে তেওঁৰ দেউতাক হিৰণ্যবৰ্ণৰ ওচৰত অভিযোগ কৰিছিল যে তেওঁৰ স্বামী প্ৰকৃততে এগৰাকী মহিলা। যেতিয়া ৰজাই লোকসকলক এই সত্যৰ পৰীক্ষা কৰিবলৈ পঠিয়াইছিল, শিখান্দিনীয়ে ভয় খাই অৰণ্যলৈ পলাই যায় আৰু অৰণ্যত এগৰাকী যক্ষক লগ পাই তেওঁৰ সৈতে লিংগ বিনিময় কৰি পুৰুষ ৰূপ লাভকৰে।[7] কাহিনীটোৰ বেছিভাগ সংস্কৰণত উল্লেখ থকা মতে লিংগ পৰিৱৰ্তনৰ ফলতেই শিখণ্ডী এজন নপুংসক হৈ পৰে; অৱশ্যে আন বহুতৰ মতে এই তথ্য সত্য নহয়। [8]
কুৰুক্ষেত্ৰৰ যুদ্ধত শিখণ্ডী পুৰুষ যোদ্ধা হিচাপে পাণ্ডৱ পক্ষৰ হৈ অংশগ্ৰহণ কৰে। ভীষ্মৰ সৈতে যুদ্ধৰ সময়ত ভীষ্মই তেওঁক চিনিপায় নিজ প্ৰতিজ্ঞাৰ হেতু অস্ত্ৰ পৰিত্যাগ কৰে। এই সুযোগতে অৰ্জ্জুনৰ দ্বাৰা তেওঁ শৰাক্ৰান্ত হৈ শৰশয্যাত শুই পৰে আৰু পৰৱৰ্তী সময়ত মৃত্যুবৰণ কৰে। যুদ্ধৰ অষ্টাদশ দিনা অশ্বত্থামাৰ সৈতে যুদ্ধত পৰাজিত হৈ শিখণ্ডীয়ে মৃত্যুবৰণ কৰে।
অৱশেষত যুদ্ধৰ ১৮ তম দিনা অশ্বত্থামাই শিখণ্ডীক হত্যা কৰে। যুদ্ধৰ অন্তিম দিনা অশ্বত্থামা, কৃপাচাৰ্য আৰু ক্ৰিতাবাৰ্মাই পাণ্ডৱ শিবিৰআক্ৰমণ কৰাৰ সময়ত অশ্বত্থামাৰ সৈতে তৰোৱালযুঁজত শিখণ্ডী নিহত হয়। [9]
কোনো কোনো স্থানত কোৱা হৈছে যে, শিখণ্ডীক কুৰুক্ষেত্ৰ যুদ্ধৰ দশম দিনটোত দেখা যায়, য'ত তেওঁ প্ৰতিজ্ঞা পূৰণ তথা ভীষ্মদেৱক নীৰস্ত্ৰ কৰিবলৈ যুদ্ধত পদাৰ্পণ কৰে, তেওঁ যুদ্ধক্ষেত্ৰত যে প্ৰৱেশ কৰিব এই কথা আগতেই গম পোৱাত শকুনিয়ে শিখণ্ডীক বাধা দিবলৈ মায়াস্ত্ৰ সাজু কৰে। শেষত অশ্বত্থামাৰ হাতত নীৰস্ত্ৰ হৈ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। শিখণ্ডীৰ মৃত্যু হোৱা বুলি তেওঁ শকুনি আৰু অশ্বত্থামাই এৰিথৈ যায়। ভীষ্মৰ মৃত্যু নোহোৱালৈকে তেওঁৰ দেহত প্ৰাণ থাকে। বহুতৰ মতে ইয়াৰ পিছতেই তেওঁৰ মৃত্যু হয় কাৰণ পিছৰ পৰ্যায়ত মহাকাব্যত তেওঁৰ কোনো উল্লেখ পোৱা নাযায়।