শিলচৰ | |
---|---|
— চহৰ — | |
Silchar_barak.jpgবৰাক নদীৰ সৈতে শিলচৰ চহৰ | |
ভৌগোলিক স্থানাংক: 24°49′N 92°48′E / 24.82°N 92.8°Eস্থানাংক: 24°49′N 92°48′E / 24.82°N 92.8°E | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | কাছাৰ জিলা |
উচ্চতা | ২২ মিটাৰ (৭২.১৮ ফুট) |
জনসংখ্যা (২০১১) | |
- মুঠ | ২,২৮,৯৮৫ জন |
ভাষা | |
- চৰকাৰী | বঙালী আৰু মেইতেই (মণিপুৰী)[1][2][3] |
- স্থানীয় | ছিলঠীয়া Demonyms = Silcharian |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
PIN | 7880xx |
Telephone code | 91 (0) 3842 |
যানবাহনৰ নম্বৰ | AS-11 |
ৱেবছাইট | www |
শিলচৰ ভাৰতৰ অসম ৰাজ্যৰ কাছাৰ জিলাৰ সদৰ চহৰ আৰু দক্ষিণ অসমৰ এটি প্ৰধান বাণিজ্যকেন্দ্ৰ। মণিপুৰৰ কিছু অংশ আৰু মিজোৰামৰ বাবে এই চহৰৰ অৰ্থনৈতিক গুৰুত্ব অপৰিসীম। শিলচৰত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ব্যৱসায়ীয়ে বসতি স্থাপন কৰিছে।
বৰাক নদীৰ পাৰত অৱস্থিত এই চহৰক উত্তৰ-পূব ভাৰতৰে ভিতৰত শান্তিপূৰ্ণ ঠাই হিচাপে তেতিয়াৰ ভাৰতীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে "শান্তিৰ দ্বীপ" আখ্যা দিছিল। [4] তৎকালীন পূৰ্ববঙ্গৰ চিলেটিসকল এই চহৰৰ অন্যতম প্ৰধান জনগোষ্ঠী। ভাত আৰু মাছ ইয়াৰ লোকসকলৰ প্ৰধান খাদ্য। ইয়াৰ উপৰিও "শুঁটকি" আৰু "চুঙা পিঠা" এই অঞ্চলৰ বিখ্যাত উপাদেয় খাদ্য।
বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।[5][6][7]
শিলচৰ অসমৰ দক্ষিণ সীমাত অৱস্থিত।[8] বৰাক নদীৰ পাৰত অৱস্থিত এই চহৰ চাহ, চাউল আৰু নানাৰকমৰ কৃষিজাত দ্ৰব্যৰ বাবে বিখ্যাত। পঞ্চগ্ৰাম কাগজ কল, চিমেণ্ট কাৰখানা আৰু চাহ-পাত উৎপাদন এই ঠাইৰ প্ৰধান শিল্প। গুৱাহাটীৰ পিছত শিলচৰ অসমৰ দ্বিতীয় বৃহত্তম নগৰ। শিলচৰ ভাৰতৰ অন্যান্য ঠাইৰ সতে ৰেল, স্থলপথ আৰু আকাশপথৰ মাধ্যমেৰে সংযুক্ত। গড় হিচাপত শিলচৰ সমুদ্ৰপৃষ্ঠৰ পৰা ২২ মিটাৰ (৭২ ফুট) উচ্চতাত আছে। [9]
শিলচৰ হৈছে শিলচৰ লোকসভা সমষ্টিৰ অংশ। শিলচৰৰ পৰা সংসদৰ বৰ্তমান সদস্য হৈছে সুস্মিতা দেৱ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰছৰ প্ৰবীণ ৰাজনীতিবিদ সন্তোষ মোহন দেৱৰ কনিষ্ঠ কন্যা। [10]
শিলচৰ চহৰৰ অন্যতম দৰ্শনীয় স্থানসমূহ হ'ল:
|