শিলিখা | |
---|---|
শিলিখা গছ | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Terminalia |
প্ৰজাতি: | T. chebula |
দ্বৈৰাশিক নামকৰণ | |
Terminalia chebula Retz. | |
সমাৰ্থক[1][2] | |
|
শিলিখা গছ (ইংৰাজী: Myrobalan) এবিধ ঔষধি গছ। আয়ুৰ্বেদত উল্লেখ থকা মতে সকলো বেমাৰ হৰণ কৰে বাবেই ইয়াৰ অন্য নাম হৰিতকী। শিলিখা গছৰ ফলহে সাধাৰণতে ব্যৱহাৰ কৰা হয়। পূজা সংস্কাৰ আদি কৰ্মত শিলিখাৰ ফল ব্যৱহাৰ কৰা হয়। ইয়াৰ বৈজ্ঞানিক নাম: Terminalia chebula।[3] শিলিখা ভাৰত, পাকিস্তান আৰু নেপালৰ পৰা পূবে দক্ষিণ-পশ্চিম চীন (য়ুন্নান) আৰু দক্ষিণে শ্ৰীলংকা, মালয়েছিয়া আৰু ভিয়েটনামলৈকে দক্ষিণ এছিয়াৰ স্থানীয় উদ্ভিদ।[3][4]
শিলিখা এবিধ বৃক্ষজাতীয় সপুষ্পক উদ্ভিদ। ই প্ৰায় ৩০ মিটাৰ (৯৮ ফুট) ওখ আৰু ইয়াৰ গা-গছ ১ মিটাৰ (৩ ফুট ৩ ইঞ্চি) পৰ্যন্ত ব্যাসৰ মধ্যমীয়াৰ পৰা ডাঙৰ পৰ্ণপাতী উদ্ভিদ। ফেব্ৰুৱাৰী-মাৰ্চ মাহত ইয়াৰ পাত সৰি নতুন পাত গজে। বাকলি গাঢ় বাদামী ৰঙৰ আৰু প্ৰায়ে বাকলিত দীঘলীয়া ফাট মেলা দেখা যায়। পাতবোৰৰ বিন্যাস পৰ্যায়ক্ৰমে উপবিপৰীত, অণ্ডাকাৰ, ৭–৮ চে.মি. (২.৮–৩.১ ইঞ্চি) দীঘল আৰু ৪.৫–১০ চে.মি. (১.৮–৩.৯ ইঞ্চি) বহল আৰু ১–৩ চে.মি। ইহঁতৰ ফুল বিন্যাস নোমহীন আৰু হালধীয়া ৰঙৰ সৰু সৰু ফুল ফুলে। শিলিখাৰ ফলটো অৰ্ধগোলাকাৰ আৰু দুয়োমূৰ জোঙা আকৃতিৰ। ফলবোৰ ২–৪.৫ চে.মি. (০.৭৯–১.৭৭ ইঞ্চি) দীঘল আৰু ১.২–২.৫ চে.মি. ০.৪৭–০.৯৮ ইঞ্চি) বহল। কেঁচা শিলিখা ৰং সেউজীয়া, পকিলে পাতল হালধীয়াৰ পৰা ক'লা ৰঙৰ, পাঁচটা দীৰ্ঘায়িত শিৰা থাকে। নিস্তেজ বগাৰ পৰা হালধীয়া ফুলবোৰ গোন্ধযুক্ত।[1]
ফলৰ ছালখন বৰ টান হয়। শুকান ফলবোৰ এই ফল বছৰৰ পিছত বছৰ ভালে থাকে ডিচেম্বৰৰ পৰা মে’ মাহলৈকে ফল সংগ্ৰহ কৰা হয়। ফলটোত অতি কঠিন গুটি এটা থাকে। গুটিৰ পৰা পুলি হয়।
শিলিখাৰ ফল তিতা সুগন্ধিযুক্ত। ইয়াত টেনিন, এমিনো এচিড, ফ্ৰুক্ট’জ, ছাক্সিনিক এচিড আৰু বিটা চিট’ষ্টেৰল প্ৰচুৰ পৰিমাণে থাকে।
শিলিখা ভাৰত, শ্ৰীলংকা, ভূটান, নেপাল, বাংলাদেশ, ম্যানমাৰ, কম্বোডিয়া, লাওছ, ভিয়েটনাম, ইণ্ডোনেছিয়া, মালয়েছিয়া, পাকিস্তান আৰু থাইলেণ্ডকে ধৰি সমগ্ৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত পোৱা যায়। চীনত ইয়াৰ স্থানীয় পশ্চিম য়ুন্নান আৰু ফুজিয়ান, গুৱাংডং, গুৱাংচি (নানিং), আৰু টাইৱানত ইয়াৰ খেতি কৰা হয়।[5][6]
ভাৰতত ৰাবি নদীৰ পৰা পূব দিশৰ পৰা পশ্চিম বংগ আৰু অসমলৈকে উপ হিমালয় অঞ্চলত সাগৰপৃষ্ঠৰ পৰা ১৫০০ মিটাৰ (৪৯০০ ফুট) উচ্চতালৈকে শিলিখা গছ দেখা পোৱা যায়। এই গছ উত্তৰ ভাৰত, মধ্য প্ৰদেশ আৰু বংগৰ অৰণ্যত, মাদ্ৰাজ, মহীশূৰ আৰু মহাৰাষ্ট্ৰৰ দক্ষিণ অংশত সাধাৰণ উদ্ভিদ।[7]
সাগৰপৃষ্ঠৰ পৰা ৯০০ মিটাৰ (৩,০০০ ফুট) উচ্চতালৈকে শুষ্ক পাহাৰীয়া ঢাল সমূহত প্ৰচুৰ পৰিমাণে শিলিখা হয়।[8]
শিলিখা ফলবোৰ সৰু আৰু দীঘলীয়া। অৱশ্যে এবিধ গোলাকাৰ নাম ৰোহিনী। শিলিখাৰ এটি জন্ম কথা আছে। এদিন হেনো দেৱৰাজ ইন্দ্ৰই অমৃত পান কৰোঁতে এটি অমৃতৰ টোপাল মৰ্ত্তাত সৰি পৰিল। সেই টোপালৰ অমৃতৰ পৰা শিলিখাৰ জন্ম হয়। শিলিখা সাত প্ৰকাৰৰ আছে। সেইকেইটা হ'ল:
শিলিখাৰ শাস্ত্ৰীয় নাম অভয়া, পখ্যা, অমৃতা অব্যথা, শিবা আদি। শিলিখাৰ মিঠা, কেহা, তিতা, জালা আৰু লৱণ এই ছটা ৰস থাকে। পৰিপাকত ই মিঠা ৰস নি:সৰণ কৰে। খাওঁতে কিন্তু কেঁহা ৰসৰ আস্বাদন অনুভূত হয়। আগতে কোৱা হৈছে যে শিলিখা মহৌষধি অমৃতমূল্য দ্ৰব্য। ই শৰীৰৰ সকলো ৰোগ নিৰাময় কৰি জীৱনীশক্তি বৃদ্ধি কৰে। শিলিখা আহাৰৰ পিচত ব্যৱহাৰ কৰিলে অন্নপানদি কৃত আৰু ত্ৰিদোষৰ পৰা হোৱা সকলো ৰোগ বিনাশ হয়। শিলিখা নিমখৰ লগত খালে কফ নষ্ট কৰে। চেনিৰ লগত শিলিখা খালে পিত্ত নষ্ট হয়; ঘিঁউৰ লগত ব্যৱহাৰ কৰিলে বাতৰ পৰা হোৱা ৰোগ নিৰাময় হয় আৰু গুড়ৰ লগত শিলিখা খালে সৰ্বৰোগ বিনাশ হয়। আয়ুৰ্বেদ শাস্ত্ৰত বিভিন্ন শিলিখাৰ একোটা ভিন্ন ভিন্ন গুণৰ বৰ্ণনা আছে। শিলিখা এলাৰ্জীৰ বাবে অতি উপকাৰী। দাঁতৰ বিষতো শিলিখা অতি উপকাৰী। শিলিখা গুৰি কৰি দাঁতত প্ৰয়োগ কৰিলে ভাল হয় দাঁতৰ বিষ। চুলিৰ ক্ষেত্ৰটো সৌন্দৰ্যবৰ্ধক হৈছে শিলিখা। কৌষ্ঠকাঠিন্যও দূৰ কৰে শিলিখাই।
শিলিখা নিমখৰ লগত খালে কফৰ সমস্যা দূৰ হয়। কাঁহ, প্ৰমেহ, কৃমি, জ্বৰ, পেটফুলা, খজুৱতি, মূত্ৰাঘাত আদিৰ বাবে শিলিখা হৈছে মহৌষধ। আয়ুৰ্বেদ আৰু য়ুনানি চিকিৎসা ব্যৱস্থাত শিলিখাক বহুলভাৱে ব্যৱহাৰ কৰা হয়। শিলিখা, আমলখি আৰু ভোমোৰাৰ সৈতে ত্ৰিফলা প্ৰস্তুত কৰা হয়।[9] পূজা-পাৰ্বনতো শিলিখা ব্যৱহাৰ কৰা হয়।
চামৰাৰ টেনিং আৰু কাপোৰ ৰং কৰাৰ বাবেও শিলিখা ব্যৱহাৰ কৰা হয়।[10]
শিলিখাৰ পৰা কেইবাটাও গ্লাইকোচাইড পৃথক কৰা হৈছে। তাৰে ভিতৰত উল্লেখযোগ্যসমূহ হৈছে ট্ৰাইটাৰ্পিন, আৰ্জুংলুক'চাইড I, আৰ্জুংগেনিন, আৰু চেবুল'চাইড I আৰু II আদি। আন আন উপাদানসমূহৰ ভিতৰত চেবুলিন নামৰ গ্যালিক এচিডৰ সৈতে সংযুক্ত ক্যুমাৰিন, লগতে ইলাজিক এচিড, ২,৪-চেবুলিল-β-D-গ্লুকোপাইৰানোজ, চেবুলিনিক এচিড, গ্যালিক এচিড, ইথাইল গ্যালেট, পুনিকালেজিন, টাৰ্ফ্লেভিন এ, টাৰ্চেবিন, লুটিঅ'লিন, আৰু টেনিক এচিড।[8][11] চেবুলিক এচিড হৈছে পকা ফলৰ পৰা পৃথক কৰা ফেনলিক এচিড যৌগ।[12][13] বাকলিৰ পৰা লুটেইক এচিড পৃথক কৰিব পাৰি।[14]
শিলিখাত টাৰ্ফ্লেভিন বি, এক প্ৰকাৰৰ টেনিনও থাকে, আনহাতে চেবুলিনিক এচিড ফলত পোৱা যায়।[15] শিলিখা ফলৰ নিষ্কাশন এণ্টিবেক্টেৰিয়েল গুণযুক্ত।[16]
ৱিকিমিডিয়া কমন্সত Terminalia chebula সম্পৰ্কীয় মিডিয়া ফাইল আছে। |