শীল বা বৌদ্ধ নৈতিকতা হ'ল বুদ্ধ আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকলে পালন কৰিবলগীয়া নৈতিক নিয়ম। ই অষ্টাংগিক আৰ্য মাৰ্গৰ তিনি ভাগৰ এভাগ। আন দুটি ভাগ হ'ল প্ৰজ্ঞা আৰু সমাধি। শীল এক আচৰণ বিধি য'ত সমন্বয় আৰু আত্মসংযমত গুৰুত্ব প্ৰদান কৰা হয়। ইয়াৰ প্ৰেৰণা অহিংসা বা হিংসাৰ পৰা মুক্তি। ইয়াৰ ব্যাখ্যা গুণ,[1] নৈতিক অনুশীলন[2] বা উপদেশ হিচাপে পোৱা যায়।
শীল এটি আন্তৰিক, বিদিত আৰু ইচ্ছাকৃত নৈতিক ব্যৱহাৰ, মুক্তিৰ পথত নিজৰ অংগীকাৰৰ ওপৰত নিৰ্ভৰ কৰি। ই নিজত আৰু নিজৰ সম্বন্ধত থকা নৈতিক কম্পাছ, পশ্চিমীয়া "নৈতিকতা"ৰ ধাৰণাৰ বিপৰীতে, যি এক বাহ্যিক বাধ্যতা।
শীল বৌদ্ধ ধৰ্ম আৰু ধৰ্মনিৰপেক্ষ বিপশ্যনা আন্দোলনৰ তিনি মৌলিক কৰ্মৰ অন্যতম: যি হ'ল শীল, সমাধি আৰু পণ্ণা, আৰু থেৰবাদত শীল, দান আৰু ভাৱনা। ই দ্বিতীয় পাৰমিতাও হয়।[3] শীল তালৈ সম্পূৰ্ণ হৃদয়েৰে দায়বদ্ধতা যি হিতকৰ। শীলৰ প্ৰশিক্ষণত দুটি বস্তু গুৰুত্বপূৰ্ণ: চৰিত্ত (সঠিক প্ৰদৰ্শন) আৰু বৰিত্ত (সঠিক পৰিহাৰ)। শীলৰ উপদেশক সন্মান জনোৱাক আনলৈ এটি "মহান উপহাৰ" বা "মহাদান" গণ্য কৰা হয়, কাৰণ ই বিশ্বাস, সন্মান আৰু সুৰক্ষাৰ বাতাৱৰণ সৃষ্টি কৰে। ইয়াৰ অৰ্থ হ'ল যে শীলেৰে চলা ব্যক্তিয়ে আনৰ জীৱন, সম্পত্তি, পৰিয়াল, অধিকাৰ আৰু সুস্থতালৈ কোনো ভাবুকি নকঢ়িয়ায়।[4]
নৈতিক আদেশ বৌদ্ধ শাস্ত্ৰত অন্তৰ্ভুক্ত আৰু ই পৰম্পৰাগতভাৱে চলি আহিছে। সেয়ে বৌদ্ধ ধৰ্মৰ গৱেষকসকলে বৌদ্ধ শাস্ত্ৰৰ অধ্যয়ন কৰি, আৰু পৰম্পৰাগত বৌদ্ধ সমাজৰ নৃতাত্ত্বিক সাক্ষ্য ব্যৱহাৰ কৰি বৌদ্ধ নৈতিকতাৰ জ্ঞান লাভ আৰু তাৰ পুষ্টি কৰে।[5]