শীলা দীক্ষিত | |
---|---|
![]() | |
দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভানেত্ৰী | |
কাৰ্যকাল জানুৱাৰী ১০, ২০১৯ – ২০ জুলাই ২০১৯ | |
ৰাষ্ট্ৰীয় সভাপতি | ৰাহুল গান্ধী |
পূৰ্বসূৰী | অজয় মাকেন |
কেৰালাৰ ৰাজ্যপাল | |
কাৰ্যকাল মাৰ্চ ১১, ২০১৪ – আগষ্ট ২৫, ২০১৪ | |
পূৰ্বসূৰী | নিখিল কুমাৰ |
উত্তৰসূৰী | পি. শতশিৱম[1] |
দিল্লীৰ ৬ষ্ঠ মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ডিচেম্বৰ ৩, ১৯৯৮ – ডিচেম্বৰ ২৮, ২০১৩ | |
পূৰ্বসূৰী | সুষমা স্বৰাজ |
উত্তৰসূৰী | অৰবিন্দ কেজৰিৱাল |
দিল্লী বিধানসভাৰ বিধায়িকা গ’ল মাৰ্কেট (১৯৯৮–২০০৮) | |
কাৰ্যকাল ডিচেম্বৰ ৩, ১৯৯৮ – ডিচেম্বৰ ৩, ২০০৮ | |
পূৰ্বসূৰী | কিৰ্তি আজাদ |
উত্তৰসূৰী | সমষ্টি পৰিসীমিত |
দিল্লী বিধানসভাৰ বিধায়িকা নতুন দিল্লী (২০০৮-২০১৩) | |
কাৰ্যকাল ডিচেম্বৰ ৪, ২০০৮ – ডিচেম্বৰ ২৮, ২০১৩ | |
পূৰ্বসূৰী | সমষ্টি সৃষ্টি |
উত্তৰসূৰী | অৰবিন্দ কেজৰিৱাল |
লোকসভাৰ সাংসদ কনৌজ | |
কাৰ্যকাল ১৯৮৪ – ১৯৮৯ | |
পূৰ্বসূৰী | ছত্তী সিং যাদৱ |
উত্তৰসূৰী | ছত্তী সিং যাদৱ |
ভাৰতৰ প্ৰতিনিধি ৰাষ্ট্ৰসংঘৰ নাৰী মৰ্য্যদা আয়োগ | |
কাৰ্যকাল ১৯৮৪ – ১৯৮৯ | |
প্ৰধানমন্ত্ৰী | ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী |
সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী | |
কাৰ্যকাল ১৯৮৪ – ১৯৮৯ | |
প্ৰধানমন্ত্ৰী | ৰাজীৱ গান্ধী |
ব্যক্তিগত তথ্য | |
জন্ম | ৩১ মাৰ্চ, ১৯৩৮ (৮৬ বছৰ) কাপুৰথালা, পঞ্জাব, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২০ জুলাই, ২০১৯ (৮১ বছৰ) নতুন দিল্লী, ভাৰত |
ৰাজনৈতিক দল | ![]() |
দাম্পত্যসঙ্গী | বিনোদ দিক্ষিত |
সন্তান | সন্দীপ দিক্ষিত লতিকা দিক্ষিত চৈয়দ |
শিক্ষানুষ্ঠান | মিৰাণ্ডা হাউছ, দিল্লী বিশ্ববিদ্যালয় |
শীলা দীক্ষিত (৩১ মাৰ্চ ১৯৩৮ – ২০ জুলাই ২০১৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু আটাইতকৈ দীঘলীয়া সময় কাৰ্যনিবাহ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী। তেওঁ ১৯৯৮ৰ পৰা ২০১৩লৈ সেই পদত অধিষ্ঠিত আছিল। শীলা দীক্ষিতৰ নেতৃত্বত কংগ্ৰেছ দলে তিনিবাৰকৈ ধাৰাবাহিক বিজয় লাভ কৰিছিল। ২০১৩ চনত দিল্লী বিধানসভা নিৰ্বাচনত তেখেতে আম আদমি পাৰ্টিৰ হাতত পৰাজিত হয়।
তাৰপিছত তেওঁ ২০১৪ চনৰ ১৩ মাৰ্চৰ পৰা কেৰালাৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ হাতত লয়।[2] অৱশ্যে তেখেতে ২০১৪ চনৰ ২৫ আগষ্টত সেই পদৰ পৰা পদত্যাগ কৰে। তেওঁক ২০১৭ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছিল যদিও তেওঁ নিজৰ নাম প্ৰত্যাহাৰ কৰে। ২০১৯ চনৰ ১০ জানুৱাৰীৰ দিনা তেওঁক দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিয়োগ কৰা হয়।[3]
১৯৩৮ চনৰ ৩১ মাৰ্চত পঞ্জাবৰ কাপুৰথালাত এটা পঞ্জাবী ক্ষেত্ৰী পৰিয়ালত শীলা কাপুৰৰ জন্ম হৈছিল।[4] তেওঁ নতুন দিল্লীৰ কনভেণ্ট অব জেচাচ এণ্ড মেৰী স্কুলত অধ্যয়ন কৰিছিল। তাৰপিছত দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউছৰ পৰা বুৰঞ্জীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[5]
১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈ তেওঁ উত্তৰ প্ৰদেশৰ কনৌজ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। এগৰাকী সাংসদ হিচাপে তেওঁ লোকসভাৰ এষ্টিমেট কমিটিত কাম কৰিছিল। ভাৰতৰ স্বাধীনতাৰ চল্লিছ বছৰ আৰু জৱাহৰলাল নেহৰুৰ এশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে গঠন কৰা কাৰ্যকৰী কমিটিত শীলা দিক্ষিতে সভাপতিত্ব কৰিছিল। তেওঁ ৰাষ্ট্ৰসংঘৰ নাৰী মৰ্য্যদা আয়োগত ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈ মুঠতে পাঁচ বছৰ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈ কেন্দ্ৰীয় মন্ত্ৰী আছিল, প্ৰথমে সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰু পিছত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী হৈছিল। মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে আন্দোলন কৰা বাবে ১৯৯০ চনৰ আগষ্ট মাহত তেওঁ নিজৰ বিৰাশীজন সহকৰ্মীৰ সৈতে ২৩ দিন কাৰাবাস খাটিবলগীয়া হৈছিল।
১৯৯৮ চনৰ সংসদীয় নিৰ্বাচনত দীক্ষিতে পূব দিল্লী সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ লাল বিহাৰী তিৱাৰীৰ হাতত পৰাজিত হব লগীয়া হয় যদিও সেইবছৰেই দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ হাতত লয়। তেওঁ ১৯৯৮ আৰু ২০০৩ চনত গ’ল মাৰ্কেট সমষ্টি আৰু ২০০৮ চনত নতুন দিল্লী সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।
২০০৯ চনত বিজেপি কৰ্মী সুনীতা ভৰদ্বাজৰ আবেদন মৰ্মে দিল্লীৰ লোকায়ুক্তই দীক্ষিতৰ বিৰুদ্ধে এটা অভিযোগৰ অনুসন্ধান আৰম্ভ কৰে। দিক্ষিতে ৰাজীৱ ৰতন আৱাস যোজনাৰ অধীনত জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় নগৰ নৱনিৰ্মাণ অভিযানৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা চাৰে তিনি কোটি টকা ৰাজনৈতিক বিজ্ঞাপন দিবলৈ অপব্যৱহাৰ কৰা বুলি সেই অভিযোগটোত কোৱা হৈছিল।[6] অৱশ্যে লোকায়ুক্তই পিছলৈ সেই অভিযোগ খাৰিজ কৰিছিল।[6][7] চৰকাৰৰ কাৰ্যকলাপ সেই আইনখনৰ আঁওতালৈ আনিব নোৱাৰি যদিও আইনখনৰ ২(বি) অনুচ্ছেদ অনুসৰি ৰাজহুৱা কৰ্মীৰ কাৰ্যাৱলীত চকু ৰাখিব পাৰি। সেই অভিযোগৰ ভিত্তিত তেখেতক জনতাৰ প্ৰতিনিধি আইনৰ আওঁতালৈ অনা হয়।[6] গোচৰটোৰ চূড়ান্ত শুনানি এতিয়াও চলি আছে। দিক্ষিতে লোকায়ুক্তক উভতি ধৰি কৈছিল যে লোকায়ুক্ত অনিয়মৰ বিচাৰ কৰিবলৈ একমাত্ৰ বিচাৰপীঠ নহয় আৰু তেওঁলোকে গভীৰ দুৰ্নীতিৰ গোচৰসমূহৰ মাজত নিজক সীমাবদ্ধ ৰখা উচিত।[7]
২০০৯ৰ নবেম্বৰত হত্যাৰ অপৰাধত কাৰাদণ্ড লাভ কৰা মনু শৰ্মা নামৰ এজন হাই-প্ৰোফাইল ব্যক্তিক ক্ষমাদান কৰি দীক্ষিত সমালোচিত হৈছিল। জেচিকা লালৰ হত্যাকাণ্ডত জড়িত এই ব্যক্তিজনে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল। দীক্ষিতে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ খাৰিজ কৈছিল যে ক্ষমাদানৰ পত্ৰত চহী কৰি তেওঁ একো অনিয়ম বা আইনবিৰোধী কাম নাই।[8]
দীক্ষিতৰ নাম ২০১০ চনৰ কমনৱেলথ গেমছ দুৰ্নীতিৰ সৈতে সাঙোৰ খাই পৰিছিল। কেগৰ ৰিপৰ্টত ষ্ট্ৰীট লাইট আমদানিৰ ক্ষেত্ৰত খেলিমেলি ধৰা পৰিছিল। দিল্লীৰ মুখ্য সচিব পি.কে. ত্ৰিপাঠীয়ে প্ৰকাশ কৰিছিল যে মুখ্যমন্ত্ৰী শীলা দিক্ষিতে ষ্ট্ৰীট লাইটৰ ঠিকা দিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় ভূমিকা গ্ৰহণ কৰা নাছিল।[9]
২০০৮ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজ্ঞাপনৰ নামত চৰকাৰী ধন অবাবত খৰচ কৰা বুলি ২০১৩ চনৰ আগষ্ট মাহত আদালতে শীলা দীক্ষিতৰ ওপৰত এজাহাৰ দিবলৈ নিৰ্দেশ দিয়ে।[10] কিন্তু পিছলৈ সেই বিষয়ত কোনো অভিযোগ অনা নহ’ল।[11] ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱালৰ হাতত ২৫,৬৮৪টা ভোটৰ ব্যৱধানত পৰাজিত হয়।[12][13]
শীলা দীক্ষিত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া বিনোদ দীক্ষিতৰ সৈতে বিয়া হৈছিল।[14] তেওঁলোকৰ সন্দীপ দীক্ষিত নামৰ এজন পুত্ৰ আৰু লতিকা চৈয়দ নামৰ এগৰাকী কন্যা আছে। সন্দীপ দিক্ষিত পূব দিল্লী সমষ্টিৰ পৰা পঞ্চদশ লোকসভালৈ নিৰ্বাচিত হৈছিল।[15] শীলা দীক্ষিতৰ স্বামী বিনোদ দীক্ষিতৰ হৃদপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।
২০১৯ চনৰ ১৯ জুলাই তাৰিখে তেওঁক কৰ্ডিয়েক এৰিথমিয়াৰ বাবে দিল্লীৰ ইছকৰ্টছ হাৰ্ট ইনষ্টিটিউটত ভৰ্তি কৰোৱা হৈছিল। ২০১৯ চনৰ ২০ জুলাই তাৰিখে বিয়লি ৩ বাজি ৫৫ মিনিটত ৮১ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[16][17][18]