শেন (Shaheen Falcon) | |
---|---|
![]() | |
সংৰক্ষণ স্থিতি | |
Vulnerable[1]
| |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Falconiformes |
পৰিয়াল: | Falconidae |
গণ: | Falco |
প্ৰজাতি: | F. peregrinus |
উপপ্ৰজাতি: | F. p. peregrinator |
ত্ৰিপদ নাম | |
Falco peregrinus peregrinator Sundevall, 1837 | |
সমাৰ্থক | |
|
শেন[2] (ইংৰাজী: Shaheen Falcon,বৈজ্ঞানিক নাম-Falco peregrinus peregrinator)[3] ভাৰত উপ-মহাদেশ তথা শ্ৰীলংকাত দেখা পোৱা এটা মাংসভোজী চৰাইৰ প্ৰজাতি৷[4]
শেন চৰাইৰ বিষয়ে পোনপ্ৰথমে বৰ্ণনা কৰিছিল ১৮৩৭ চনত কাৰ্ল জেকব সুন্দাভল (Karl Jakob Sundevall) এ৷ [5] ইয়াক মাজে সময়ে Falco atriceps বা Falco shaheen বুলিও উল্লেখ কৰা দেখা যায়৷
শেন চৰাই এবিধ মজলীয়া আকাৰৰ আৰু শক্তিশালী মাংসভোজী চৰাইৰ প্ৰজাতি৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ৩৮০-৪৪০ মি:মি: হয়৷[1] মতা শেনৰ আকাৰ প্ৰায় পাতিকাউৰীৰ সমান আৰু মাইকীজনীৰ আকাৰ তাতোকৈ কিছু ডাঙৰ হোৱা দেখা যায়৷[3] ইয়াৰ দেহৰ পিঠি অংশ ক'লা আৰু তলৰ অংশ মাখন বৰণীয়া তথা ডিঙি বগা হোৱা দেখা যায়৷ ইয়াৰ ক'লা মুখ খন বগা ডিঙিৰ পৰা স্পষ্টকৈ পৃথক হে থাকে৷ [1] মতা আৰু মাইকী শেনৰ বাহ্যিক গঠন প্ৰায় একে হয়৷ [3]
শেন চৰাই প্ৰধানত: দক্ষিণ আফ্ৰিকাৰ পাকিস্তান, ভাৰত, বাংলাদেশ, শ্ৰীলংকা আৰু দক্ষিণ-পূব চীনত বিস্তৃত হৈ আছে৷ ভাৰত ত ইয়াক উত্তৰ প্ৰদেশৰ বাহিৰে বাকী আটাইকেইখন ৰাজ্যতে দেখা পোৱা যায়৷ তাৰোপৰি আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জতো এই চৰাইবিধ দেখা যায়৷[6]
শ্ৰীলংকাতো শেন এবিধ স্থানীয় চৰাই৷[1]৷ এই অঞ্চলত শেন প্ৰধানকৈ পাহাৰীয়া ঠাইসমূহত দেখিবলৈ পোৱা যায়৷ [3] পাহাৰৰ শীৰ্ষত থকা শিলাময় টিঙত ইহঁতে বাহ সাজে আৰু উৰন্ত অৱস্থাতে চৰাই চিকাৰ কৰে৷[7]
শেন চৰায়ে সাধাৰণতে অকলশৰে বা যোৰ পাতি পাহাৰৰ ওখ শিলাময় টিঙত বাস কৰে৷ ইহঁতে জীৱনৰ বাবে যোৰ পতা দেখা যায়৷ [3] মতা আৰু মাইকী শেন চৰাইৰ দেহৰ আকাৰৰ পাৰ্থক্যৰ বাবে যোৰপাতি বাস কৰা শেনেও বেলেগ বেলেগ চিকাৰ ধৰা দেখা যায়৷ বতাহত উৰন্ত অৱস্থাতে চিকাৰ কৰিবলৈ ইহঁত বিশেষভাৱে অভিযোজিত৷[8]
শেন চৰায়ে প্ৰধানত: সৰু আৰু মজলীয়া আকাৰৰ চৰাই যেনে পাৰ, ভাটো আদি চিকাৰ কৰি খায়৷ [3] ইহঁত শক্তিশালী আৰু খৰ হোৱাৰ হেতুকে বহু উচ্চতাৰ পৰা তললৈ উৰি আহি চিকাৰ ধৰিব পাৰে৷
শেন চৰায়ে ডিচেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত প্ৰজনন কৰে৷ ই শিলাময় পাহাৰৰ সুৰুঙাত বাহ সাজে৷ [3] এবাৰত ই ৩-৪ টাকৈ কণী পাৰে৷ ৪৮ দিনৰ পিছত পোৱালিৰ পাখি গজে৷ [6] ভাৰতত শেন চৰায়ে মানুহে সজা বিভিন্ন ঠাই যেনে অট্টালিকা বা ম'বাইল টাৱাৰ আদিতো বাহ সজাৰ তথ্য পোৱা যায়৷ [6]
শ্ৰীলংকাত শেন চৰাইক সংকটাপন্ন (Vulnerable) প্ৰজাতি বুলি স্বীকৃতি দিয়া হৈছে৷ [1] ১৯৯৬ চনত ইয়াৰ জনসংখ্যা ৪০ যোৰ প্ৰজননকাৰী শেন বুলি তথ্য পোৱা গৈছিল৷ [9]