শোৱালী ফুল | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বিভাগ: | Magnoliophyta |
শ্ৰেণী: | Magnoliopsida |
বৰ্গ: | Lamiales |
পৰিয়াল: | Oleaceae |
গণ: | Nyctanthes |
প্ৰজাতি: | N. arbor-tristis |
বৈজ্ঞানিক নাম | |
Nyctanthes arbor-tristis লিনিয়াচ |
শেৱালি ফুল (বৈজ্ঞানিক নাম: Nyctanthes arbor-tristis) হ’ল নিক্টান্থেস (Nyctanthes) ৰ অন্তৰ্গত এবিধ ফুল। ইয়াক দক্ষিণ এচিয়াৰ দক্ষিণ-পূৰ্ব থাইলেণ্ডৰ পৰা পশ্চিমে বাংলাদেশ, ভাৰত, উত্তৰে নেপাল, আৰু পূৱে পাকিস্তান পৰ্যন্ত দেখা পোৱা যায়। এই ফুল পশ্চিমবঙ্গৰ আৰু থাইলেণ্ডৰ কাঞ্চনাবুৰি প্ৰদেশৰ ৰাষ্ট্ৰীয় ফুল। শেৱালি ফুলৰ গা-গছজোপা নৰম ধূসৰ ছাল বা বাকলি বিশিষ্ট আৰু এই গছ ১০ মিটাৰ পৰ্যন্ত দীঘল হব পাৰে। গছডালৰ পাতসমূহ ৬-৭ চেণ্টিমিটাৰ দীঘল। ইয়াৰ ফল চেপেটা আৰু বাদামী হৃদপিণ্ড আকৃতিৰ। ফলৰ ব্যাস প্ৰায় ২ চেণ্টিমিটাৰ আৰু এটি দুই ভাগত বিভক্ত। প্ৰতিটো ভাগত এটাকে বীজ থাকে। [1] এই ফুল শৰৎকালত ফুলা দেখা যায়। ফুলসমূহ ৰাতি ফুলি ৰাতিপুৱা গছৰপৰা সৰি পৰে।
বৈজ্ঞানিক নাম: Nyctanthes arbor-tristis সাধাৰণ নাম: শেৱালি ফুল
লেটিন Nyctanthes-ৰ অৰ্থ হ’ল “সন্ধিয়া ফুলা” আৰু arbor-tristis-ৰ অৰ্থ হ’ল “বিষণ্ন গছ”। সন্ধিয়া ফুলা আৰু ৰাতিপুৱা সৰি পৰা কাৰণে কেতিয়াবা ইয়াক "tree of sorrow" বা "দুখৰ গছ"-বুলিও কোৱা হয়। এইখন শেৱালী ফুলৰ গছ ৰোমান্টিক চৰিত্ৰৰ আভাষ দিয়ে।[2]
শেৱালি ফুল ভাৰতৰ পশ্চিমবঙ্গ আৰু থাইলেণ্ডৰ কাঞ্চনাবুৰিৰ ৰাষ্ট্ৰীয় ফুল।
প্ৰাচীন কালৰে পৰা ই মেলেৰিয়াসদৃশ জ্বৰৰ ঔষধ হিচাপে ভাৰতবৰ্ষত ব্যৱহাৰ হৈ আহিছে[3]। এই ফুল হালধীয়া ৰঙ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। ইয়াৰ ফুলসমূহ শুকুৱাই বহুদিনলৈ সংৰক্ষণ কৰি পিছত প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰিও ইয়াক চুলি, শালমন, মূৰৰ বিষ-ঘূৰণী, পেটৰ কৃমি ইত্যাদিৰ বেমাৰত ব্যৱহাৰ কৰা হয়[4]।