শ্বম্যুৱেল য়োছেফ এগনন | |
---|---|
![]() ১৯৬৬ চনত এগনন | |
জন্ম | শ্বম্যুৱেল য়োছেফ হালেভি চাচকেছ বুচাচ (অষ্ট্ৰিয়া-হাংগেৰী),বৰ্তমানৰ ইউক্ৰেইন |
মৃত্যু | ১৭ জেৰুছালেম, ইজৰাইল |
পেচা | ঔপন্যাসিক, কবি, গল্পকাৰ |
ভাষা | হিব্ৰু ভাষা |
ৰাষ্ট্ৰীয়তা | ইজৰাইল |
ধৰণ | উপন্যাস |
উল্লেখযোগ্য বঁটা | সাহিত্যত নবেল বঁটা, ১৯৬৬ |
দাম্পত্যসংগী | এষ্টাৰ মাৰ্ক্স |
শ্বম্যুৱেল য়োছেফ এগনন (১৮৮৮-১৯৭০)প্ৰখ্যাত ইজৰাইলী লেখক।[1] তেওঁৰ সম্পূৰ্ণ নাম 'Shmuel Yosef Halevi Czaczkes'। তেখেতৰ জন্ম ইজৰাইলৰ জেৰুজালেমত। বিখ্যাত হিব্ৰু ঔপন্যাসিক আৰু গল্পকাৰসকলৰ ভিতৰত এগনন হৈছে অন্যতম। পূব ইউৰোপৰ গ্ৰাম্য জীৱনৰ ছবি তেওঁৰ সাহিত্য কৰ্মই অনবদ্য ৰূপত তুলি ধৰিছে।[2] সাহিত্য কৃতিৰ স্বীকৃতি স্বৰূপে ১৯৬৬ চনত তেওঁ ‘নেলী ছাছ’ৰ সৈতে যুটীয়াভাৱে সাহিত্যৰ নোবেল বঁটা লাভ কৰে। [3]
আইনজ্ঞ, পণ্ডিত, শিক্ষাবিদ আৰু ব্যৱসায়ী সদাগৰেৰে পৰিবেষ্টিত এক সম্ভ্ৰান্ত ইহুদী পৰিয়ালত জন্ম লাভ কৰা এগননে ১৯০৩-১৯০৬ চনলৈ নিজা নাম আৰু ছদ্মনামত Yiddish আৰু হিব্ৰু ভাষাত সাহিত্য ৰচনা কৰিছিল।[4] ১৯০৭ চনত তেওঁ পেলেষ্টাইনত থাকিবলৈ লোৱাৰ পিছত এগননে ছদ্মনামত বাইবেলৰ ভাষাক নিজা সাহিত্য সৃষ্টিৰ মাধ্যম হিচাপে গ্ৰহণ কৰি নাটকীয় ভঙ্গীত সুস্পষ্ট ভাবে লিখা পৰিশীলিত ৰচনা ৰাজি কৰি উলিয়ায়। আৰম্ভণিতে এগননে 'পেলেষ্টাইনিয়ান' গল্প Agunot (১৯০৮ Forsaken Wives) - অৰ যোগেদি তেওঁৰ সাহিত্য কৰ্মৰ পাতনি মেলে। তেওঁৰ বিশেষ লেখত ল'বলগীয়া সাহিত্যকৰ্ম হ'ল ১৯১৯ চনত দুটা খণ্ডত লিখি উলিওৱা উপন্যাস Hakhnasat kalah (The Bridal Canopy)। [5]
১৯৫০ চনত বিয়ালিক পুৰস্কাৰেৰে পুৰস্কৃত কৰা তেওঁৰ দ্বিতীয় উপন্যাস Oreah Nata Lalun (১৯৩৮, A Guest for the Night)-অত প্ৰথম বিশ্বযুদ্ধৰ পিছত হোৱা ইউৰোপীয় ইহুদীসকলৰ বৈষয়িক নৈতিক অৱক্ষয়ৰ কাহিনী বৰ্ণিত হৈছে। তেওঁৰ তৃতীয় আৰু বৃহৎ উপন্যাস Tmol shilshom (১৯৪৫ Before Yesterday)-অত তেওঁ ইহুদী সমাজ ব্যৱস্থাৰ কঠোৰতা, গোড়ামি আৰু পৰম্পৰাৰ ভাঙোনৰ দ্বাৰা মানসিক, বৈষয়িক আৰু নৈতিক ক্ষেত্ৰত ন চিন্তা-চৰ্চাৰ আদৰণিৰ ছবি ফুটাই তুলিছে।[6]
তেওঁ সেই সময়ত প্ৰচলিত লোক কাহিনীসমূহ সংগ্ৰহ কৰি Yamin noraim (১৯৩৮, Days of Awe) নামত গ্ৰন্থ আকাৰে সম্পাদনা কৰি উলিওৱাৰ লগতে Sefer, sofer, vesipur (১৯৩৮) নামৰ অন্য এখন গ্ৰন্থ লিখি উলিয়াই। ১৯৫৮ চনত তেওঁৰ এখন আত্মজীৱনীমূলক গ্ৰন্থও প্ৰকাশ হয়। অনুবাদৰ ক্ষেত্ৰখনতো এগননৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য। তেওঁৰ অনুবাদ গ্ৰন্থ দুখনমানৰ নাম হ’ল-In the Heart of the Seas (১৯৪৮,Bilvar Yamin) আৰু Two Tales (১৯৬০, Edo Ve- Ewam)[7]
তেওঁৰ উপন্যাসবোৰ হৈছে- দ্য ব্ৰাইডাল কেনপি (The Bridal Canopy, ১৯৩১), ইন দ্য হাৰ্ট অৱ চিচ (In the Heart of the Seas, ১৯৩৩), এ চিম্পল ষ্টৰী (A Simple Story, ১৯৩৫), এ গেষ্ট ফৰ দ্য নাইট (A Guest for the Night, ১৯৩৮), অনলি য়েষ্টাৰ্ডে (Only Yesterday, ১৯৪৫), ইদো এণ্ড ইনাম Edo and Enam, ১৯৫০), টু দিছ দে (To This Day, অনুবাদ, ১৯৫২), ছিৰা (Shira, ১৯৭১) আদি৷
এগননে দুবাৰকৈ (১৯৩৪ আৰু ১৯৫০ চনত) সাহিত্যৰ বাবে বিয়ালিক বঁটা লাভ কৰে।[8] সেইদৰে তেওঁ দুবাৰকৈ (১৯৫৪ আৰু ১৯৫৮ চনত) ইজৰাইল বঁটাও লাভ কৰে, সাহিত্যৰ বাবে ১৯৬৬ চনত তেওঁ "ইহুদী জনসাধাৰণৰ জীৱনৰ মটিফৰ সৈতে গভীৰভাৱে বৈশিষ্ট্যপূৰ্ণ আখ্যান শিল্পৰ বাবে" সাহিত্যৰ নোবেল বঁটা লাভ কৰে।[9] জাৰ্মান ইহুদী লেখিকা নেলী চেক্সৰ সৈতে এই পুৰস্কাৰ লাভ কৰে। বঁটা প্ৰদান অনুষ্ঠানত দিয়া ভাষণত এগননে হিব্ৰু ভাষাত নিজৰ পৰিচয় দিছিল: "ৰোমৰ টাইটাছে যি ঐতিহাসিক বিপৰ্যয়ত জেৰুছালেম ধ্বংস কৰিছিল আৰু ইজৰাইলক ইয়াৰ দেশৰ পৰা নিৰ্বাসিত কৰিছিল, তাৰ ফলত মোৰ জন্ম হৈছিল নিৰ্বাসনৰ এখন চহৰত।[10] কিন্তু মই সদায় নিজকে জেৰুছালেমত জন্মগ্ৰহণ কৰা এজন বুলি গণ্য কৰিছিলোঁ।" ইহুদীসকলৰ হানুকা উৎসৱৰ সময়ত শনিবাৰে এই বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হৈছিল।