শ্বাং ৰাজবংশ (চীনা: 商朝) বা য়িন ৰাজবংশ (চীনা: 殷代) শ্বাঙৰ টাঙৰ (চেং টাং) দ্বাৰা স্থাপিত এক চীনা ৰাজবংশ। এই ৰাজবংশই হালধীয়া নদীৰ উপত্যকাত শাসন কৰিছিল খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দীত। পৰম্পৰাগত বিশ্বাস অনুযায়ী তেওঁলোকৰ আগতে শ্বিয়া আৰু তেওঁলোকৰ পাছত পশ্চিমীয়া ঝৌ ৰাজবংশই চীন শাসন কৰিছিল। শ্বাং ৰাজবংশৰ শাস্ত্ৰীয় উৎস নথিপত্ৰৰ কিতাপ, বাঁহৰ বুৰঞ্জী আৰু মহা বুৰঞ্জীবিদৰ নথি। লিউ শ্বিনে প্ৰায় দুহাজাৰ বছৰ আগতে কৰা পৰম্পৰাগত কালক্ৰমিক গণনাৰ মতে, শ্বাংসকলে খ্ৰীষ্টপূৰ্ব ১৭৬৬ৰ পৰা খ্ৰীষ্টপূৰ্ব ১১১২লৈকে শাসন কৰিছিল। কিন্তু "বৰ্তমানৰ" বাঁহৰ বুৰঞ্জীৰ মতে, তেওঁলোকে খ্ৰীষ্টপূৰ্ব ১৫৫৬ৰ পৰা খ্ৰীষ্টপূৰ্ব ১০৪৬লৈকে শাসন কৰিছিল। এই গ্ৰন্থ আৰু মহাজাগতিক পৰিঘটনাৰ কালৰ সহায় লৈ ডেভিড নিভিছনে গণনা কৰি উলিয়াইছে যে শ্বাং ৰাজবংশৰ স্থাপনা হৈছিল খ্ৰীষ্টপূৰ্ব ১৫৫৪ত।.[1][2] এৰ্লিগাং স্থলৰ কাৰ্বন-১৪ ডেটিঙেৰে চীন চৰকাৰৰ শ্বিয়া-শ্বাং-ঝৌ প্ৰকল্পত দাবী কৰা হৈছে যে শ্বাং বংশৰ আৰম্ভনি হৈছিল খ্ৰীষ্টপূৰ্ব ১৬০০ত। এই বংশৰ পতন হৈছিল, পাৰ্কেনিয়েৰ আৰু শ্বিয়া-শ্বাং-ঝৌ প্ৰকল্পৰ মতে খ্ৰীষ্টপূৰ্ব ১০৪৬ত[3] আৰু নিভিছন আৰু শ্বৌঘ্নেছিৰ মতে খ্ৰীষ্টপূৰ্ব ১০৪৫ত।[4][5]
শ্বাং ৰাজবংশ পৰম্পৰাগত চীনা ইতিহাস লিখনৰ আতাইতকৈ পুৰণি এনে বংশ যাৰ অস্তিত্বৰ যথাযথ পুৰাতাত্ত্বিক প্ৰমাণ আছে। বৰ্তমানৰ আন্যাং অঞ্চলৰ য়িনত কৰা হোৱা খণ্ডনত শ্বাং বংশৰ ৰাজধানী আৱিষ্কাৰ হৈছে। এই ৰাজধানী তেওঁলোকৰ অন্তিম ৰাজধানী আছিল, আৰু তাত ৰাজকীয় মৰিশালী, ৰাজপ্ৰসাদ, পূজাৰ স্থল, যুদ্ধৰ অস্ত্ৰ, জন্তু আৰু নৰৰ বলি আদিৰ অৱশিষ্ট পোৱা গৈছে। হাজাৰ হাজাৰ তাম, জে'ড, শিল, হাড় আৰু চীনা মাটিৰ বস্তু আৱিষ্কাৰ হৈছে।
আন্যাং স্থলতেই চীনা লিপিৰ আতাইতকৈ পুৰণি উদাহৰণ পোৱা গৈছে। লিখিত সামগ্ৰীত মুখ্যতঃ ভৱিষ্যদ্বানী পোৱা গৈছে: কাছৰ খোলা, ম'হৰ হাঁড় আদিত। ১৯২০ আৰু ১৯৩০ৰ দশকত আয়োজিত খণ্ডনত ২০০০০ এনে বস্তু উদ্ধাৰ কৰা হৈছিল, আৰু তাৰ পাছত কমেও চাৰি গুণ অধিক বস্তু উদ্ধাৰ হৈছে। শিলালিপিসমূহে চীনা ৰাজনীতি, অৰ্থনীতি আৰু ধৰ্মৰ পৰা আদি কৰি কলা, চিকিৎসা আদি বিভিন্ন বিষয়ত জ্ঞান প্ৰদান কৰে।[6]