শ্বাহ পৰান | |
---|---|
শাহ পরান | |
শ্বাহ পৰানৰ সমাধি | |
ব্যক্তিগত | |
জন্ম | কনয়া, ৰামৰ চুলতানত্ব, (বৰ্তমান তুৰ্কীত) নাইবা হাধৰামৌত, য়েমেন (বিতৰ্কিত) |
মৃত্যু | |
ধৰ্ম | ইছলাম |
পিতৃ-মাতৃ | মহম্মদ (পিতৃ) |
সংঘ | ছুফিবাদ |
জ্যেষ্ঠ বিষয়বাব | |
অৱস্থান | ছিলেট |
কাৰ্যালয়ত সময় | ১৩ৰ পৰা ১৪ শতিকাৰ আৰম্ভণি |
পূৰ্বসূৰী | শ্বাহ জালাল |
বিষয়বাব | পণ্ডিত আৰু চুফী ৰহস্যবাদ |
শ্বাহ পৰান (বঙালী: শাহ পরান, ৰোমানীকৃত:Shah Poran) আছিল চতুৰ্দশ শতিকাৰ চিলেট অঞ্চলৰ এজন ছুফী সন্ত।[1] তেওঁ ১৩০৩ চনত মোমায়েক শ্বাহ জালালৰ নেতৃত্বত ছিলেট বিজয়ৰ চূড়ান্ত যুদ্ধত অংশ লয়।[2]
শ্বাহ পৰানৰ জন্মৰ নাম অজ্ঞাত যদিও তেওঁৰ নাম ফাৰহান বুলি ধাৰণা কৰা হৈছে। অৱশ্যে এই নাম পিছলৈ পৰানলৈ ৰূপান্তৰিত হৈ পৰে। পৰানৰ অৰ্থ হৈছে "আত্মা।" বাংলা ভাষাত পৰানক মৰমৰ শব্দ হিচাপে ব্যৱহাৰ কৰা হয়। আন কিছুমান সূত্ৰত প্ৰকাশ কৰা হৈছে যে, শ্বাহ পৰান হৈছে শ্বাহ পীৰাণৰ ৰূপান্তৰ। শ্বাহ পীৰাণৰ অৰ্থ হৈছে "পীৰৰ ৰজা।"
শ্বাহ পৰানৰ জন্ম হৈছিল ত্ৰয়োদশ শতিকাত য়েমেনৰ হাধৰামৌতত। তেওঁৰ পিতৃৰ নাম আছিল মহম্মদ। পৰান ১১ বছৰীয়া হোৱাৰ বয়সত পিতৃয়ে মৃত্যুবৰণ কৰে। পৰানে দাদা চৈয়দ আহমদ কবীৰ ছুহৰাৱাৰ্ডীৰ অধীনত আৰু পিছলৈ নেছাপুৰৰ দাৰভিছ আমিনৰ ওচৰত অধ্যয়ন কৰিছিল। ইছলাম ধৰ্মৰ প্ৰচাৰৰ বাবে তেওঁ ভাৰত উপ-মহাদেশৰ মাজেৰে কৰা অভিযানত তেওঁ মোমায়েক শ্বাহ জালালৰ লগত যোৱাৰ সিদ্ধান্ত লয়।[3]১৩০৩ চনত শ্বাহ জালালৰ নেতৃত্বত ৰাজা গৌৰ গোবিন্দৰ বিৰুদ্ধে ছিলেট বিজয়ৰ চূড়ান্ত যুদ্ধ হয়। সেইখন যুদ্ধত পৰানে অংশ লয়।
কিছুসময়ৰ পাছত পৰানে দিল্লীৰ নিজামুদ্দিন আউলিয়াৰ পৰা উপহাৰ হিচাপে পোৱা জালালি পাৰ এটা খাই পেলোৱা বুলি কোৱা হৈছিল। ফলত পৰানক চিলেট চহৰৰ পৰা বহিষ্কাৰ কৰা হয়।[4]তেওঁ আধুনিক কালৰ খাদিম নগৰ, দক্ষিণগড়ত এটা পাহাৰৰ ওপৰত এখন খানকাহ স্থাপন কৰিছিল। এই খানকাহটো শ্বাহ পৰানৰ পাহাৰ নামেৰে পৰিচিত হয়।
কোনো বংশধৰ নোহোৱাকৈয়ে পৰানৰ মৃত্যু হয়। তেওঁ অবিবাহিত আছিল। তেওঁক খানকাহৰ ওচৰত সমাধিস্থ কৰা হয়। খানকাহৰ কাষতে এটা মছজিদ, ঈদগাহ, লংগৰখানাৰ লগতে এক মহিলা নামাজ-স্থলী আৰু পুখুৰী নিৰ্মাণ কৰা হৈছিল। যুগ যুগ ধৰি বৃহৎ সংখ্যক ভক্ত তেওঁৰ সমাধিস্থললৈ আহিছে, যিটো প্ৰথা বৰ্তমানলৈকে চলি আছে।[5] ৰবি-উল-আৱালৰ ৪, ৫ আৰু ৬ তাৰিখে শ্বাহ পৰানৰ উৰছ অনুষ্ঠিত হয়।[6]
চুৰ্মা নদীৰ ওপৰত এখন দলং,[7] যাত্ৰীবাহী ফেৰী,[8] আৰু শ্বাহজালাল বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ এটা আৱাসগৃহ নিৰ্মাণ কৰা হৈছে। আৰু এই সকলোৰে নামকৰণ শ্বাহ পৰানৰ নামেৰে ৰখা হৈছে।[9]
শ্বাহ পৰণৰ আধ্যাত্মিক বংশাৱলী এনেধৰণৰ:[10]