শ্বাহী পানীৰ

শ্বাহী পানীৰ

শ্বাহী পানীৰ (বাওঁফালে) আৰু মাখন নান (সোঁফালে)
অন্য নাম পনীৰ ৰাজৱাদী, ছেইনা ৰাজৱাদী
প্ৰকাৰ গ্ৰেভি
উৎপত্তিৰ স্থান ভাৰতীয় উপমহাদেশ
মুখ্য উপাদান পানীৰ, ক্ৰিম, টমেটো, মছলা

শ্বাহী পানীৰ বা পানীৰ ৰাজবাড়ী[1] বা চেনা ৰাজবাড়ী বা ৰাজসী চেনা হৈছে ভাৰতীয় উপমহাদেশৰ স্থানীয় চেনা বা পানীৰে প্ৰস্তুত কৰা এটা সুস্বাদু খাদ্য। যিটো ক্ৰীম, বিলাহী আৰু ভাৰতীয় মছলাৰ মিশ্ৰণত ডাঠ গ্ৰেভিৰে তৈয়াৰ কৰা হয়।

শ্বাহী পানীৰ প্ৰস্তুত কৰা হয় বিলাহী, পিয়াঁজ, গুৰি কৰা কাজু বাদাম,বিশুদ্ধ ঘিউ বা ক্লেৰিফাইড মাখনৰ মিহি মিশ্ৰণেৰে। যাৰফলত এবিধ ক্ৰীমি, সুগন্ধি আৰু সৌম্যস্বাদী খাদ্য তৈয়াৰ কৰা হয়। ইয়াত বিলাহী অতি মিহিকৈ বাতি বা পিহি লোৱা হয়। তাৰ পিছত পানীৰ টুকুৰা বোৰ পচন্দ মতে আকাৰ দি আৰু বিভিন্ন মচলা যেনে এলাচি, জীৰা, গৰম মছলা, আৰু হলধি যোগ কৰা হয়। কিছুমান প্ৰকাৰত জাফ্ৰান, কিছমিছ বা বাদাম যোগ কৰি আৰু অধিক ৰঙীন আৰু ৰাজকীয় স্বাদ দিয়া হয়।

শ্বাহী পানীৰ প্ৰধানকৈ পৰম্পৰাগত ভাৰতীয় চেপেতা-ব্ৰেড যেনে তাৱা ৰোটি বা তন্দুৰী ৰোটি, ভাত আৰু ব্ৰেডৰ সৈতে খোৱা হয়। চেনা আৰু পানীৰ দুয়োটাই ভাৰতীয় কটেজ চীজৰ শব্দ, আৰু ৰাজৱাদী আৰু শ্বাহী দুয়োটাই ৰাজকীয় অৰ্থত ব্যৱহাৰ কৰা শব্দ,যিয়ে এই খাদ্যটোৰ মোগলাই উৎস আৰু বিলাসী স্বাদক প্ৰতিফলিত কৰে।

পনীৰ মাখনৰ মছলা আৰু শ্বাহী পনীৰ মাজত সূক্ষ্ম পাৰ্থক্যটো হ'ল পানীৰ মাখনৰ মছলাত সৰ্বাধিক গোটেই মচলাবোৰ (খড়ি মচলা) ব্যৱহাৰ কৰা হয়, যিয়ে ইয়াক অধিক সুগন্ধি আৰু মছলা যুক্ত কৰি তোলে।, আনহাতে শ্বাহী পানীৰ তুলনামূলকভাৱে সৌম্য আৰু সোৱাদ যুক্ত হয়, কাৰণ ইয়াত কাজু, ক্ৰীম আৰু কেতিয়াবা কিছমিছ বা জাফ্ৰান যোগ কৰা হয়।[2] শাহী পানীৰৰ দৰে আন একেধৰণৰ খাদ্যবোৰৰ ভিতৰত পানীৰ বাটাৰ মছলা আৰু কড়াই পানীৰ অন্যতম।

লগতে চাওক

[সম্পাদনা কৰক]
  • পানীৰ মাখানি
  • ভাৰতীয় খাদ্যৰ তালিকা

তথ্য় সূত্ৰ

[সম্পাদনা কৰক]