শ্বাহৰুখ খান | |
---|---|
![]() হিয়ুণ্ডাইৰ এটা কাৰ্য্যক্ৰমত অংশ ল'বৰ সময়ত খান (২০১৮) | |
জন্ম | ২ নৱেম্বৰ, ১৯৬৫ (৫৯ বছৰ)[1] নতুন দিল্লী, ভাৰত[2] |
বাসগৃহ | মুম্বাই, ভাৰতবৰ্ষ |
শিক্ষা | হংসৰাজ কলেজ, দিল্লী বিশ্ববিদ্যালয়[3] |
পেচা | অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা আৰু দূৰদৰ্শন অনুষ্ঠান বিজড়িত লোক |
সক্ৰিয় হৈ থকা সময় | ১৯৮৮–বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | গৌৰী খান (১৯৯১-বৰ্তমানলৈ) |
সন্তান | ৩ |
স্বাক্ষৰ | |
![]() |
শ্বাহৰুখ খান (ইংৰাজী: Shahrukh Khan; জন্ম ২ নৱেম্বৰ ১৯৬৫) এগৰাকী প্ৰখ্যাত ভাৰতীয় অভিনেতা, প্ৰযোজক, আৰু দূৰদৰ্শন ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তি। এওঁক চমুকৈ এছ আৰ কে (SRK) নামেৰেও জনা যায়। জনসাধাৰণৰ মাজত "বলিউডৰ বাদশ্বাহ", "কিং অৱ্ বলিউড" আৰু "কিং খান" বুলি পৰিচিত শ্বাহৰুখে ইতিমধ্যে ৮০ খনতকৈও অধিক বলিউড চলচ্চিত্ৰত অভিনয় কৰিছে আৰু ভালেমান বঁটা-বাহনেৰেও সন্মানিত হৈছে। ইয়াৰ ভিতৰত ১৪ টাকৈ ফিল্মফেয়াৰ বঁটাও আছে। সমগ্ৰ এছিয়া মহাদেশতে খানৰ বহুসংখ্যক অনুৰাগী আছে। তদুপৰি বিশ্বৰ মানচিত্ৰত ভাৰতীয়ৰ পৰিচয় দাঙি ধৰাৰ ক্ষেত্ৰতো খানৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। অনুৰাগীৰ সংখ্যা আৰু উপাৰ্জনৰ দিশৰ পৰা শ্বাহৰুখক বিশ্বৰ সবাতোকৈ সফল অভিনেতাসকলৰ এজন বুলি ধৰা হয়। চলচ্চিত্ৰজগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান, আৰু ফ্ৰান্স চৰকাৰে "অৰ্ডাৰ দে' আৰ্টছ্ এ'ট্ দে'ছ্লেটাৰ্ছ্" আৰু "লিজিয়ন ডি'অনাৰ" প্ৰদানেৰে সন্মান যাঁচিছিল।
১৯৮০ৰ দশকৰ শেষৰফালে বহুকেইখন দূৰদৰ্শন ধাৰাবাহিকত অংশ লৈ খানে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৯২ চনত দিৱানা চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ বলিউডত ভূমুকি মাৰে। কেৰিয়াৰৰ প্ৰথমভাগৰ দৰ (১৯৯৩), বাজীগৰ (১৯৯৩) আৰু অঞ্জাম (১৯৯৪) চলচ্চিত্ৰকেইখনত তেওঁ খলনায়কৰ ভূমিকা লৈছিল। ইয়াৰ পিছতে দিলৱালে দুলহানিয়া লে' জায়েংগে' (১৯৯৫), দিল ট' পাগল হে' (১৯৯৭), কুছ্ কুছ্ হোতা হে' (১৯৯৮), মহব্বতে' (২০০০) আৰু কভি খুশ্বি কভি গম (২০০১) আদি ৰোমাণ্টিক চলচ্চিত্ৰসমূহত অভিনয় কৰাৰ লগে লগে তেওঁ প্ৰসিদ্ধি লাভ কৰে। এজন সুৰাপায়ী ৰূপে দেৱদাসত কৰা অভিনয় (২০০২), স্বদেশত নাছা বিজ্ঞানী এজনৰ অভিনয় (২০০৪), চক দে'! ইণ্ডিয়াত হকি প্ৰশিক্ষকৰ অভিনয় (২০০৭) আৰু মাই নে'ম ইজ্ খানত (২০১০) এচপাৰজাৰ চিণ্ড্ৰমত আক্ৰান্ত ৰোগী এজনৰ অভিনয়ৰ বাবে তেওঁ সমালোচকৰ দ্বাৰা উচ্চপ্ৰশংসিত হয়। তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী চলচ্চিত্ৰসমূহৰ ভিতৰত ৰোমাণ্টিক কমেডি চেন্নাই এ'ক্সপ্ৰেছ (২০১৩), কমেডি চলচ্চিত্ৰ হেপ্পী নিউ ইয়েৰ (২০১৪), একশ্বন চলচ্চিত্ৰ দিলৱালে (২০১৫), আৰু অপৰাধমূলক কাহিনীৰ চিত্ৰ ৰেইজৰ (২০১৭) নাম ল'ব পাৰি। তেওঁৰ বহু চলচ্চিত্ৰত ভাৰতীয় জাতীয় সত্তাক বিষয়বস্তু হিচাপে লোৱাৰ লগতে প্ৰৱাসী সমাজৰ সৈতে সম্পৰ্কও দাঙি ধৰা হয়। লিংগ, বৰ্ণবাদ, সামাজিক আৰু ধৰ্মীয় বৈষম্য আৰু এইসম্পৰ্কীয় সমস্যাসমূহো তেওঁৰ চলচ্চিত্ৰসমূহৰ অন্যতম বিষয়বস্তু।
শ্বাহৰুখ চলচ্চিত্ৰ নিৰ্মাণ কোম্পানী ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট আৰু ইয়াৰ উপবিভাগসমূহৰ যুটীয়া অধ্যক্ষ। ভাৰতীয় প্ৰিমিয়াৰ লিগৰ ক্ৰিকেট দল কলকাতা নাইট ৰাইডাৰ্ছৰো মালিকীস্বত্ব যুটীয়াভাৱে তেওঁৰ অধীনত আছে। তেওঁ প্ৰায়েই দূৰদৰ্শন আৰু মঞ্চ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভালেমান ব্ৰে'ণ্ড আৰু উদ্যোগী কাম-কাজৰ সৈতে চুক্তিৱদ্ধ হোৱা বাবে বহসময়ত সংবাদ মাধ্যমে তেওঁক "ব্ৰে'ণ্ড এছ আৰ কে" বুলিও অভিহিত কৰে। খানে স্বাস্থ্যসেৱা, দুৰ্যোগৰ সময়ত সাহায্য প্ৰদান আদিৰ জৰিয়তে দেশপ্ৰেমমূলক কাম-কাজো কৰিছে। শিশুৰ শিক্ষাৰ অধিকাৰ সম্পৰ্কে মাত মাতি অহা বাবে ২০১১ চনত ইউনেস্ক'ৱে তেওঁক পিৰামিড কন মাৰ্নি এৱাৰ্ড প্ৰদান কৰিছিল। মহিলা আৰু শিশুৰ অধিকাৰ বৃদ্ধিত নেতৃত্ব লোৱা বাবে ২০১৮ চনত তেওঁ ৱৰ্ল্ড ইক'ন'মিক ফৰামৰ পৰা ক্ৰিষ্টেল এৱাৰ্ডো পাইছিল। ভাৰতীয় সংস্কৃতিৰ সবাতোকৈ প্ৰভাৱশীল লোকৰ তালিকাত তেওঁৰ নাম নিয়মীয়াকৈ দেখা যায়। আনকি ২০০৮ চনত নিউজৱিক আলোচনীখনে তেওঁক বিশ্বৰ সবাতোকৈ শক্তিশালী ৫০ জন লোকৰ এজন বুলিও কৈছিল।
১৯৬৫ চনৰ ২ নৱেম্বৰত নতুন দিল্লীৰ এটা মুছলিম পৰিয়ালত শ্বাহৰুখ খানৰ জন্ম হৈছিল। জীৱনৰ প্ৰথম পাঁচটা বছৰ শ্বাহৰুখে মাংগালোৰত কটাইছিল। তেওঁৰ মামাকৰ ফালৰ ককা ইফটিকাৰ আহমেদে ১৯৬০ৰ দশকত ইয়াৰ বন্দৰতে মুখ্য অভিযন্তাৰূপে কাম কৰিছিল। খানে কোৱা মতে, তেওঁৰ পিতৃৰ ফালৰ ককা জান মহম্মদ আছিল আফগানিস্তানৰ পৰা অহা এজন পাশ্বতুন সম্প্ৰদায়ৰ লোক। খানৰ পিতৃ মিৰ তাজ মহম্মদ খান ব্ৰিটিছ ইণ্ডিয়াৰ পেছোৱাৰৰ (এতিয়া পাকিস্তানৰ অন্তৰ্গত) এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। ২০১০ চনত ওলোৱা সংবাদ অনুসৰি খানৰ পৈতৃক পৰিয়ালটো এতিয়াও পেছোৱাৰৰ কিছা খাৱানি বাজাৰ অঞ্চলৰ ছাহ ৱালি কাটালত বাস কৰে। পিতৃ মিৰ আছিল খান আব্দুল গফৰ খানৰ অনুগামী আৰু তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যভুক্ত হৈছিল। দেশৰ বিভাজনৰ পিছতে ১৯৪৮ চনত তেওঁ নতুন দিল্লীলৈ আহে। মাতৃ লতিফ ফাটিমা এজন শীৰ্ষ চৰকাৰী অভিযন্তাৰ জীয়ৰী আছিল। তেওঁৰ পিতৃ-মাতৃ ১৯৫৯ চনত বিবাহপাশত আৱদ্ধ হৈছিল। খানে টুইটাৰত নিজকে "আধা হাইদৰাবাদী (মাতৃ), আধা পাঠান (পিতৃ), আৰু কিছুপৰিমাণে কাশ্মিৰী (আইতা)" বুলি বৰ্ণনা দিছে। পেছোৱাৰত থকা তেওঁৰ পিতৃৰ ফালৰ সম্পৰ্কীয়ই দাবী কৰা অনুসৰি তেওঁলোকৰ পৰিয়ালটো পাছটুনৰ নহয়, তেওঁলোক কাশ্মীৰৰ হিণ্ডকোৱান মূলৰহে। তেওঁলোকে ককাকৰ আদিপুৰুষ আফগানিস্তানৰ আছিল বুলিও মানি লোৱা নাই।
দিল্লীৰ সমীপৱৰ্তী ৰাজেন্দ্ৰ নগৰত শ্বাহৰুখ ডাঙৰ-দীঘল হয়। তেওঁৰ পিতৃয়ে পৰিয়ালটো চলাবৰ বাবে এখন ৰেষ্টুৰে'ণ্ট চলোৱাকে ধৰি কেইবাটাও ব্যৱসায়িক পথ অৱলম্বন কৰিছিল। মধ্যবিত্ত শ্ৰেণীৰ জীৱন কটোৱা তেওঁলোকৰ পৰিয়ালটো এটা ভাড়াঘৰত থাকিছিল। খানে কেন্দ্ৰীয় দিল্লী অঞ্চলৰ চে'ণ্ট কলম্বিয়াছ স্কুললৈ গৈছিল। তাত তেওঁ হকি, ফুটবল আদি খেলবোৰৰ লগতে পঢ়া-শুনাতো পাৰদৰ্শিতা দেখুৱাইছিল। ফলস্বৰূপে তেওঁ স্কুলখনৰ পৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মান "স্বৰ্ড অৱ্ অনাৰ" লাভ কৰিছিল। প্ৰথমে শ্বাহৰুখে এগৰাকী খেলুৱৈ হোৱাৰে ইচ্ছা পুহি ৰাখিছিল, কিন্তু এবাৰ কান্ধত আঘাত পোৱাৰ পিছত তেওঁৰ খেলা-ধূলাৰ পথ বন্ধ হ'ল। সেইবাবে তেওঁ ডেকা কালত মঞ্চনাটত অভিনয় কৰিবলৈ লয়। বিশেষকৈ তেওঁৰ প্ৰিয় বলিউড অভিনেতা দিলীপ কুমাৰ, অমিতাভ বচ্ছনৰ উপৰি মমতাজৰ অবিকল ভাও ধৰাৰ বাবে তেওঁ দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছিল। খানৰ শৈশৱ কালৰ বান্ধৱী আৰু অভিনয়ৰ সংগীৰ মাজত অমৃতা সিঙো আছিল, যিয়ে পিছলৈ এগৰাকী বলিউডৰ অভিনেত্ৰী হ'লগৈ। শ্বাহৰুখে অৰ্থনীতি বিজ্ঞানত স্নাতক শিক্ষা (১৯৮৫-১৯৮৮) লাভৰ বাবে হংসৰাজ কলেজত নামভৰ্তি কৰিছিল যদিও তেতিয়া অধিকাংশ সময় দিল্লীৰ "থিয়েটাৰ একশ্বন গ্ৰুপ"তে (TAG) কটায়। তাত তেওঁ থিয়েটাৰ পৰিচালক বেৰি জনৰ অধীনত অভিনয়ৰ শিক্ষা লৈছিল। ইয়াৰ পিছত তেওঁ গণশিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভৰ বাবে দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়লৈ আহে। কিন্তু অভিনয়ৰ কেৰিয়াৰত অধিক গুৰুত্ব দিয়াত তেওঁ এই শিক্ষাও আধাতে সামৰে। বলিউডত সোমোৱাৰ প্ৰাৰম্ভিক কালছোৱাত তেওঁ দিল্লীৰ নেশ্বনেল স্কুল অৱ্ ড্ৰামাত অভিনয়ৰ প্ৰশিক্ষণ লৈছিল। ১৯৮১ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁৰ পিতৃৰ মৃত্যু হয়। ইয়াৰ দহ বছৰ পিছত ১৯৯১ চনত তেওঁৰ মাতৃৰো মধুমেহ ৰোগৰ বাবে মৃত্যু হয়। পিতৃ-মাতৃৰ মৃত্যুৰ পিছত তেওঁৰ ডাঙৰ ভগ্নী শ্বেহনাজ লালাৰুখ (১৯৬০-) মানসিকভাৱে ভাঙি পৰিছিল। ফলত শ্বাহৰুখেই তেতিয়াৰ পৰা বায়েকৰ যত্ন লোৱাৰ দায়িত্ব লয়। শ্বেহনাজে এতিয়াও ভাতৃ আৰু তেওঁৰ পৰিয়ালৰ লগত মুম্বাইৰ বাসগৃহত থাকে।
জন্মতে তেওঁৰ নামটো শ্বাহৰুখ খান (Shahrukh Khan) ৰখা হৈছিল যদিও তেওঁ নিজে নিজৰ নামটো শ্বাহ ৰুখ খান (Shah Rukh Khan) বুলি লিখিবলৈহে পছন্দ কৰে। অৱশ্যে সৰ্বসাধাৰণ লোক আৰু অনুৰাগীয়ে তেওঁক বুজাবলৈ চমুকৈ এছ. আৰ. কে. (SRK) সংক্ষিপ্তৰূপটোও বহুলভাৱে ব্যৱহাৰ কৰে। তেওঁ গৌৰী ছিব্বাৰ নামৰ পঞ্জাবী হিন্দু ছোৱালী এজনীক বিয়া কৰাইছিল। ছয়-বছৰীয়া ক'ৰ্টশ্বিপৰ পিছত ১৯৯১ চনৰ ২৫ অক্টোবৰত সম্পূৰ্ণ হিন্দু পৰম্পৰাৰে তেওঁলোকৰ বিয়াখন অনুষ্ঠিত হৈছিল। বিয়াৰ পিছত তেওঁলোকৰ আৰ্য়ন (জন্ম ১৯৯৭) নামৰ পুত্ৰ আৰু ছুহানা (জন্ম ২০০০) নামৰ এজনী কন্যা সন্তান জন্ম পাইছিল। ২০১৩ চনত ভেৰোণীয়া মাতৃৰ জৰিয়তে তেওঁলোকৰ তৃতীয়টো সন্তান আব্ৰামৰ জন্ম হয়। খানে কোৱা মতে তেওঁ ইছলাম ধৰ্মত গভীৰ বিশ্বাস ৰাখে, কিন্তু তেওঁৰ পত্নীৰ ধৰ্মকো শ্ৰদ্ধা কৰে। তেওঁলোকৰ সন্তানেও দুয়োটা ধৰ্মকে মানি চলে, ঘৰত তেওঁলোকৰ হিন্দু দেৱ-দেৱীৰ মূৰ্তিৰ লগত একেশাৰীতে কোৰানো ৰখা হয়।
খানে প্ৰথম অভিনয় কৰিছিল লেখ টেণ্ডনৰ দূৰদৰ্শন ধাৰাবাহিক দিল দৰিয়াত। এইখনৰ শ্বুটিং ১৯৮৮ চনতে আৰম্ভ হৈছিল যদিও পৰৱৰ্তী কামখিনি লেহেমীয়া হোৱাত ১৯৮৯ চনৰ ধাৰাবাহিক 'ফৌজি'ৰ যোগেৰেহে তেওঁ দূৰদৰ্শনৰ পৰ্দাত প্ৰথম ভূমুকি মাৰে। এই ধাৰাবাহিকখনত তেওঁ সেনা বাহিনীৰ প্ৰশিক্ষণ লোৱা কালৰ এটা বাস্তৱিক চৰিত্ৰৰ ভূমিকা লৈছিল। এই চৰিত্ৰটোৰ নাম আছিল অভিমন্যু ৰায়। ইয়াৰ পিছতে তেওঁ আজিজ মিৰ্জাৰ দূৰদৰ্শন ধাৰাবাহিক চাৰ্কাছ (১৯৮৯-৯০) আৰু মানি কৌলৰ চুটি ধাৰাবাহিক ইডিয়টত (১৯৯১) অংশ লোৱাৰ সুযোগ পায়। খানে উমীড (১৯৮৯), ৱাগলে কি দুনিয়া (১৯৮৮-৯০) আৰু ইংৰাজী ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক In Which Annie Gives It Those Ones (১৯৮৯) তো গৌণ চৰিত্ৰৰূপে কম সময়ৰ বাবে ভূমিকা লৈছিল। এই ধাৰাবাহিকসমূহত অভিনয় প্ৰতিভা দেখি বহু সমালোচকে তেওঁৰ অভিনয় শৈলী আৰু মুখৰ ভংগিমাক দিলীপ কুমাৰৰ সৈতে তুলনা কৰিছিল। কিন্তু খানে তেতিয়াও নিজকে বৰ দক্ষ অভিনেতা বুলি ভবা নাছিল আৰু চলচ্চিত্ৰত অভিনয়ৰ বাবে যোগ্য হৈ উঠা নাই গণ্য কৰিছিল।
খানে পিছলৈ মন সলনি কৰে আৰু ১৯৯১ চনৰ এপ্ৰিলত পোনপ্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত অভিনয় কৰিবলৈ আহে। তেওঁ মাকৰ মৃত্যুৰ দুখ আঁতৰাবলৈ এই ক্ষেত্ৰখনলৈ অহা বুলি জনাইছিল। বলিউডত এটা সম্পূৰ্ণ কেৰিয়াৰ গঢ়িবলৈ তেওঁ দিল্লীৰ পৰা মুম্বাইলৈ আহিল আৰু কম সময়ৰ ভিতৰতে চাৰিখন চলচ্চিত্ৰৰ সৈতে চুক্তিৱদ্ধ হয়। তেওঁ প্ৰথম অভিনয়ৰ বাবে আমন্ত্ৰণ পাইছিল হেমা মালিনীয়ে পৰিচালনা কৰা প্ৰথমখন ছবি "দিল আশ্বিয়ানা হ্যায়"ত। তেওঁ জুনৰ ভিতৰত চিত্ৰগ্ৰহণত ভাগো লৈছিল। চলচ্চিত্ৰ হিচাপে তেওঁ প্ৰথম ভূমুকি মাৰে ১৯৯২ চনৰ জুনত মুক্তি পোৱা চলচ্চিত্ৰ দিৱানাত।
১৯৯৩ চনত মুক্তি পোৱা চলচ্চিত্ৰসমূহৰ ভিতৰত তেওঁ দুখন চলচ্চিত্ৰত লোৱা খলনায়কৰ ভূমিকাৰ বাবে প্ৰশংসা বিশেষভাৱে বুটলিবলৈ সক্ষম হয়। বক্স অফিচতো সফলতা লাভ কৰা ইয়াৰে 'ডৰ' চিত্ৰখনত তেওঁ এজন প্ৰেমিক আৰু 'বাজীগৰ'ত এজন হত্যাকাৰীৰ অভিনয় কৰিছিল।
right|thumb|Vijay with SRK thumb|Vijay with SRK
ইয়াৰ পিছত তেওঁ কাজল, বৰুণ ধাৱান আৰু কৃতি চেননৰ সৈতে ৰোহিত সেট্টিৰ ব্যংগছবি দিলৱালেত অভিনয় কৰে (২০১৫)। চলচ্চিত্ৰখনে ₹৩.৭ বিলিয়ন (US$৫১ মিলিয়ন) উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল যদিও কাহিনীটোৱে ভাল ৰিভিউ নাপালে। ২০১৬ চনত তেওঁ মনিশ শৰ্মাৰ ৰোমাঞ্চকৰ কাহিনীৰ ছবি ফেন ত অভিনয় কৰে। ইয়াত তেওঁ এজন ছুপাৰষ্টাৰ আৰু তেওঁৰ অনুৰাগীৰূপে দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল। চলচ্চিত্ৰখনে দৰ্শকৰ পৰা বৰ ভাল সঁহাৰি নাপালে। সেই বছৰৰে পিছৰভাগত গৌৰী ছিণ্ডে'ৰ ডিয়েৰ জিন্দেগীত এজন চিনেমাট'গ্ৰাফাৰৰ (আলিয়া ভাটে অভিনয় কৰা) পৰামৰ্শদাতা ৰূপে অভিনয় কৰে।
২০১৭ চনত মুক্তি পোৱা ৰাহুল ধোলাকিয়াৰ অপৰাধমূলক চলচ্চিত্ৰ ৰেইজত তেওঁ এজন খলনায়কৰূপে পৰিচিত মানুহৰ চৰিত্ৰ ৰূপায়ণ কৰে। মানুহজনে ১৯৮০ৰ দশকত গুজৰাটত চোৰাং মদৰ বেপাৰ কৰি পিছলৈ ডকাইতৰ দলত সোমাইছিল। বাণিজ্যিকভাৱে এই চলচ্চিত্ৰখনে মধ্যমীয়া সাফল্য লাভ কৰিছিল। বিশ্বজুৰি ৰেইজৰ সৰ্বমুঠ উপাৰ্জন আছিল প্ৰায় ₹৩.০৮ বিলিয়ন (US$৪৩ মিলিয়ন) । ইমটিয়াজ আলীৰ জব হেৰি মে'ট ছেজালত এজন ভ্ৰমণ সাৰথিৰ (travel guide) অভিনয়েৰে তেওঁক পুনৰ ৰোমাণ্টিক চৰিত্ৰলৈ ঘূৰি আহিল। ভ্ৰমণ সাৰথিৰূপে তেওঁ এগৰাকী পৰ্য্যটকৰ (অনুষ্কা শৰ্মা) প্ৰেমত পৰিছিল। এই চলচ্চিত্ৰখন বাণিজ্যিকভাৱে ব্যৰ্থ হ'ল। পৰৱৰ্তী সময়ত শ্বাহৰুখে অনুষ্কা শৰ্মা আৰু কেটৰিণা কাইফৰ সৈতে যুটি বান্ধি আনন্দ এল. ৰাইৰ ব্যংগ আৰু কাহিনীসমৃদ্ধ চিত্ৰ জিৰ'ত অভিনয় কৰিলে (২০১৮)। ইয়াত তেওঁ ত্ৰিকোণীয় প্ৰেমত বান্ধ খোৱা বৌৱা সিং নামৰ এজন বাওনাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। চলচ্চিত্ৰখনে সমালোচকৰ পৰা মিশ্ৰিত সহাঁৰি লাভ কৰিছিল যদিও খানৰ অভিনয়ক প্ৰশংসা কৰা হৈছিল। হিন্দুস্তান টাইমছ্ কাকতত ৰাজ সেনে খানৰ অভিনয় সম্পৰ্কে লিখিছিল- "দুৰ্দান্ত প্ৰদৰ্শন আৰু অফুৰন্ত উদ্যমৰ সমাহাৰ"। ফাৰ্ষ্টপোষ্টৰ আনা এম. এম. ভে'টিকাডে তেওঁক বৌৱা সিঙৰ চৰিত্ৰটোত "সাংঘাতিকধৰণে খাপ খাইছে" বুলি মন্তব্য কৰিছিল আৰু কৈছিল যে খানৰ "স্বাভাৱিক উদ্যমী, হাস্যমধুৰ আৰু আকৰ্ষণী ব্যক্তিত্ব" চৰিত্ৰটো ফুটাই তোলাত কামত আহিছে। অৱশ্যে উপাৰ্জনৰ দিশৰ পৰা এইখন চলচ্চিত্ৰয়েও বিশেষ সাফল্য লাভ কৰিব নোৱাৰিলে।
Title | Year | Credited as | Role | Director(s) | Notes | Ref. |
---|---|---|---|---|---|---|
দিৱানা | 1992 | অভিনেতা | ৰাজা চাহাই | Raj Kanwar | Filmfare Award for Best Male Debut | [4] [5] |
চমতকাৰ | 1992 | অভিনেতা | সুন্দৰ শ্ৰীবাস্তৱ | Rajiv Mehra | [6] | |
দিল আস্না হ্যে | 1992 | অভিনেতা | কৰন সিঙ | Hema Malini | [7] | |
ৰাজু বন গয়া জেণ্টলমেন | 1992 | অভিনেতা | ৰাজ মাথোৰ | Aziz Mirza | [8] | |
মায়া মেমচা'ব | 1993 | অভিনেতা | ললীত কুমাৰ | Ketan Mehta | [9] | |
পেহলা নচা | 1993 | অভিনেতা | Himself | Ashutosh Gowariker | Cameo appearance | [10] |
কিং আংকল | 1993 | অভিনেতা | অনিল বঞ্চল | Rakesh Roshan | [11] | |
বাজীগৰ | 1993 | অভিনেতা | বিকী মালহোত্ৰা
(অজয় শৰ্মা)[টোকা 1] |
Abbas-Mustan | Filmfare Award for Best Actor | [16] [17] |
ড'ৰ | 1993 | অভিনেতা | ৰাহুল মেহৰা | Yash Chopra | Nominated—Filmfare Award for Best Performance in a Negative Role | [18] [19] |
কভি হাঁ কভি না | 1994 | অভিনেতা | সুনীল | Kundan Shah | Filmfare Critics Award for Best Actor Nominated—Filmfare Award for Best Actor |
[20] [21] [22] |
আঞ্জাম | 1994 | অভিনেতা | বিজয় অগ্নিহোত্ৰী | Rahul Rawail | Filmfare Award for Best Performance in a Negative Role | [21] [23] |
কৰন অৰ্জুন | 1995 | অভিনেতা | Arjun Singh / Vijay[টোকা 2] | Rakesh Roshan | [30] | |
জামানা দিৱানা | 1995 | অভিনেতা | Rahul Singh | Ramesh Sippy | [31] | |
গুড্ডু | 1995 | অভিনেতা | Guddu Bahadur | Abrar Alvi | [32] | |
অ' দাৰ্লিং! য়ে হে ইণ্ডিয়া! | 1995 | অভিনেতা | Hero | Ketan Mehta | [33] | |
ডিলৱালে দুলহনীয়া লে জায়েংগে | 1995 | অভিনেতা | ৰাজ মালহোত্ৰা | Aditya Chopra | Filmfare Award for Best Actor | [34] [35] |
ৰাম জানে | 1995 | অভিনেতা | Ram Jaane | Rajiv Mehra | [36] | |
ত্ৰিমুৰ্তী | 1995 | অভিনেতা | Romi Singh | Mukul S. Anand | [37] | |
ইংলিছ বাবু দেশী মেম | 1996 | অভিনেতা | Gopal Mayur / Hari Mayur / Vikram Mayur[টোকা 3] |
Praveen Nischol | [39] | |
চাহত | 1996 | অভিনেতা | Roop Rathore | Mahesh Bhatt | [40] | |
আৰ্মি | 1996 | অভিনেতা | Major Arjun Singh | Ram Shetty | [41] | |
Dushman Duniya Ka | 1996 | অভিনেতা | Badru | Mehmood Ali | Special appearance | [42] |
Gudgudee | 1997 | অভিনেতা | Unknown | Basu Chatterjee | Special appearance | [43] |
কয়লা | 1997 | অভিনেতা | Shankar | Rakesh Roshan | [44] | |
য়েচ ব'চ | 1997 | অভিনেতা | Rahul Joshi | Aziz Mirza | Nominated—Filmfare Award for Best Actor | [45] [46] |
পৰদেশ | 1997 | অভিনেতা | Arjun Sagar | Subhash Ghai | [47] | |
ডিল ট' পাগল হে | 1997 | অভিনেতা | ৰাহুল | Yash Chopra | Filmfare Award for Best Actor | [48] [49] |
ডুপ্লিকেট | 1998 | অভিনেতা | Bablu Chaudhry / Manu Dada[টোকা 2] | Mahesh Bhatt | Nominated—Filmfare Award for Best Performance in a Negative Role | [50] [51] |
Achanak | 1998 | অভিনেতা | Himself | Naresh Malhotra | Cameo appearance | [52] |
ডিল চে.. | 1998 | অভিনেতা | Amarkant Verma | Mani Ratnam | [53] | |
কুচ্ কুচ্ হোতা হ্যে | 1998 | অভিনেতা, action director | ৰাহুল খান্না | Karan Johar | Filmfare Award for Best Actor | [54] [55] |
বাদশ্বাহ | 1999 | Actor, playback singer | ৰাজ (বাদশ্বাহ)[টোকা 1] | Abbas-Mustan | Nominated—Filmfare Award for Best Performance in a Comic Role | [56] [57] |
ফিৰ ভি ডিল হে হিন্দুস্তানী | 2000 | অভিনেতা, প্ৰযোজক | Ajay Bakshi | Aziz Mirza | [58] | |
হে ৰাম | 2000 | অভিনেতা | Amjad Khan | Kamal Haasan | Bilingual film in Tamil and Hindi | [59] |
জোচ | 2000 | অভিনেতা, playback singer | Max "Maxy" Dias | Mansoor Khan | [60] | |
Har Dil Jo Pyar Karega | 2000 | অভিনেতা | ৰাহুল | Raj Kanwar | Special appearance | [61] |
মহাব্বতে | 2000 | অভিনেতা | ৰাজ আৰয়ান মালহোত্ৰা | Aditya Chopra | Filmfare Critics Award for Best Actor Nominated—Filmfare Award for Best Actor |
[62] [63] |
Gaja Gamini | 2000 | অভিনেতা | Himself | M. F. Husain | Special appearance | [64] |
One 2 Ka 4 | 2001 | অভিনেতা | অৰুন বৰ্মা | Shashilal K. Nair | [65] | |
অশোকা | 2001 | অভিনেতা, প্ৰযোজক | Ashoka Maurya (Pawan)[টোকা 1] | Santosh Sivan | Nominated—Filmfare Award for Best Film | [66] [67] |
কভি খুচি কভি গ'ম | 2001 | অভিনেতা | ৰাহুল ৰাইচণ্ড | Karan Johar | Nominated—Filmfare Award for Best Actor | [67] [68] |
Hum Tumhare Hain Sanam | 2002 | অভিনেতা | গোপাল | K. S. Adhiyaman | [69] | |
দেৱদাস | 2002 | অভিনেতা | দেৱদাস মুখাৰ্জী | Sanjay Leela Bhansali | Filmfare Award for Best Actor | [70] [71] |
Shakti: The Power | 2002 | অভিনেতা | Jai Singh | Pasupuleti Krishna Vamsi | [72] | |
Saathiya | 2002 | অভিনেতা | Yeshwant Rao | Shaad Ali | Special appearance | [73] |
চলতে চলতে | 2003 | অভিনেতা, প্ৰযোজক | ৰাজ মাথোৰ | Aziz Mirza | [74] | |
ক'ল হ' না হ' | 2003 | অভিনেতা | অমন মাথোৰ | Nikhil Advani | Nominated—Filmfare Award for Best Actor | [75] [76] |
Yeh Lamhe Judaai Ke | 2004 | অভিনেতা | Dushant | Birendra Nath Tiwari | [77] | |
মে হু না | 2004 | অভিনেতা, প্ৰযোজক | ৰাম প্ৰসাদ শৰ্মা | Farah Khan | Nominated—Filmfare Award for Best Film Nominated—Filmfare Award for Best Actor |
[78] [79] |
বীৰ - জাৰা | 2004 | অভিনেতা | বীৰ প্ৰতাপ সিঙ | Yash Chopra | Nominated—Filmfare Award for Best Actor | [79] [80] |
স্বদেশ | 2004 | অভিনেতা | মোহন ভাৰ্গৱ | Ashutosh Gowariker | Filmfare Award for Best Actor | [81] [82] |
Kuchh Meetha Ho Jaye | 2005 | অভিনেতা | Himself | Samar Khan | Special appearance | [83] |
Kaal | 2005 | অভিনেতা, প্ৰযোজক | Unknown | Soham Shah | Special appearance in song "Kaal Dhamaal" | [84] |
Silsiilay | 2005 | অভিনেতা | Sutradhar | Khalid Mohamed | Special appearance | [85] |
Paheli | 2005 | অভিনেতা, প্ৰযোজক | Kishanlal / The Ghost[টোকা 2] | Amol Palekar | [86] | |
Alag | 2006 | অভিনেতা | Unknown | Ashu Trikha | Cameo appearance in song "Sabse Alag" | [87] |
Kabhi Alvida Naa Kehna | 2006 | অভিনেতা, action director | দেৱ সৰন | Karan Johar | Nominated—Filmfare Award for Best Actor | [88] [89] |
ড'ন - দ্যা চেচ বিগিন | 2006 | অভিনেতা, playback singer | ড'ন / বিজয়[টোকা 2] | Farhan Akhtar | Nominated—Filmfare Award for Best Actor | [89] [90] |
I See You | 2006 | অভিনেতা | Unknown | Vivek Agrawal | Cameo appearance in song "Subah Subah" | [91] |
চক্ দে! ইণ্ডিয়া | 2007 | অভিনেতা | কবীৰ খান | Shimit Amin | Filmfare Award for Best Actor | [89] [92] |
Heyy Babyy | 2007 | অভিনেতা | ৰাজ মালহোত্ৰা | Sajid Khan | Special appearance | [93] |
ওঁম শান্তী ওঁম | 2007 | অভিনেতা, action director[টোকা 4] | ওম কাপোৰ / ওম প্ৰকাশ মাখিজা[টোকা 2] |
Farah Khan | Nominated—Filmfare Award for Best Actor | [89] [94] |
Shaurya | 2008 | Narrator | Samar Khan | [103] | ||
Krazzy 4 | 2008 | অভিনেতা | Unknown | Jaideep Sen | Special appearance in song "Break Free" | [104] |
Bhoothnath | 2008 | অভিনেতা | আদিত্য শৰ্মা | Vivek Sharma | Special appearance | [105] |
Kismat Konnection | 2008 | Narrator | Aziz Mirza | [106] | ||
ৰব নে বনা দি জডী | 2008 | অভিনেতা | Surinder Sahni (Raj Kapoor)[টোকা 1] | Aditya Chopra | Nominated—Filmfare Award for Best Actor | [89] [107] |
Luck by Chance | 2009 | অভিনেতা | Himself | Zoya Akhtar | Special appearance | [108] |
Billu | 2009 | অভিনেতা[টোকা 4] | Sahir Khan | Priyadarshan | [95] | |
Dulha Mil Gaya | 2010 | অভিনেতা | Pawan Raj Gandhi | Mudassar Aziz | Special appearance | [109] |
মাই নেম ইজ খান | 2010 | অভিনেতা[টোকা 4] | Rizwan Khan | Karan Johar | Filmfare Award for Best Actor | [96] [110] [111] |
Shahrukh Bola "Khoobsurat Hai Tu" | 2010 | অভিনেতা | Himself | Makarand Deshpande | Cameo appearance | [112] |
Always Kabhi Kabhi | 2011 | অভিনেতা[টোকা 4] | Unknown | Roshan Abbas | Special appearance in song "Antenna" | [97] |
Love Breakups Zindagi | 2011 | অভিনেতা | Himself | Sahil Sangha | Cameo appearance | [113] |
ৰা. ৱান | 2011 | অভিনেতা[টোকা 4] | G.One / Shekhar Subramanium[টোকা 2] | Anubhav Sinha | [98] | |
ড'ন ২ | 2011 | অভিনেতা, প্ৰযোজক, playback singer |
ড'ন | Farhan Akhtar | Nominated—Filmfare Award for Best Film Nominated—Filmfare Award for Best Actor |
[114] [115] |
Student of the Year | 2012 | প্ৰযোজক | প্ৰযোজ্য নহয় | Karan Johar | [116] | |
জ'ব টক জান | 2012 | অভিনেতা, playback singer | Samar Anand | Yash Chopra | Nominated—Filmfare Award for Best Actor | [117] [118] |
Bombay Talkies | 2013 | অভিনেতা | Himself | Various | Special appearance in song "Apna Bombay Talkies" | [119] |
চেন্নাই এক্সপ্ৰেচ | 2013 | অভিনেতা[টোকা 4] | Rahul Y.Y Mithaiwala | Rohit Shetty | Nominated—Filmfare Award for Best Actor | [99] [120] |
Bhoothnath Returns | 2014 | অভিনেতা | আদিত্য শৰ্মা | Nitesh Tiwari | Cameo appearance | [121] |
হেপ্পী নিউ ইয়েৰ | 2014 | অভিনেতা[টোকা 4] | চন্দ্ৰমোহন শৰ্মা (চাৰ্লী) | Farah Khan | [122] | |
ডিলৱালে | 2015 | অভিনেতা[টোকা 4] | Raj "Kaali" Randhir Bakshi | Rohit Shetty | Nominated—Filmfare Award for Best Actor | [123] [124] |
ফেন | 2016 | অভিনেতা | Aryan Khanna / Gaurav Chandna[টোকা 2] |
Maneesh Sharma | Nominated—Filmfare Award for Best Actor | [29] [125] |
Tutak Tutak Tutiya | 2016 | Voiceover in trailer | A. L. Vijay | [126] | ||
Ae Dil Hai Mushkil | 2016 | অভিনেতা | Tahir Taliyar Khan | Karan Johar | Special appearance | [127] |
ডিয়েৰ জিণ্ডগী | 2016 | অভিনেতা[টোকা 4] | Jehangir "Jug" Khan | Gauri Shinde | [100] | |
ৰইচ | 2017 | অভিনেতা[টোকা 4] | ৰইচ আলম | Rahul Dholakia | Nominated—Filmfare Award for Best Actor | [101] [128] |
Tubelight | 2017 | অভিনেতা | Gogo Pasha | Kabir Khan | Cameo appearance | [129] |
Jab Harry Met Sejal | 2017 | অভিনেতা[টোকা 4] | Harinder "Harry" Singh Nehra | Imtiaz Ali | [102] | |
জিৰ' | 2018 | অভিনেতা | বাউৱা সিঙ | Anand L. Rai | [130] |
Title | Year | Role | Director(s) | Notes | Ref. |
---|---|---|---|---|---|
Bollywood im Alpenrausch | 2000 | Himself | Christian Frei | Swiss film Uncredited; cameo appearance |
[131] |
Bollywood for Beginners | 2002 | Himself | Penelope Jagessar Chaffer | British film | [132] |
The Inner and Outer World of Shah Rukh Khan | 2005 | Himself | Nasreen Munni Kabir | [133] | |
Bollywood – Indiens klingendes Kino | 2005 | Himself | Nele Münchmeyer | German film | [134] |
Living with a Superstar – Shahrukh Khan | 2010 | Himself | Samar Khan | ||
Mughal-E-Azam – A Tribute by a son to his father | 2011 | Narrator | Deven Munjal | ||
Living with KKR | 2014 | Himself | Jonathan F. | [137] |
ড্ৰিমজ্ আনলিমিটেডৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে শ্বাহৰুখ খানে ১৯৯৯ চনৰ পৰা ২০০৩ চনৰ ভিতৰত তিনিখন চলচ্চিত্ৰৰ সহ-প্ৰযোজনা কৰিছিল। ইয়াৰ সৈতে চুক্তি ভংগ হোৱাত তেওঁ পত্নী গৌৰীৰ সৈতে লগ হৈ কোম্পানীটোক ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট নামেৰে নতুন ৰূপ দিলে। এই নতুন সংস্থাটোৰ দ্বাৰা চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানৰ সৈতে সহযোগিতা কৰা হয়, দৃশ্যসজ্জাৰ প্ৰভাৱসমূহ (visual effects) আৰু বিজ্ঞাপনৰ কাম-কাজ কৰা হয়। ২০১৫ চনলৈ এই কোম্পানীটোৱে কমেও নখন চলচ্চিত্ৰ নিৰ্মাণ অথবা সহ-নিৰ্মাণ কৰিছে। এই চলচ্চিত্ৰসমূহ প্ৰযোজনাৰ কৃতিত্ব সাধাৰণতে খান অথবা পত্নী গৌৰীয়ে লাভ কৰে। এই চলচ্চিত্ৰসমূহৰ কেইখনমানত তেওঁ নিজেই মুখ্য চৰিত্ৰৰ অভিনয় কৰিছে আৰু আন কেইখনমানত অতিথি শিল্পীৰূূপে ভূমুকি মাৰিছে। ২০১১ চনত নিৰ্মিত চলচ্চিত্ৰ ৰা.ৱানৰ (Ra.One) বিভিন্ন দিশ তেওঁ নিজেই তদাৰক কৰিছিল।
২০১৭ চনৰ পৰা তেওঁ টেড্ কনফাৰেন্সৰ (TED Conferences, LLC) অধীনত টেড্ টক ইণ্ডিয়া নয়ী ছোচ্ নামৰ বক্তৃতানুষ্ঠান এটা পৰিচালনাৰ দায়িত্বও লৈছে। অনুষ্ঠানটো দূৰদৰ্শন চেনেল ষ্টাৰ প্লাছৰ যোগেৰে সম্প্ৰচাৰ কৰা হৈছিল।
শ্বাহৰুখক সঘনে বিভিন্ন মঞ্চ অনুষ্ঠানত ভাগ লোৱা দেখা যায়। তেওঁ অনুষ্ঠান প্ৰদৰ্শন আৰু কনচাৰ্টত অংশ ল'বলৈ ইতিমধ্যে কেবাটাও বিদেশ ভ্ৰমণো কৰিছে। ১৯৯৭ চনত তেওঁ মালয়েছিয়াত অনুষ্ঠিত আশা ভোছলেৰ "মমেণ্টছ্ ইন টাইম কনছাৰ্ট"ত অংশ লৈছিল। পিছৰটো বছৰত কৰিশ্মা কাপুৰৰ সৈতে "শ্বাহৰুখ-কৰিশ্মা: লাইভ ইন মালয়েছিয়া কনছাৰ্ট"ত অংশ ল'বলৈ তেওঁ পুনৰ মালয়েছিয়ালৈ গৈছিল। সেই একেটা বছৰতে তেওঁ জুহি চাওলা, অক্সয় কুমাৰ আৰু কাজলৰ সৈতে The Awesome Foursome শীৰ্ষক বিশ্ব ভ্ৰমণ কাৰ্য্যসূচীৰে সংযুক্ত যুক্তৰাষ্ট্ৰ, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰদৰ্শন আগবঢ়াইছিল। এই কাৰ্য্যসূচীটো পৰৱৰ্তী বছৰত মালয়েছিয়াতো কৰা হৈছিল। ২০০২ চনত মানচেষ্টাৰৰ অ'ল্ড ট্ৰে'ফ'ৰ্ড আৰু লণ্ডনৰ হাইদছ্ পাৰ্কত অনুষ্ঠিত "ফ্ৰম ইণ্ডিয়া ৱিথ লাইফ" অনুষ্ঠানটোত অমিতাভ বচ্ছন, আমীৰ খান, প্ৰীতি জিণ্টা আৰু ঐশ্বৰ্য্য ৰায়ৰ সৈতে তেৱোঁ অংশ লৈছিল। অনুষ্ঠানটোত ১০০০০০ৰো অধিক লোক উপস্থিত আছিল।
২০০৮ চনত খানে জুহি চাওলা আৰু তেওঁৰ স্বামী জয় মেহতাৰ সহযোগত টুৱেণ্টি২০ ক্ৰিকেট টুৰ্নামেণ্ট ভাৰতীয় প্ৰিমিয়াৰ লীগৰ কলকাতাৰ হৈ খেলিবলগীয়া ফ্ৰেন্সাইজ দলটোৰ মালিকীস্বস্ত্ব আহৰণ কৰে। ৭৫.০৯ মিলিয়ন আমেৰিকান ডলাৰৰ বিনিময়ত কিনি লোৱা এই দলটোৰ নাম কলকাতা নাইট ৰাইডাৰ্ছ্ (কে কে আৰ) ৰখা হ'ল। ৪২.১ মিলিয়ন আমেৰিকান ডলাৰ ব্ৰে'ণ্ড ভ্যে'লুৰে ২০০৯ চনৰ ভিতৰত কে.কে.আৰ. দলটো আই পি এলৰ অন্যতম চহকী দল আছিল। কিন্তু প্ৰথম তিনিটা বছৰত দলটোৰ প্ৰদৰ্শন অতি নিম্নপৰ্য্যায়ৰ আছিল। পিছত দলটোৰ প্ৰদৰ্শন পূৰ্বতকৈ ভালেখিনি উন্নত হ'ল আৰু ২০১২ চনত প্ৰথমবাৰৰ বাবে কেকেআৰে চেম্পিয়নৰ খিতাপ দখল কৰিলে। ২০১৪ চনত দলটো পুনৰবাৰ চেম্পিয়ন হ'ল।
ভাৰতীয় সংবাদ মাধ্যমত শ্বাহৰুখ খানে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। তেওঁক প্ৰায়েই "কিং খান", "বাদশ্বাহ অৱ্ বলিউড" আৰু "কিং অৱ্ বলিউড" শিৰোনামৰে বুজোৱা হয়। প্ৰতি বছৰেই দুই তিনিখন চলচ্চিত্ৰৰে জনসাধাৰণক আমোদ দিয়া, দূৰদৰ্শন আৰু বাতৰি কাকতৰ যোগেৰে বিজ্ঞাপন দিয়া, ভাৰতৰ চহৰসমূহত ডাঙৰ ডাঙৰ পোষ্টাৰৰ ফটোত দেখা পোৱা শ্বাহ ৰুখক অনুপমা চোপ্ৰাই "চিৰ বিদ্যমান চে'লিব্ৰিটি" আখ্যা দিছে। ২০০৮ চনত নিউৱিকে তেওঁক বিশ্বৰ সবাতোকৈ প্ৰভাৱশীল ৫০ জন লোকৰ এজন বুলি কৈছিল আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ চলচ্চিত্ৰ তাৰকা (World's biggest movie star) বুলি অভিহিত কৰিছিল। ২০১১ চনত লছ্ এঞ্জেলছ্ টাইমছৰ ষ্টিভেন জেইটছিকে শ্বাহৰুখ সম্পৰ্কে মন্তব্য কৰিছিল- "the biggest movie star you've never heard of...perhaps the world's biggest movie star, period"। জনপ্ৰিয়তা সম্পৰ্কে চলোৱা সমীক্ষাত পোৱা গৈছিল যে বিশ্বৰ ৩.২ বিলিয়ন মানুহে শ্বাহৰুখ খানক চিনি পায়। এই সংখ্যাটো হলিউডৰ টম ক্ৰুইজতকৈও বেছি। খান ভাৰতৰ সবাতোকৈ সম্পদশীল চে'লিব্ৰিটিৰ তালিকাতো আছে। ফ'বৰ্ছ ইণ্ডিয়াৰ "শীৰ্ষ ১০০ চে'লিব্ৰিটি"ৰ তালিকাত তেওঁ ২০১২, ২০১৩ আৰু ২০১৫ চনত শীৰ্ষস্থানত আছিল। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪০০–৬০০ নিযুত আমেৰিকান ডলাৰৰ ভিতৰত থাকিব বুলি অনুমান কৰা হৈছে। দেশ-বিদেশৰ বহু ঠাইত খানৰ সম্পত্তি আছে। ইয়াৰ ভিতৰত লণ্ডনত GB£২০ নিযুত অৰ্থমূল্যৰ এটা এপাৰ্টমেণ্ট আৰু ডুবাইৰ পাম জুমেইৰাহত এটা প্ৰাসাদগৃহ আছে।
ভাৰতৰ সবাতোকৈ জনপ্ৰিয়, চৌখিন আৰু প্ৰভাৱশীল লোকৰ তালিকাত প্ৰায়েই শ্বাহৰুখ খানৰ নাম দেখা যায়। দ্য টাইমছ্ অৱ্ ইণ্ডিয়াৰ ৫০ জন শীৰ্ষ ভাৰতীয় আকাংক্ষিত পুৰুষৰ তালিকাত তেওঁ নিয়মিতভাৱে স্থান পাই আহিছে। ২০০৭ চনত ইষ্টাৰ্ন আই আলোচনীখনে আয়োজন কৰা ভোটদানৰ দ্বাৰা খান এছিয়াৰ সবাতোকৈ যৌন আৱেদনময়ী পুৰুষৰূপে নিৰ্বাচিত হৈছিল। ভালেমান ব্ৰে'ণ্ড আৰু উদ্যোগী কাম-কাজৰ সৈতে চুক্তিৱদ্ধ হোৱা বাবে বহসময়ত সংবাদ মাধ্যমে তেওঁক "ব্ৰে'ণ্ড এছ আৰ কে" বুলিও অভিহিত কৰে। তেওঁ বলিউডৰ সৰ্বাধিক উপাৰ্জনকাৰী লোকসকলৰ মাজৰো এজন। দূৰদৰ্শনৰ বিজ্ঞাপনত সবাতোকৈ বেছি দেখা পোৱা তাৰকাৰ তালিকাতো শ্বাহৰুখৰ নাম প্ৰথমেই আহিব। দূৰদৰ্শনৰ বিজ্ঞাপনৰ মুঠ বাজেটৰ কেতিয়াবা ছয় শতাংশ পৰ্য্যন্ত তেওঁ অংশীদাৰ হৈ পাইছে। তেওঁ চুক্তিৱদ্ধ হোৱা কেইটামান উল্লেখযোগ্য ব্ৰে'ণ্ড হৈছে- পেপছি, নকিয়া, হিয়ুণ্ডাই, ডিশ্ব টিভি, ডি'ডেকৰ, লাক্স ইত্যাদি। তেওঁৰ সম্পৰ্কে কিতাপ ৰচিত হৈছে আৰু তেওঁৰ জনপ্ৰিয়তাক ইতিমধ্যে ভালেমান তথ্যচিত্ৰতো দাঙি ধৰা হৈছে। ইয়াৰ ভিতৰত দুটা খণ্ডৰ তথ্যচিত্ৰ The Inner and Outer World of Shah Rukh Khan (২০০৫) আৰু ডিছক'ভাৰি ট্ৰে'ভেল & লিভিং চেনেলযোগে প্ৰচাৰিত দহটা খণ্ডৰ ক্ষুদ্ৰ ধাৰাবাহিক Living with a Superstar—Shah Rukh Khan (২০১০) বিশেষভাৱে উল্লেখযোগ্য। ২০০৭ চনত তেওঁৰ মমৰ মূৰ্তি এটা লণ্ডনস্থিত মাডাম টুছু সংগ্ৰহালয়ত স্থাপন কৰা হয়। ঐশ্বৰ্য্য ৰায় আৰু অমিতাভ বচ্ছনৰ পিছত এই সন্মান পোৱা তেওঁ তৃতীয়গৰাকী ভাৰতীয় চলচ্চিত্ৰ তাৰকা। পিছলৈ লছ এঞ্জলছ্, হংকং, নিউয়ৰ্ক আৰু ৱাশ্বিংটনত অৱস্থিত মাডাম টুছু সংগ্ৰহালয়তো তেওঁৰ মূৰ্তি একোটা যোগ দিয়া হয়।
শ্বাহ ৰুখ খান বলিউডৰ জগতখনত সবাতোকৈ বেছি বঁটা-বাহনেৰে স্বীকৃত অভিনেতাসকলৰ এজন। তেওঁ ফিল্মফেয়াৰ বঁটাৰ বাবে ৩০টা মনোনয়ন লাভ কৰিছে আৰু ইয়াৰে ১৪টা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৮ বাৰ তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ স্বীকৃতিস্বৰূপে এই বঁটা লাভ কৰিছিল। এইক্ষেত্ৰত তেওঁ অভিনেতা দিলীপ কুমাৰৰ সৈতে যুটীয়াভাৱে শীৰ্ষস্থানত আছে। তেওঁ শ্ৰেষ্ঠ অভিনেতাৰূপে ফিল্মফেয়াৰ বঁটা পোৱা চলচ্চিত্ৰকেইখন হৈছে- বাজীগৰ (১৯৯৩), দিলৱালে' দুলহানিয়া লে' জায়েংগে' (১৯৯৫), দিল ট' পাগল হে' (১৯৯৭), কুছ্ কুছ্ হোতা হে' (১৯৯৮), দেৱদাস (২০০২), স্বদেশ (২০০৪), চক দে'! ইণ্ডিয়া (২০০৭) আৰু মাই নে'ম ইজ খান (২০১০)। তেওঁ এতিয়ালৈকে নেশ্বনেল ফিল্ম এৱাৰ্ড লাভ কৰা নাই যদিও ২০০৫ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। ২০০৭ চনত ফ্ৰান্স চৰকাৰে শ্বাহ ৰুখক "অৰ্ডাৰ দে' আৰ্টছ্ এ'ট দে' লেটাৰ্ছ্" (Ordre des Arts et des Lettres) সন্মান আৰু ২০১৪ চনত ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান "লিজিয়ন দিঅনাৰ" (Légion d'honneur) প্ৰদান কৰিছিল।
|
উদ্ধৃতি ত্ৰুটি: <ref>
টেগ্সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/>
টেগ্ পোৱা নগ'ল