শ্বেতা চেট্টী (ইংৰাজী: Shweta Shetty; জন্ম: ২০ জুন ১৯৬৯) এগৰাকী ভাৰতীয় কন্ঠশিল্পী যি তেওঁৰ এলবামৰ বাবে আৰু বলীউড চলচ্চিত্ৰ চাউণ্ডট্ৰেকলৈ তেওঁৰ অৱদানৰ বাবে জনাজাত। তাই হিন্দী আৰু কানাড়া ভাষাত গান গায়।[1][2][3][4]
শ্বেতা চেট্টী | |
---|---|
জন্ম | ২০ জুন, ১৯৬৯ (৫৫ বছৰ) মুম্বাই, ভাৰত |
অন্য নাম | শ্বেতা |
পেচা | কন্ঠশিল্পী |
সক্ৰিয় হৈ থকা সময় | ১৯৯০ পৰা বতমানলৈ |
সাংগীতিক কেৰিয়াৰ | |
বাদ্যযন্ত্ৰ | কণ্ঠ |
১৯৯০ চনত শ্বেতাৰ প্ৰথম এলবাম আৰু ১৯৯১ চনত দ্বিতীয় এলবাম সেই সময়ত মুক্তি পাইছিল যেতিয়া কোনো সংগীত চেনেল নাছিল। তাৰ পিছত, ১৯৯৩ চনত, তেওঁৰ তৃতীয় এলবাম "জনি জোকাৰছ" মুকলি কৰা হৈছিল যিটো বাণিজ্যিক সফলতা আছিল। পিছত, তেওঁ তেওঁৰ সহ-শিল্পী যেনে শান, সাগৰিকা মুখাৰ্জী, সুনীতা ৰাও, আলিশা চীনা, মহালক্ষ্মী আয়াৰ, জুবিন গাৰ্গ, জংকী বৰঠাকুৰ, শুভ মুদগল, সুচিত্ৰা কৃষ্ণমূৰ্তি, অলকা য়াগনিক, উদিত নাৰায়ণ, কুমাৰ চানু, চনু নিগম আদিৰ সৈতে কেইবাটাও এলবাম আৰু চলচ্চিত্ৰৰ গান গাইছিল।[5] চেট্টীয়ে এজন জাৰ্মান, খ্ৰীষ্টান ব্ৰেণ্ডৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।[6]
![]() |
ৱিকিমিডিয়া কমন্সত শ্বেতা চেট্টী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |