শৰপহু | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
উপবৰ্গ: | Ruminantia |
পৰিয়াল: | Cervidae |
উপপৰিয়াল: | Cervinae |
গণ: | Rusa |
প্ৰজাতি: | R. unicolor |
বৈজ্ঞানিক নাম | |
Rusa unicolor (Kerr, 1792) | |
সমাৰ্থক | |
|
শৰপহু (ইংৰাজী: Sambar) দক্ষিণ এছিয়া তথা দক্ষিণ-পূব এছিয়া ত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি। ভাৰতবৰ্ষতো এই প্ৰাণীবিধ বহুল ভাৱে বিস্তৃত হৈ আছে। পহুৰ প্ৰজাতি সমূহৰ ভিতৰত শৰপহু অন্যতম বৃহৎ প্ৰজাতি। শৰপহু বাঘৰ এবিধ প্ৰিয় চিকাৰ বুলি জনা যায়[1]।
প্লিষ্টচিন যুগৰ শৰপহুৰ জীৱাশ্ম উদ্ধাৰে এই জীৱ বিধ দক্ষিণ এছিয়াত প্ৰথম উৎপত্তি হৈছিল বুলি প্ৰমাণ কৰিছে। তাৰ পিছত ক্ৰমান্বয়ে ই হয়তো অন্যান্য বসতিস্থল সমূহলৈ বিস্তাৰিত হ’ল[2]।
বৰ্তমানলৈকে শৰপহুৰ সাতবিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে[2][3] -
উপ-প্ৰজাতি | সাধাৰণ নাম | বিতৰণ |
---|---|---|
R. u. boninensis | বনিন শৰপহু (Bonin Sambar Deer) | বনিন দ্বীপ (লুপ্তপ্ৰায়) |
R. u. brookei | বৰ্ণিয়’ | |
R. u. cambojensis | ইণ্ডোনেছিয়া আৰু মালয়েছিয়া | |
R. u. dejeani | দক্ষিণ চীনৰ শৰপহু | দক্ষিণ তথা দক্ষিণ-পশ্চিম চীন |
R. u. equina | মালয়ান শৰপহু (Malayan Sambar Deer) | সুমাত্ৰা |
R. u. hainana | হায়নান শৰপহু (Hainan Sambar Deer) | হায়নান দ্বীপ, চীন |
R. u. swinhoii | ফৰমছান শৰপহু (Formosan Sambar Deer) | টাইৱান |
R. u. unicolor | শ্ৰীলংকাৰ শৰপহু | ভাৰতবৰ্ষ, বাংলাদেশ, শ্ৰীলংকা |
শৰপহুৰ দৈহিক গঠন ঠাই বিশেষে ভিন্ন হোৱা দেখা যায়। সাধাৰণতে ইয়াৰ কান্ধলৈকে উচ্চতা প্ৰায় ১০২-১৬০ ছে: মি: আৰু ওজন প্ৰায় ২২৫-৩২০ কি: গ্ৰা:[4]। পশ্চিমৰ উপ-প্ৰজাতি সমূহৰ দেহৰ আকাৰ পূব দিশত বিস্তৃত জন্তুতকৈ ডাঙৰ হোৱা দেখা যায়[2]।
দেহৰ বৰণ হালধীয়া-মটীয়া বা ডাঠ মটীয়া হয়। শৰপহুৰ সৰু কিন্তু ঘন কেশৰো থাকে। তুলনামূলক ভাৱে দীঘল, ক’লা নেজ এডাল থাকে। [2] মতা শৰপহুৰ মূৰত শিং (antler) থাকে।
শৰপহু প্ৰধানত: ভাৰতবৰ্ষ, বাৰ্মা, থাইলেণ্ড, ইণ্ডোনেছিয়া, চীন আৰু সুমাত্ৰা তথা বৰ্ণিয়’ ত পোৱা যায়[1]।
শৰপহুয়ে পৰ্ণপাতী অৰণ্যৰ ডাঠ জোপোহা তথা ঘাঁহনিত থাকি ভাল পায়[5]। এই প্ৰাণীবিধে ঘাঁহ, পাত, ফল-মূল আদি খাদ্য হিচাপে গ্ৰহণ কৰে[5]।
শৰপহু সাধাৰণতে নিশাচৰ। মতা প্ৰাণীবোৰে জীৱনৰ সৰহভাগ সময় অকলশৰেই কটায়। মাইকী শৰপহু সৰু সৰু দলত বাস কৰে। পানীৰ উৎসৰ কাষত থাকে। শৰপহু সাঁতোৰাত পাকৈত বুলি জনা যায়[2]। আনবোৰ পহুৰ দৰেই শৰপহু স্বভাৱত শান্ত প্ৰাণী।
ই সমগ্ৰ বছৰ ধৰি প্ৰজনন কৰে। মাইকী প্ৰাণীয়ে আঠ মাহলৈকে গৰ্ভধাৰণ কৰে। সাধাৰণতে এবাৰত এটাকৈ পোৱালি জন্ম হয়। পোৱালিয়ে জন্মৰ ৫-১৪ দিনৰ ভিতৰত কঠিন আহাৰ খাবলৈ আৰম্ভ কৰে[6]।
সাধাৰণতে আয়ুস প্ৰায় ১২ বছৰমান হয়[2]।