ষষ্ঠী

ষষ্ঠী
শিশু, প্ৰজনন, শিশু জন্ম আৰু ধাত্ৰীৰ দেৱী
অন্য নাম দেৱসেনা, কুমাৰী
দেৱনাগৰী षष्ठी
সংস্কৃত লিপ্যন্তৰ Ṣaṣṭhī
বঙালী ষষ্ঠী
সম্পৰ্ক দেৱী, প্ৰকৃতি
নিবাস স্কন্দলোক
মন্ত্ৰ ঔম ষষ্ঠী দেৱী নমঃ
সঙ্গী কাৰ্তিক
আসন/বাহন মেকুৰী
হিন্দু পাঠ্য ব্ৰহ্মবৈবৰ্ত পুৰাণ, দেৱী ভগবৎ পুৰাণ

ষষ্ঠী (সংস্কৃত: षष्ठी, বঙালী: ষষ্ঠী, হিন্দী: छठी) এগৰাকী হিন্দু দেৱী৷ নেপাল আৰু ভাৰতত এই দেৱীক শিশুৰ কল্যানকাৰী আৰু ৰক্ষক হিচাপে পূজা কৰা হয়। গছ-গছনি আৰু প্ৰজননৰ দেৱী তথা দেৱীয়ে সন্তান প্ৰদান কৰাৰ লগতে প্ৰসৱৰ সময়ত সহায় কৰে বুলি বিশ্বাস কৰা হয়। বাহন মেকুৰীত বিৰাজ কৰি দেৱীয়ে এটা বা ততোধিক কেঁচুৱাক স্তনপান কৰাই থকা মাতৃসুলভ মূৰ্তি হিচাপে দেৱীক চিত্ৰায়িত কৰা হয়।arms.[1][2] প্ৰতীকীভাৱে বিভিন্ন ৰূপত দেৱীক প্ৰতিনিধিত্ব কৰা হৈছে, সেইবোৰৰ ভিতৰত মাটিৰ কলহ, আহঁত গছ বা তাৰ এটা অংশ বা এনে গছৰ তলত থকা ৰঙা শিল ইত্যাদি৷ ষষ্ঠী দেৱীৰ পূজা হিন্দু পঞ্জিকাৰ প্ৰতিটো চান্দ্ৰ মাহৰ ষষ্ঠ দিনটোৰ লগতে শিশু জন্মৰ পিছৰ ষষ্ঠ দিনটোতো পালন কৰা হৈয়। গৰ্ভধাৰণ কৰিবলৈ ইচ্ছুক মহিলা আৰু সন্তানৰ সুৰক্ষা নিশ্চিত কৰিব বিচৰা মাতৃসকলে ষষ্ঠী দেৱীক পূজা কৰে আৰু তেওঁৰ আশীৰ্বাদ আৰু সাহায্য বিচাৰে। বিশেষকৈ পূব ভাৰতত তেওঁক পূজা কৰা হয়।

ষষ্ঠী দেৱীক ছঠী মাইয়া (छठी मईया) নামেৰেও জনা যায়৷ ষষ্ঠী পূজাৰ সময়ত প্ৰকৃতি দেৱীৰ ষষ্ঠ ৰূপ আৰু ভগৱান সূৰ্য্যৰ ভগ্নীক পূজা কৰা হয়। দীপাৱলীৰ ছয় দিন পিছত অৰ্থাৎ হিন্দু পঞ্জিকাৰ বিক্ৰম সংবতৰ চান্দ্ৰ মাহ কাৰ্তিকা (অক্টোবৰ–নৱেম্বৰ)ৰ ষষ্ঠ দিনা পালন এই পূজা কৰা হয়। এই অনুষ্ঠান চাৰিদিনলৈকে পালন কৰা হয়। পবিত্ৰ স্নান, উপবাস আৰু ব্ৰত, পানীত থিয় হোৱা, অস্ত আৰু উদয় সূৰ্য্যক প্ৰসাদ (প্ৰাৰ্থনা) আৰু অৰ্ঘ্য আগবঢ়োৱা আদি ৰীতি পালন কৰা হয়। একাংশ ভক্তই নদীৰ পাৰলৈ গৈ প্ৰণাম যাত্ৰাও কৰে।

বেছিভাগ পণ্ডিতৰ মতে ষষ্ঠীৰ মূল হিন্দু লোক পৰম্পৰাৰ পৰাই আৰম্ভ হৈছিল। এই দেৱীৰ উল্লেখ খ্ৰীষ্টপূৰ্ব অষ্টম আৰু নৱম শতিকাৰ হিন্দু শাস্ত্ৰত পোৱা যায়, য'ত তেওঁৰ সৈতে শিশুৰ লগতে হিন্দু যুদ্ধদেৱতা স্কন্দৰ সম্পৰ্ক আছে।[3] এই শাস্ত্ৰসমূহত তেওঁক স্কন্দৰ পোষক মাতৃ বুলি গণ্য কৰে যদিও পিছৰ গ্ৰন্থসমূহত তেওঁক স্কন্দৰ পত্নী দেৱসেনাৰ সৈতে চিনাক্ত কৰা হৈছে। কিছুমান প্ৰাৰম্ভিক গ্ৰন্থত য'ত ষষ্ঠী স্কন্দৰ পৰিচাৰিকা হিচাপে দেখা যায়, তাত তেওঁ মাতৃ আৰু শিশুৰ ৰোগ সৃষ্টি কৰা বুলি কোৱা হয়, আৰু সেয়েহে প্ৰসৱৰ পিছৰ ষষ্ঠ দিনত তেওঁৰ প্ৰশংসা কৰাৰ প্ৰয়োজন হৈছিল। কিন্তু সময়ৰ লগে লগে এই মাৰাত্মক দেৱীক সন্তানৰ কল্যাণকাৰী ত্ৰাণকৰ্তা আৰু দানকাৰী হিচাপে দেখা যায়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Stutley, Margaret. "Ṣaṣṭhī". The Illustrated Dictionary of Hindu Iconography. পৃষ্ঠা. 127. 
  2. Wilkins, W. J. (1900). Hindu Mythology, Vedic and Puranic. Sacred Texts Archive. পৃষ্ঠা. 477. ISBN 1-4021-9308-4. http://www.sacred-texts.com/hin/hmvp/hmvp47.htm. 
  3. Srinivasan, Doris Meth (1997). "Ṣaṣṭhī". Many heads, arms, and eyes: origin, meaning, and form of multiplicity in Indian art. Brill. পৃষ্ঠা. 333–5. ISBN 90-04-10758-4.