ষ্টিৱেন হকিং | |
---|---|
![]() ১৯৮০ৰ দশকত নাছাত ষ্টিৱেন হকিং | |
জন্ম | ষ্টিৱেন ৱিলিয়াম হকিং ৮ জানুৱাৰী, ১৯৪২ অক্সফোৰ্ড, ইংলেণ্ড |
মৃত্যু | ১৪ মাৰ্চ, ২০১৮ (৭৬ বছৰ) কেমব্ৰিজ, ইংলেণ্ড |
বাসস্থান | যুক্তৰাজ্য |
জাতীয়তা | ব্ৰিটিছ |
ক্ষেত্ৰ |
|
কৰ্মস্থান |
|
শিক্ষানুষ্ঠান |
|
ডক্তৰেল পৰামৰ্শদাতা | ডেনিছ চিএমা |
আন শৈক্ষিক পৰামৰ্শদাতা | ৰবাৰ্ট বেৰমান |
উল্লেখযোগ্য বিদ্যাৰ্থী |
|
জনা যায় |
|
প্ৰভাৱ |
|
উল্লেখনীয় বঁটা |
|
দাম্পত্যসঙ্গী |
|
স্বাক্ষৰ![]() |
ষ্টিৱেন ৱিলিয়াম হকিং (ইংৰাজী: Stephen William Hawking; ৮ জানুৱাৰী ১৯৪২ – ১৪ মাৰ্চ ২০১৮) হৈছে এজন তাত্ত্বিক পদাৰ্থবিদ, ব্ৰহ্মাণ্ডবিজ্ঞানী আৰু লেখক। তেওঁৰ বৈজ্ঞানিক তথ্যসমৃদ্ধ গ্ৰন্থসমূহে তেওঁক জীৱনকালতেই এক অনন্য কিংবদন্তীত পৰিণত কৰিছিল। তেওঁ মৃত্যুৰ আগতে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ 'চেণ্টাৰ ফৰ থিওৰেটিকেল কজমলজি'ৰ গৱেষণা পৰিচালক আছিল আৰু ১৯৭৯ চনৰপৰা ২০০৯ চন পৰ্যন্ত কেমব্ৰিজ বিশ্ববিদ্যালয়ত গণিতৰ লুকাচীয় অধ্যাপক আছিল। তেওঁ 'ৰয়েল ছ’ছাইটি অৱ আৰ্টছ'ৰ সন্মানীয় ফেল’, 'পণ্টিফিকেল একাডেমী'ৰ আজীৱন সদস্য, আৰু ২০০৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মান 'প্ৰেচিডেন্সিয়েল মেডেল অৱ ফ্ৰীডম' সন্মানেৰে ভূষিত কৰা হৈছিল। মটৰ নিউৰন ৰোগৰ (Motor neuron disease) দৰে এক মাৰাত্মক ব্যাধিৰ সৈতে সহবাস কৰিও নিজস্ব ইচ্ছাশক্তি আৰু অধ্যৱসায়েৰে বিজ্ঞান জগতত এক চমৎকাৰী সত্তা হিচাপে নিজকে তেওঁ উপস্থাপন কৰিব পাৰিছিল। ২০১৮ চনৰ ১৪ মাৰ্চ তাৰিখে যুক্তৰাজ্যৰ কেমব্ৰিজত অৱস্থিত নিজা বাসভৱনত তেওঁৰ মৃত্যু হয়।[1]
১৯৪২ চনৰ ৮ জানুৱাৰীত ইংলেণ্ডৰ অ'ক্সফ'ৰ্ডত হকিঙৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আৰু মাতৃ আছিল ক্ৰমে ড॰ ফ্ৰেংক হকিং আৰু ইছাবেল হকিং।[2][3]
ছেণ্ট এলবান হাইস্কুলত শিক্ষা গ্ৰহণ। ১৯৬২ চনত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বি এ ডিগ্ৰী পোৱাৰ পিছত তাতে তেওঁ মহাকাশ বিজ্ঞান অধ্যয়ন কৰে। তেওঁ ক্ৰমে ট্ৰিনিটি হল আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ত সিদ্ধান্তগত মহাকাশ বিজ্ঞান আৰু অন্তৰীক্ষ বিজ্ঞান অধ্যয়ন কৰে।
ষ্টিৱেন হকিঙে প্ৰধানকৈ বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক সূত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ৰ'জাৰ পেনৰ'জৰ সৈতে তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল যে আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰই দৰ্শায় যে মহাকাশ আৰু সময়ৰ আৰম্ভণি বিগ বেঙৰ জৰিয়তে আৰু সমাপ্তি হয় কৃষ্ণগহ্বৰত। তেওঁ চেণ্টাৰ ফৰ থিয়ৰিটিকেল কচম’ল’জি, কেমব্ৰিজত গৱেষণা সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০১৮ চনৰ ১৪ মাৰ্চ তাৰিখে ইংলেণ্ডৰ কেমব্ৰিজত অৱস্থিত নিজা বাসগৃহত তেওঁৰ দেহাৱহান হয়।