ষ্টেনলি কুবৰিক | |
---|---|
জন্ম | ২৬ জুলাই, ১৯২৮ নিউয়ৰ্ক মহানগৰ, নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ৭ মাৰ্চ, ১৯৯৯ (৭০ বছৰ) হাৰ্পেণ্ডেন, হাৰ্টফ'ৰ্ডশায়াৰ, ইংলেণ্ড |
ৰাষ্ট্ৰীয়তা | আমেৰিকা যুক্তৰাষ্ট্ৰ |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ১৯৫১–১৯৯৯ |
দাম্পত্যসঙ্গী |
|
সন্তান |
|
ষ্টেনলি কুবৰিক (ইংৰাজী: Stanley Kubrick; ২৬ জুলাই, ১৯২৮ – ৭ মাৰ্চ, ১৯৯৯) আছিল এজন আমেৰিকান ছবি পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক। তেওঁক ছবিজগতৰ এগৰাকী প্ৰভাৱশালী নিৰ্মাতা হিচাপে বিবেচনা কৰা হয়। তেওঁৰ ছবিসমূহ মূলতঃ উপন্যাস আৰু চুটি গল্পৰ আধাৰত নিৰ্মিত। তেওঁৰ ছবিসমূহে ছবিৰ বিভিন্ন প্ৰকাৰক সাঙুৰি লয় আৰু তেওঁৰ ছবিত বাস্তৱবাদ, ডাৰ্ক হিউমাৰ, মৌলিক চিত্ৰগ্ৰহণ, বিস্তৃত ছে'ট ডিজাইন আৰু সংগীতৰ শৈল্পিক ব্যৱহাৰ দেখিবলৈ পোৱা যায়।[1]
কুবৰিকৰ জন্ম হৈছিল নিউয়ৰ্কৰ মানহাট্টান চহৰৰ লায়িং ইন হাস্পতালত, এটা ইহুদী পৰিয়ালত।[2][3] তেওঁৰ দেউতাকৰ নাম আছিল জেকব লিঅ'নাৰ্ড কুবৰিক (২১ মে' ১৯০২ – ১৯ অক্টোবৰ,১৯৮৫), যি জেক অথবা জেকুছ নামেৰে পৰিচিত আছিল। ষ্টেনিলৰ মাতৃৰ নাম আছিল ছেডি গাৰট্ৰুড কুবৰিক (২৮ অক্টোবৰ ১৯০৩ –২৩ এপ্ৰিল ১৯৮৫), যি গাৰ্ট নামেৰে পৰিচিত আছিল। ষ্টেনলি তেওঁলোকৰ প্ৰথমটো সন্তান আছিল। ষ্টেনলিৰ ভনীয়েকৰ নাম আছিল বাৰবাৰা মেৰি কুবৰিক। তেওঁৰ ১৯৩৪ চনত জন্ম হৈছিল। [4]
ভনীয়েকৰ মৃত্যুৰ পিছত ষ্টেনলিয়ে ব্ৰংস্কৰ পাব্লিক স্কুল ৩-ত শিক্ষাগ্ৰহণ আৰম্ভ কৰে আৰু ১৯৩৮ চনত পাব্লিক স্কুল ৯০-লৈ যায়গৈ। তেওঁৰ বৌদ্ধিক সূচাংক সামগ্ৰিক গড়তকৈ উচ্চখাপৰ আছিল যদিও বিদ্যালয়ত তেওঁৰ উপস্থিতি একেবাৰেই সেৰেঙা আছিল। [3] খুবেই সৰু কালৰ পৰা তেওঁ সাহিত্যৰ প্ৰতি এক আকৰ্ষণ অনুভৱ কৰিছিল আৰু গ্ৰীক তথা ৰোমান প্ৰবাদবোৰ, গ্ৰীম ব্ৰাদাৰছৰ সাধুবোৰ পঢ়িবলৈ লৈছিল। সেই অনুৰাগে তেওঁৰ মনত "ইউৰোপৰ প্ৰতি এক দীৰ্ঘদিনীয়া স্নেহ"-ৰ জন্ম দিছিল। [5]
কুবৰিকৰ বয়স যেতিয়া ১২ বছৰ হ'ল, তেতিয়া দেউতাকে তেওঁক দবা খেলটো খেলিবলৈ শিকালে। দবা খেলৰ মাদকতাই কুবৰিকৰ জীৱনক বাৰুকৈয়ে সমৃদ্ধ কৰি ৰাখিছিল।[6] তেওঁৰ কেইবাখনো ছবিত দবা খেল দেখিবলৈ পোৱা যায়। [7] তেওঁ পাছলৈ আমেৰিকাৰ দবা সংঘৰো এজন সদস্য হৈছিল। কুবৰিকক দবা খেলে ধৈৰ্য আৰু নিয়মানুৱৰ্তিতা শিকাইছিল বুলি তেওঁ ক'ব খোজে। [8] ১৩ বছৰ বয়সত, কুবৰিকক দেউতাকে এটা গ্ৰাফ্লেক্স কেমেৰা আনি দিছিল, যিটো কেমেৰাই তেওঁক ষ্টিল ফটোগ্ৰাফীৰৰ প্ৰতি আগ্ৰহী কৰি তোলে। তেওঁৰ চুবুৰীয়া মাৰ্ভিন ট্ৰুবৰ লগত ঘনিষ্ঠতা গঢ়ি তোলে, যিজন বন্ধুৰো ফটোগ্ৰাফীৰ প্ৰতি এক নিচা আছিল। [9] ট্ৰুবৰ এটা নিজা ডাৰ্ক ৰুম আছিল, য'ত কুবৰিক আৰু তেওঁ মিলি বহুতো ঘণ্টা অতিবাহিত কৰিছিল আৰু ৰাসায়নিকবোৰে "যাদুৰ দৰে ফটোগ্ৰাফিক পেপাৰত ছবি সৃষ্টি কৰা" কাৰ্য চাই আছিল। [4]
কুবৰিকে নিউয়ৰ্কত থকা উইলিয়াম হাৱাৰ্ড টাফ্ট হাইস্কুলত নামভৰ্তি কৰিছিল। সেইয়া আছিল ১৯৪১-১৯৪৫ চনৰ কথা।[10] তেওঁ স্কুলৰ ফটোগ্ৰাফিক ক্লাবত যোগদান কৰিছিল, যিটো ক্লাৱে তেওঁৰ স্কুলত অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যাৱলীৰ ফটো গ্ৰহণ কৰিবলৈ সুবিধা দিছিল। সেই ছবিবোৰ পাছলৈ স্কুলৰ আলোচনীত প্ৰকাশিত হৈছিল। [4] অৱশ্যে ছাত্ৰ হিচাপে কুবৰিক মজলীয়া মেধাৰ ছাত্ৰহে আছিল। [11] অন্তৰ্মুখী আৰু লাজকুৰীয়া কুবৰিকে প্ৰায়েই স্কুলত অনুপস্থিত আছিল আৰু সঘনে ডাবল-ফিচ্ছাৰ ফিল্ম চাবলৈ শ্ৰেণী ক্ষতি কৰিছিল। [12] খুব কম নম্বৰৰ সৈতে তেওঁ ১৯৪৫ চনত স্নাতক ডিগ্ৰী লাভ কৰে। [13]
১৯৫০ চনত কুবৰিকে ছবি-নিৰ্মাণৰ কলা-কৌশল শিকিবলৈ আৰম্ভ কৰে। তেওঁৰ প্ৰথমবোৰ ছবি প্ৰধানতঃ আছিল তথ্যচিত্ৰ, যিবোৰ নিৰ্মাণ কৰিবলৈ তেওঁৰ বন্ধু আৰু সম্পৰ্কীয় মানুহে আৰ্থিকভাৱে সহযোগ কৰিছিল। তেওঁৰ প্ৰথমখন সামৰিক-ড্ৰামা ছবি "ফিয়েৰ এণ্ড ডিজায়াৰ"(১৯৫৩) স্বতন্ত্ৰভাৱে নিৰ্মাণ কৰে। ছবিনিৰ্মাণৰ প্ৰথমছোৱা সময়ত কুবৰিকে পৰিচালকৰ উপৰিও এজন চিত্ৰগ্ৰহণকাৰী, সম্পাদক, আৰু ছাউণ্ডমেন হিচাপে নিজৰ দায়িত্ব পালন কৰে। পাছৰ সময়ত তেওঁ কাহিনী লিখা আৰু ছবিৰ প্ৰযোজনাতো জড়িত হৈ পৰে।[14]
১৯৫৭ চনৰ পৰা ১৯৯৯ চনৰ ভিতৰত ষ্টেনলিয়ে ১০খন চলচ্চিত্ৰ নিৰ্মাণ কৰে। তাৰ ভিতৰত 'স্পাৰ্টাকাছ' (১৯৬০), 'ললিতা' (১৯৬২) আদি অন্যতম। ললিতাৰ ভেটি আছিল ভ্লাডিমিৰ নব'ক'ভৰ উপন্যাস ললিতা। সেইছোৱা সময়তে তেওঁ নিৰ্মাণ কৰিছিল 'ডাক্তৰ ষ্ট্ৰেঞ্জলাভঃ হাউ আই লাৰ্নড টু ষ্টপ ৱৰিং এণ্ড লাভ দ্য বম্ব' (১৯৬৪)। এইখন ছবিৰ নিৰ্মাণৰ সময়ত তেওঁক আমেৰিকান সামৰিক সেৱাই আশানুৰূপ সহযোগিতা আগবঢ়োৱা নাছিল, আৰু সেইকাৰণেই কুবৰিকে ফটোগ্ৰাফ আৰু আন ৰাজহুৱা সমলৰ পৰা নিজৰ ছবিৰ ছেট প্ৰস্তুত কৰিছিল।[14]
কুবৰিকে নিৰ্মাণ কৰা সৰ্বাধিক জনপ্ৰিয় ছবিখন আছিল '২০০১:এ স্পেচ অ'ডিচি'। ছবিখন তেওঁ নিৰ্মাণ কৰিছিল ১৯৬৮ চনত। ছবিখনৰ চিত্ৰনাট্য যুটীয়াভাৱে লিখিছিল আৰ্থাৰ চি. ক্লাকৰ সৈতে। সেই আলোচনাত তেওঁলোকে স্পেচিয়েল ইফেক্টছ্, পৰিচালনাভিত্তিক কলা-কৌশলৰ বিষয়ে আলোচনা কৰিছিল। এই ছবিখনৰ ফলত তেওঁক ১৩টা অস্কাৰ মনোনয়ন পাবলৈ সক্ষম হৈছিল। আৰু স্পেচিয়েল ইফেক্টচৰ বাবে তেওঁ অস্কাৰ বঁটা লাভ কৰিছিল। অৱশ্যে এই ছবিখনৰ প্ৰথমটো ৰাজহুৱা প্ৰদৰ্শনীয়ে সফলতাৰ মুখ দেখা নাছিল। পিছে কম সময়ৰ ভিতৰতে ছবিখনে বিপুল জনসমৰ্থন আৰু সংবাদ-শিৰোনাম দখল কৰিবলৈ সক্ষম হয় আৰু নিৰ্মাণ হোৱাৰ চাৰিবছৰৰ পিছতো অৰ্থাৎ ১৯৭২ চনতো ছবিগৃহত এইখন প্ৰদৰ্শিত হয়।[14]
এইখন ছবি নিৰ্মাণ কৰোঁতে তেওঁক প্ৰায় পাঁচ বছৰৰ প্ৰয়োজন হৈছিল। আৰ্থাৰ চি. ক্লাৰ্কৰ উপন্যাস 'চাইল্ডহুডছ্ এণ্ড'ৰ কাহিনীটোৰ দ্বাৰা তেওঁ প্ৰভাৱান্বিত হৈছিল, য'ত বৰ্হিবিশ্বৰ প্ৰাণীৰ সহযোগত মানৱজাতিৰ আদিম সত্তাবোৰ ধ্বংস কৰাৰ কথা কোৱা হৈছিল। ১৯৬৪ চনত তেওঁ নিউয়ৰ্ক মহানগৰত ক্লাৰ্কক লগ পায়। সেই সাক্ষাতত কুবৰিকে ক্লাৰ্কৰ চুটি গল্প 'দ্য ছেণ্টিনেল'(১৯৪৮)-ৰ আধাৰত ছবি নিৰ্মাণৰ কথাটো উনুকিয়ায়। এই কাহিনীটোত চন্দ্ৰত সন্ধান পোৱা টেট্ৰেহেড্ৰনৰ বিষয়ে কোৱা হয় যিয়ে বৰ্হিবিশ্বৰ প্ৰাণীৰ বিষয়ে মানৱজাতিক সাৱধানবাণী শুনায়। [15]
ছাইনিঙে মুক্তি লাভ কৰিছিল ১৯৮০ চনত। বহুপঠিত আৰু জনপ্ৰিয় ঔপন্যাসিক ষ্টিফেন কিঙৰ 'দ্যা ছাইনিং' উপন্যাসৰ আধাৰত এইখন হ'ৰৰ ছবি নিৰ্মাণ কৰা হৈছিল। [16] ছবিখনত জেক নিকলছনে এজন লেখকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। [17] ছবিখনত নিখুঁট কৰিবলৈ কুবৰিক ইমানেই উদ্বাউল আৰু দৃঢ়মনা হৈ পৰিছিল যে, তেওঁ একেটা দৃশ্যৰে ৭০/৮০ বাৰ পৰ্যন্ত পুনৰ্দৃশ্যগ্ৰহণ কৰিছিল। বেছবল বেটৰ দৃশ্যটো তেওঁ ১২৭তা ৰিটেক লৈছিল।[18] ভৌতিক সান্নিধ্যত বাৰখনৰ বাৰটেণ্ডাৰৰ দৃশ্যটো তেওঁ ৩৬ বাৰ ৰিটেক লৈছিল, আনহাতে ডেনি আৰু হেলোৰান মাজৰ পাকঘৰৰ দৃশ্যটো ১৪৮ বাৰ ৰিটেক লৈছিল। [19] নতুনকৈ উদ্ভাৱিত হোৱা ষ্টেডিকেম কেমেৰাটোৰ কুবৰিকে বহুল ব্যৱহাৰ কৰিছিল। এইটো কেমেৰা হাতত লৈ কিছুমান দৃশ্য গ্ৰহণ কৰা সহজসাধ্য হৈ পৰিছিল। ষ্টেডিকেমেৰ উদ্ভাৱক গাৰেট ব্ৰাউনৰ মতে, এই বিশেষ যন্ত্ৰটোৰ প্ৰকৃত কাৰ্যক্ষমতাক সঠিকভাৱে ব্যৱহাৰ কৰা এইখনেই প্ৰথমখন ছবি। [20]
কুবৰিক তেওঁৰ হাইস্কুলৰ প্ৰেয়সী টুবা মেটজৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁ এগৰাকী অনুকৰণ-শিল্পী (caricaturist) আছিল। ১৯৪৮ চনৰ ২৯ মে'ত তেওঁলোকে বৈবাহিক বান্ধোনত বান্ধ খায়। বিবাহৰ তিনি বছৰৰ পাছত তেওঁলোকৰ মাজত বিচ্ছেদ হয়। কুবৰিকে তেওঁৰ দ্বিতীয়গৰাকী পত্নীক লগ পায় ১৯৫১ চনত। তেওঁ আছিল ৰুথ ছবটকা। এগৰাকী অষ্ট্ৰেলিয়ান নৃত্যশিল্পী আৰু থিয়েটাৰ ডিজাইনাৰ। তেওঁলোকে ১৯৫৫ চনত বিয়া হয় আৰু ১৯৫৭ চনত বিচ্ছেদ ঘটে। [21] ১৯৫৭ চনত তেওঁ জাৰ্মান অভিনেত্ৰী ক্ৰিষ্টিয়ান হাৰলানক লগ পায় আৰু ১৯৫৮ চনত তেওঁলোকৰ মাজত যুগ্মজীৱন আৰম্ভ হয়। মৃত্যুৰ আগমুহূৰ্তলৈকে, ১৯৯৯ চনলৈকে হাৰলানেই কুবৰিকৰ লগত থাকে। [22]
১৯৯৯ চনৰ ৭ মাৰ্চত নিদ্ৰাৰত অৱস্থাত হৃদৰোগৰ ক্ৰিয়া বন্ধ হৈ কুৰি শতিকাৰ এইগৰাকী প্ৰথিতযশা চিত্ৰনিৰ্মাতাৰ দেহাৱসান ঘটে। সেইসময়ত তেওঁৰ বয়স আছিল সত্তৰ বছৰ। মৃত্যুৰ ঠিক ছটা দিন পূৰ্বেহে তেওঁৰ অন্তিম ছবি 'আইছ ৱাইদ শ্বাট'-ৰ প্ৰদৰ্শনী চাই আহিছিল।[23] তাৰ ঠিক পাঁচ দিনৰ পিছতহে ঘনিষ্ঠ আৰু নিকটাত্মীয় ১০০ জনমান মানুহৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। [24]