সংযুক্তা পাণিগ্ৰাহী | |
---|---|
জন্ম | ২৪ আগষ্ট, ১৯৪৪ বেৰহামপুৰ, গঞ্জাম জিলা, ওড়িশা, ভাৰত |
মৃত্যু | ২৪ জুন, ১৯৯৭ (৫২ বছৰ)(ভূৱনেশ্বৰ) |
পেচা | ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, নৃত্য পৰিচালক |
সক্ৰিয় হৈ থকা সময় | ১৯৫০ৰ দশক–১৯৯৭ |
দাম্পত্যসঙ্গী | ৰঘুনাথ পাণিগ্ৰাহী |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী (১৯৭৫) সংগীত নাটক একাডেমী বঁটা (১৯৭৬) |
সংযুক্তা পাণিগ্ৰাহী (ইংৰাজী: Sanjukta Panigrahi; ২৪ আগষ্ট ১৯৪৪ – ২৪ জুন ১৯৯৭)[1] ভাৰতৰ এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্য ওডিছীৰ আগশাৰীৰ প্ৰতিষ্ঠাপক আছিল। সৰুতেই এই প্ৰাচীন শাস্ত্ৰীয় নৃত্যক আকোৱালি লোৱা আৰু ইয়াৰ ভৱিষ্যৎ পুনৰুজ্জীৱন নিশ্চিত কৰা সংযুক্তা আছিল প্ৰথমগৰাকী ওড়িয়া মহিলা নৃত্যশিল্পী।[2][3]
নৃত্য আৰু সংশ্লিষ্ট কাৰ্য্যকলাপত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ভাৰত চৰকাৰৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী (১৯৭৫) বঁটাৰে সন্মানিত কৰা হয়। ১৯৭৬ চনত তেওঁ সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছিল।
ভাৰতৰ বিভিন্ন প্ৰান্তত ওডিছী নৃত্য পৰিবেশন উপস্থাপন কৰাৰ উপৰিও সংযুক্তা পাণিগ্ৰাহীয়ে আমেৰিকা আৰু ফিলিপাইন (১৯৬৯), যুক্তৰাজ্য (১৯৮৩), ইজৰাইল, গ্ৰীচৰ ডেলফি আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ (১৯৮৯) আদিতো নৃত্য পৰিবেশন কৰিছে। এঘাৰ সপ্তাহ ধৰি তেওঁ ফ্ৰান্সত অনুষ্ঠান পৰিৱেশন কৰিছে, আৰু তাত পেৰিছত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সংগীত মহোৎসৱতো অংশগ্ৰহণ কৰিছে।
পাণীগ্ৰাহীৰ জন্ম হৈছিল ওড়িশা ৰাজ্যৰ গঞ্জাম জিলাৰ বেৰহামপুৰৰ এক পৰম্পৰাগত ব্ৰাহ্মণ পৰিয়ালত।[4] তেওঁৰ পিতৃৰ নাম অভিৰাম মিশ্ৰ আৰু মাতৃ নাম শকুন্তলা মিশ্ৰ।
সৰুতে তেওঁ শাক-পাচলি কটা বা খৰি কটাৰ শব্দৰ দৰে যিকোনো ছন্দময় শব্দত স্বজ্ঞাতভাৱে নাচিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ মাক বৰিপাদা অঞ্চলৰ আছিল আৰু দীৰ্ঘদিন ধৰি ছৌ লোক-নৃত্যৰ পৃষ্ঠপোষকতা কৰা পৰিয়ালৰ কন্যা আছিল। জীয়েকৰ মাজত থকা প্ৰতিভাক তেওঁ চিনি পাইছিল, আৰু সংযুক্তাৰ পিতৃ অভিৰাম মিশ্ৰৰ কিছু প্ৰাৰম্ভিক প্ৰতিৰোধৰ পিছতো তেওঁক নৃত্যৰ প্ৰতি উৎসাহিত কৰিছিল। প্ৰতিৰোধৰ কাৰণ আছিল যে সেই সময়ত এই ধৰণৰ নৃত্য সাধাৰণতে মন্দিৰৰ নৃত্য কৰা ছোৱালীয়ে, যাক মহৰী বুলি কোৱা হয় তেওঁলোকেহে পৰিবেশন কৰিছিল। পুৰুষ নৃত্যশিল্পীক গোতিপুৱা বুলি কোৱা হয়। এই ছোৱালীবোৰ দক্ষিণ ভাৰতৰ মন্দিৰত দেৱদাসীৰ দৰে আছিল।
মাতৃৰ উদ্যোগত চাৰি বছৰ বয়সত কেলুচৰণ মহাপাত্ৰৰ পৰা সংযুক্তাই নৃত্য শিকিবলৈ আৰম্ভ কৰে। ১৯৫০–১৯৫৩ চনৰ ভিতৰত তিনিবছৰ ধৰি একেৰাহে বিছুবা মিলনে তেওঁক শ্ৰেষ্ঠ শিশু শিল্পী হিচাপে মূল্যায়ন কৰিছিল।
ছয় বছৰীয়া ছোৱালী হিচাপে এবাৰ তেওঁ এটা অভিনয়ত নিৰ্ধাৰিত সময় পাৰ হোৱাৰ পিছতো মঞ্চ এৰিবলৈ অস্বীকাৰ কৰিছিল আৰু শক্তিশালীভাৱে অভিনয় কৰি গৈছিল। মাকে তেওঁক চিঞৰি চিঞৰি নাচ বন্ধ কৰিবলৈ কৈছিল। ন বছৰ বয়সত তেওঁ কলিকতাৰ “চিল্ডেনছ লিটল থিয়েটাৰ”ৰ বাৰ্ষিক উৎসৱত অভিনয় কৰিছিল।[5]
১৯৫২ চনত আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱত তেওঁ প্ৰথম পুৰস্কাৰ লাভ কৰে। তেওঁৰ সফলতাত উৎসাহিত হৈ পিতৃ-মাতৃয়ে তেওঁক উন্নত নৃত্য প্ৰশিক্ষণৰ বাবে চেন্নাইৰ কলাক্ষেত্ৰলৈ পঠিয়াবলৈ সিদ্ধান্ত লয়। তাতে তেওঁ ৰুক্মিণী দেৱী অৰুণ্ডেলৰ নিৰ্দেশনাত প্ৰশিক্ষণ অব্যাহত ৰাখিছিল। পিছৰ ছবছৰ তেওঁ তাতেই থাকিল, আৰু অৱশেষত কথাকলিক দ্বিতীয় বিষয় হিচাপে লৈ ভাৰতনাট্যমত নৃত্যপ্ৰবীণ ডিপ্লমা লৈ স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ “কলাক্ষেত্ৰ বেলেট ট্ৰুপ”ৰ সদস্য হিচাপে ভাৰত আৰু বিদেশৰ বহু ঠাই ভ্ৰমণ কৰিছিল।
১৪ বছৰ বয়সত তেওঁ ওড়িশালৈ উভতি আহে। মুম্বাইৰ ভাৰতীয় বিদ্যা ভৱনত গুৰু হাজৰিলালৰ পৰা কথক শিকিবলৈ ৰাজ্য চৰকাৰে বৃত্তি প্ৰদান কৰে। অৱশ্যে তেওঁ পাঠ্যক্ৰম এৰি ওড়িশালৈ উভতি আহি ওডিছী নৃত্যত মনোনিৱেশ কৰে।
সংযুক্তা আৰু তেওঁৰ স্বামীৰ বাবে প্ৰাৰম্ভিক বছৰবোৰ বিশেষকৈ জীৱিকাৰ ক্ষেত্ৰত অতি প্ৰত্যাহ্বানজনক আছিল। ১৯৬৬ চনত তেওঁৰ গুৰু কেলুচৰণ মহাপাত্ৰক সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হয়, আৰু নতুন দিল্লীত বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত তেওঁ ওডিছী নৃত্য প্ৰদৰ্শন কৰে। তেওঁৰ প্ৰদৰ্শনত দৰ্শক মোহিত হৈ পৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ নিজৰ নাম উজ্বলাইছিল, আৰু তেতিয়াৰ পৰাই তেওঁৰ দিন ভাললৈ আহিছিল।
ইফালে, তেওঁৰ স্বামী এজন উন্নত কণ্ঠশিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিল, আৰু সংযুক্তাৰ প্ৰদৰ্শনৰ সৈতে সংগীত পৰিবেশন কৰিবলৈও আৰম্ভ কৰিছিল। আগন্তুক দশকবোৰত সংযুক্তা-ৰঘুনাথ যুটিয়ে দৰ্শকক মোহিত কৰিছিল, আনকি যমিনী-জ্যোতিস্মাথি যুটিকো তেওঁলোকে পিছ পেলাইছিল আৰু ১৯৭৬ চনত যৌথভাৱে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত হৈছিল।
পিছলৈ সংযুক্তা গুৰু কেলুচৰণ মহাপাত্ৰৰ সৰ্বশ্ৰেষ্ঠ শিষ্য হিচাপে পৰিচিত হ’ল, আৰু তেওঁলোকে ভাৰতৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি একেলগে পৰিবেশন কৰি ওডিছীৰ প্ৰায় হেৰাই যোৱা নৃত্য ৰূপটো জনপ্ৰিয় কৰি তুলিলে। বৰ্তমান দুয়োজনকে ওডিছী নৃত্যৰ সমানে পুনৰুজ্জীৱনবাদী বুলি গণ্য কৰা হয়।[6]
চেন্নাইৰ কলাক্ষেত্ৰত থকা সময়ত সংযুক্তাই তেওঁতকৈ দহ বছৰ জ্যেষ্ঠ গীতা গোবিন্দৰ কণ্ঠশিল্পী ৰঘুনাথ পাণিগ্ৰাহীৰ প্ৰেমত পৰিছিল। ৰঘুনাথে সংযুক্তাৰ নৃত্যাভিনয়ত কণ্ঠদান কৰিবলৈ চেন্নাইৰ চলচ্চিত্ৰ সংগীতৰ আশাব্যঞ্জক কেৰিয়াৰ এৰি থৈ আহিছিল।[7] তেওঁলোকৰ বিয়াৰ সময়ত সংযুক্তাৰ বয়স ১৬ বছৰ হৈছিল। তেওঁলোকৰ দুজন পুত্ৰ সন্তান জন্ম হৈছিল।[3]
সংযুক্তা পাণিগ্ৰাহীৰ মৃত্যুৰ পিছত তেওঁৰ স্বামী ৰঘুনাথ পাণিগ্ৰাহীয়ে ১৯৯৯ চনত তেওঁৰ নামত “সংযুক্তা পাণিগ্ৰাহী সোঁৱৰণী ন্যাস” নামৰ এটা ন্যাস গঠন কৰি ওডিছী নৃত্যৰ প্ৰচাৰৰ বাবে কাম কৰে। ২০০১ চনৰ পৰা প্ৰতি বছৰে তেওঁৰ জন্ম বাৰ্ষিকীত এই ন্যাসৰ তৰফৰ পৰা উদীয়মান নৃত্যশিল্পীসকলক বৃত্তি প্ৰদান কৰি আহিছে আৰু ওডিছী নৃত্যৰ উৎকৃষ্ট শিল্পীসকলক “সংযুক্তা পাণিগ্ৰাহী বঁটা” প্ৰদান কৰি আহিছে।[8][9]