বৌদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্মত সংসাৰ (সংস্কৃত: संसार, পালি: saṃsāra) হৈছে জন্ম, স্বাভাৱিক অস্তিত্ব আৰু মৃত্যুৰ অন্তহীন চক্ৰ।[1] সংসাৰক দুঃখ জ্ঞান কৰা হয়: ই কষ্টকৰ, অবহনক্ষম আৰু দুখদায়ক।[2] ই টান আৰু অবিদ্যাৰ ফলত হোৱা কৰ্মৰ দ্বাৰা বৰ্তি থাকে।[3][4][5] সংসাৰত পুনৰ্জন্মমানুহৰ ৰূপতেই হ'ব বুলি কোনো নিশ্চিতি নাই। ই ৬ গতিৰ যিকোনো এটাত হ'ব পাৰে। এই ৬ গতিৰ ৩ ভাল আৰু ৩ বেয়া। ভাল জগতকেইখন হ'ল স্বৰ্গ, দেৱ আৰু মানৱ। বেয়া জগতকেইখন হ'ল পশু, ভূত আৰু নৰক।[টোকা 1]
সংসাৰৰ অন্ত তেতিয়া হয় যেতিয়া কোনো ব্যক্তিয়ে নিৰ্বাণ লাভ কৰে। নিৰ্বাণ লাভ কৰিবলৈ টান ত্যাগ কৰিব লাগিব। নিৰ্বাণ প্ৰাপ্তিত টান "উৰি যায়" আৰু বাস্তৱৰ অস্থায়ীত্ব তথা অনত্তা জ্ঞান লাভ হয়।[7][8][9]
বৌদ্ধ ধৰ্মৰ মতে, যদিও জীৱ পুনৰ্জন্মৰ এক অন্তহীন চক্ৰত থাকে, এনে কোনো সনাতন আত্মা নাই যি এটি জীৱনৰ পৰা আন জীৱনলৈ যায়। এই দৃষ্টিভংগীয়ে বৌদ্ধ সংসাৰক হিন্দু আৰু জৈন সংসাৰতকৈ পৃথক কৰে।[10][11] এই তত্ত্বক বৌদ্ধ শাস্ত্ৰসমূহত অনত্তা (পালি শাস্ত্ৰসমূহত) বা অনাত্মন্ (সংস্কৃত শাস্ত্ৰসমূহত) বোলা হয়। অনত্তাৰ তত্ত্বৰ মতে, আত্মনৰ অস্তিত্ব নাই।[12][13]
পুৰণি বৌদ্ধ শাস্ত্ৰৰ পৰা অনুমান কৰিব পৰা যায় যে আত্মনৰ অস্তিত্বহীনতা বা অনত্তাৰ ধাৰণা প্ৰস্তুত কৰাৰ পাছত, গৌতম বুদ্ধই এই কথা বুজাবলৈ অলপ কষ্ট অনুভৱ কৰিছিল যে পুনৰ্জন্মত আছলতে কি পুনৰ্জীৱিত হয়।[14] পাছলৈ, প্ৰথম সহস্ৰাব্দীৰ পালি পণ্ডিত বুদ্ধঘোষৰ আৰু অন্যান্য বৌদ্ধ পণ্ডিতে যুক্তি দাঙি ধৰিলে যে আত্মাৰ অস্তিত্বহীনতাই ধাৰাবাহিকতাৰ অস্তিত্বহীনতা নুবুজায়। ৬ জগতৰ এটিৰ পৰা আনত হোৱা পনৰ্জন্ম ঠিক তেনেদৰেই হয় যিদৰে এটি মমবাটিৰ পৰা আন মমবাটিলৈ জুইৰ শিখা স্থানান্তৰ কৰিব পৰা যায়।[15][16] বুদ্ধঘোষে পুনৰ্জন্মৰ প্ৰক্ৰিয়াক এই ধৰণে বুজাবলৈ চেষ্টা কৰিছিল যে এটি "পুনৰ্জন্ম সংযোজিত কৰা বিজ্ঞান" আছে, যাক পতিসন্ধি বোলা হয়।[17][18]
বৌদ্ধ পৰম্পৰা ভেদে সংসাৰৰ যান্ত্ৰিক বিৱৰণ সলনি হোৱা দেখা যায়। থেৰবাদৰ মতে, পুনৰ্জন্ম তৎক্ষণাত সংঘটিত হয়। তাৰ বিপৰীতে, তিব্বতী বৌদ্ধ ধৰ্মৰ মতে মৃত্যু আৰু পুনৰ্জন্মৰ মাজত এক অন্তৱৰ্তী অৱস্থা আছে, যাক তিব্বতী ভাষাত বাৰ্ড' আৰু সংস্কৃত ভাষাত অন্তৰাভৱ বোলা হয়। ই ৪৯ দিনলৈকে থাকিব পাৰে।[19][20][21]মহাযান বৌদ্ধ ধৰ্মৰ মতে, সংসাৰ আৰু নিৰ্বাণ একেই। প্ৰাচীন ভাৰতীয় মহাযান বৌদ্ধ পণ্ডিত নাগাৰ্জুনে বুজাইছিল, "সংসাৰৰ কোনো বস্তুৱেই নিৰ্বাণতকৈ বেলেগ নহয়, নিৰ্বাণৰ কোনো বস্তুৱেই সংসাৰতকৈ বেলেগ নহয়। যি নিৰ্বাণৰ সীমা, সেয়াই সংসাৰৰো সীমা, দুয়োৱে মাজত কোনো পাৰ্থক্য নাই।"[22]
↑Earlier Buddhist texts refer to five realms rather than six realms; when described as five realms, the god realm and demi-god realm constitute a single realm.[6]
↑Trainor 2004, পৃষ্ঠা. 58, Quote: "Buddhism shares with Hinduism the doctrine of Samsara, whereby all beings pass through an unceasing cycle of birth, death and rebirth until they find a means of liberation from the cycle. However, Buddhism differs from Hinduism in rejecting the assertion that every human being possesses a changeless soul which constitutes his or her ultimate identity, and which transmigrates from one incarnation to the next..
↑Choong 1999, পৃষ্ঠা. 28–29, Quote: "Seeing (passati) the nature of things as impermanent leads to the removal of the view of self, and so to the realisation of nirvana.".
↑Trainor 2004, পৃষ্ঠা. 58, Quote: "Buddhism shares with Hinduism the doctrine of Samsara, whereby all beings pass through an unceasing cycle of birth, death and rebirth until they find a means of liberation from the cycle. However, Buddhism differs from Hinduism in rejecting the assertion that every human being possesses a changeless soul which constitutes his or her ultimate identity, and which transmigrates from one incarnation to the next..