সতীশ কুমাৰ যাদৱ | ||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | |||||||||||||||||||||||||||
জন্ম | ৪ মে', ১৯৮৯ (৩৫ বছৰ) বুলন্দ চহৰ উত্তৰ প্ৰদেশ | |||||||||||||||||||||||||||
উচ্চতা | ১.৮৮ মিটাৰ (৬.২ ফুট) (২০১৪) | |||||||||||||||||||||||||||
ওজন | চুপাৰ হেভিৱেট (+৯১ কিলোগ্ৰাম) | |||||||||||||||||||||||||||
পদক অভিলেখ
|
সতীশ কুমাৰ যাদৱ (জন্ম ৪ মে ১৯৮৯) বুলন্দ চহৰৰ এজন ভাৰতীয় বক্সাৰ। তেওঁ চুপাৰ হেভিৱেট শ্ৰেণীত ইনচিয়নত অনুষ্ঠিত ২০১৪ চনৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক জিকিছিল।[1] আৰু ললগতে তেওঁ চুপাৰ হেভিৱেট শ্ৰেণীত অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় বক্সাৰ।[2]
বুলন্দচহৰৰ এজন কৃষকৰ ঘৰত জন্ম গ্ৰহণ কৰা সতীশ কুমাৰৰ চাৰিটা পুত্ৰ সন্তান। সতীশ কুমাৰে তেওঁৰ ডাঙৰ ভায়েকৰ দৰে সেনাত যোগদান কৰিব বিচাৰিছিল। তেওঁ ২০০৮ চনত চিপাহীৰ পদত যোগ দি তেওঁ ৰনিখেতলৈ গুচি গৈছিল। তাত তেওঁৰ উচ্চতাৰ বাবে এটা বক্সিং শিবিৰে তেওঁক বক্সিঙত যোগদান কৰিবলৈ আহ্বান জনাইছিল।[3] তেওঁ সেই সময়ত বক্সিং কি আছিল সেয়াও নাজানিছিল, তেওঁ ভাবিছিল যে ডাব্লিউ ডাব্লিউ ইয়ে বক্সিং কৰে আৰু তেওঁ কেৱল দ্য আণ্ডাৰটেকাৰ আৰুজন চিনাৰ বিষয়েহে শুনিছিল।[4]