সত্ৰীয়া নৃত্য | |
---|---|
ৰামকৃষ্ণ তালুকদাৰৰ দ্বাৰা সত্ৰীয়া নৃত্য | |
শৈলী | ভাৰতীয় শাস্ত্ৰীয় নৃত্য |
সত্ৰীয়া নৃত্য ভাৰতৰ সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্য্যদা প্ৰদান কৰা ৮টা নৃত্য শৈলীৰ অন্যতম। সত্ৰীয়া নৃত্যৰ 'সত্ৰীয়া' শব্দটো 'সত্ৰ'ৰ পৰা আহিছে।[1] মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠিত সত্ৰসমূহৰ যোগেৰে প্ৰায় ১৫ শ শতিকাৰ পৰাই এই নৃত্যধাৰা অসমত প্ৰচলিত হয়।[2] সত্ৰীয়া নৃত্য-মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে ভক্তিধৰ্ম প্ৰচাৰৰ অৰ্থে শাস্ত্ৰীয় নৃত্যৰ সম্পদক আশ্ৰয় কৰি সৃষ্টি কৰা, আৰু তেওঁৰ পৰৱৰ্তী প্ৰচাৰকসকলে কিছু পৰিমাণে সংবৰ্দ্ধন ঘটোৱা আৰু সত্ৰসমূহৰ হাতত সংৰক্ষিত, পৰিবৰ্ধিত,পৰিশীলিত, আৰু ব্যাকৰণসন্মত হিচাপে জনপ্ৰিয় হৈ উঠা নৃত্যধাৰাকে সাধাৰণতে সত্ৰীয়া নৃত্য বুলি কোৱা হয়।[3]
ব্ৰহ্মা ৰচিত গন্ধৰ্ব বেদ বা নাট্যবেদ আৰু সদাশিৱ ৰচিত দ্বাদশ সহশ্ৰীৰ আলমতে মৰ্ত্যত ভৰতমুনিয়ে নাট্য শাস্ত্ৰ ৰচনা কৰে।[4] ই খৃষ্ট জন্মৰ শতিকাৰ পৰাই প্ৰচলিত।[5][6] ভৰতৰ নাট্যশাস্ত্ৰত নৃত্যত প্ৰয়োগ হোৱা বিভিন্ন কলা-কৌশলৰ ভিত্তিত চাৰিপ্ৰকাৰ প্ৰবৃত্তিত ভাগকৰা হৈছে; দাক্ষিণাত্য, অৱন্তী, পাঞ্চালী আৰু ওড্ৰ-মাগধী। ওড্ৰ-মাগধী ভাৰতৰ পূব প্ৰান্তৰৰ ঠাইবোৰক বুজাইছিল। ভাৰতৰ পূব প্ৰান্তত থকা প্ৰাগজ্যোতিষপুৰ ওড্ৰ-মাগধী অংশত পৰে। ইয়াৰ দ্বাৰাই ই কথা প্ৰতীয়মান হয় যে, বৰ্তমানৰ অসম নামৰ ভূখণ্ডত খৃষ্টীয় প্ৰথম শতিকাৰ পৰাই নৃত্য-গীতৰ প্ৰচলন আছিল।[5] পৰৱৰ্তীকালত ভাস্কৰবৰ্মাৰ দিনৰ পৰা অসম ভূখণ্ডৰ নৃত্যকলা কিছু উন্নত আৰু বিকশিত হয়।[5] প্ৰাচীন নৃত্যকলাক ঘাইকৈ দুটা ভাগত ভাগ পৰা হয়; তাণ্ডৱ আৰু লাস্য।[4] তণ্ডু মুনিৰ পৰা পোৱা নৃত্য শিক্ষাই তাণ্ডৱ নৃত্য। শাস্ত্ৰমতে, ব্ৰহ্মাৰ আদেশত তেওঁ ৰচনা কৰা “অমৃতমন্থন’’ নাট ভৰতমুনিয়ে পৰিৱেশন কৰে। কিন্তু শিৱই সেই নাট উপভোগ কৰিবলৈ নোপোৱাত পুনৰ ব্ৰহ্মাই “ত্ৰিপুৰ দাহ’’ ৰচনা কৰি হিমালয় পৰ্বতৰ পিছফালে অভিনীত কৰোৱায়। কিন্তু নৃত্য-গীত নথকাত শিৱ অসন্তুষ্ট হয় আৰু শিৱৰ পৰামৰ্শমতে ভৰতমুনিয়ে তণ্ডু মুনিৰ পৰা নৃত্য শিক্ষা গ্ৰহণ কৰে। তণ্ডু মুনিৰ পৰা শিকা নৃত্যই তাণ্ডৱ নৃত্য নামে পৰিচিত হ’ল।[5] ভাস্কৰ বৰ্মাৰ দিনৰ পৰা শংকৰদেৱৰ আগৰ সময়লৈ অসমত বিভিন্ন শৈলীত নৃত্যৰ প্ৰচলন আছিল। শংকৰদেৱ আৰু মাধবদেৱ দুয়োজনা বৈষ্ণৱ গুৰুৱে স্থানীয়ভাৱে প্ৰচলিত নৃত্যৰ উপাদান আৰু সংস্কৃত নাট আৰু নৃত্যৰ আলম লৈ একশ্ৰেণীৰ নৃত্য অসমত প্ৰচলন কৰিলে, যিসমূহ বৰ্তমান সত্ৰীয়া নৃত্য ৰূপে পৰিগণিত।
অসমত প্ৰথম শতিকাৰ পৰাই নৃত্যধাৰাৰ প্ৰচলন আছিল যদিও ই শাস্ত্ৰসন্মতভাৱে বিকাশ লাভ কৰে শংকৰদেৱৰ হাততহে। ভৰত মুনিৰ নাট্যশাস্ত্ৰৰ নীতি-নিৰ্দেশান আৰু থলুৱা উপাদান লৈ তেওঁ এক নৃত্য-গীতৰ ধাৰাৰ সৃষ্টি কৰে। পিছত সত্ৰসমূহত ই বিকশিত আৰু সম্প্ৰসাৰিত হয়। সেয়ে, শংকৰদেৱ আৰম্ভণি সৃষ্ট হ’লেও মাধৱদেবকে আদি কৰি সকলো আতা-আতৈ-সন্ত-মহন্তৰ প্ৰচেষ্টাত সত্ৰসমূহত বিকশিত হৈ উঠা এই নৃত্যধাৰাক “সত্ৰীয়া নৃত্য’’ বোলা হয়।[3][7] উদাহৰণস্বৰূপে, চালি নাচ আৰু বহা নাচ মাধবদেৱৰ সৃষ্টি।[5] আনহাতে, বৰ্তমান প্ৰচলিত জনপ্ৰিয় ভোৰতাল নৃত্য, যি সত্ৰীয়া স্বীকৃতি লাভ কৰিছে, সি বৰপেটা সত্ৰৰ ভকত নৰহৰি বুঢ়াভকতৰ সৃষ্টি।
২০০০ চনৰ ১৫ নৱেম্বৰত এক সুকীয়া শৈলীৰ এই নৃত্যক সংগীত নাটক একাডেমীয়ে ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যৰ মৰ্য্যাদা প্ৰদান কৰে।[8]
শংকৰদেৱৰ মৃত্যুৰ সময়ত ধৰ্ম-কৰ্ম, কলা-সংস্কৃতি ৰক্ষাৰ ভাৰ প্ৰধান শিষ্য মাধবদেৱক দি গৈছিল। তাৰ পিছত মাধবদেৱে মথুৰাদাস বুঢ়া আতা, নাৰায়ণ দাস ঠাকুৰ আতা আদিৰ সৈতে লগ লাগি মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ লগতে কলা-সংস্কৃতি প্ৰসাৰ আৰু প্ৰচাৰৰ কাম কৰিছিল। তেওঁ বৰপেটাত “ৰঙীয়াল গৃহ’’ নিৰ্মাণ কৰি যুৱক শিল্পীক স্ত্ৰী সজাই চালি নাচ পৰিৱেশন কৰাইছিল। ৰামচৰণ ঠাকুৰৰ গুৰু চৰিত্তৰ আছে,
হৃদয়ত স্তন খোপা কৰা সিন্দূৰ
নয়নে কাজল দিলে দেখিতে প্ৰচুৰ।
হাতে খাৰু গলে মণি কুণ্ডল কৰ্ণত
দিলা চাৰি জেঠি আৰু জ্বলে কপালত।
পাট শাৰী পিন্ধাই কাপেলি দিলা মাথে।
স্ত্ৰী হেন দেখে লোকে বুলিলা সাক্ষাতে।
অৱশ্যে, ইমানখিনি কৰাৰ আগতে মাধবদেৱে বহু কষ্ট কৰিবলগীয়া হৈছিল। ৰজাৰ ৰোষৰ পৰা বাচিবলৈ শংকৰদেৱে “বৰঘৰ বৰমেল নাপাতিবলৈ আৰু নটুৱাক ননচুৱাব’’লৈ কৈ গৈছিল যদিও গুৰুৰ দেহাৱসানৰ পিছত নামধৰ্মৰ গতি স্তিমিত হৈ পৰাত ভকতক কৃষ্ণ মাহাত্ম্যৰ প্ৰতি আকৰ্ষিত কৰিবলৈকে তেওঁ গুৰুবাক্য লংঘন কৰি ৰঙীয়াল গৃহ সজাইছিল।
মাধবে বোলন্ত আৱে কি কৰিবো আমি
একখানি কথা কহো শুনিয়োক তুমি।
চাৰিগুটি কথা গুৰু বুলিলন্ত মোক।
নকৰিবা বাপু আৱে হাক দিলো তোক।
বৰ ঘৰ বৰ মেল নকৰিবা তুমি
নটুৱাক নচোৱাব হাক দেও আমি।
কহিয়োক সখি আৱে আমি কি কৰিবো।
কেনমতে আৱে গোৰু ধৰ্মক ৰাখিবো।
গুৰু ধৰ্ম ৰক্ষাৰ স্বাৰ্থতে মাধবদেৱে নাট-নৃত্যৰ চৰ্চা অব্যাহত ৰাখিছিল। কোচ ৰজাৰ মন্ত্ৰী সুৰানন্দই ৰঙীয়াল গৃহ পুৰি পেলোৱাৰ পাছতো গোপনে কলা-সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিছিল। পিছত মথুৰাদাস বুঢ়া আতা, নাৰায়ণ দাস ঠাকুৰ আতা, বৰবিষ্ণু আতা, ভৱানীপুৰীয়া গোপাল আতা আৰু পদ্ম আতাৰ সন্মিলিত প্ৰচেষ্টাত সত্ৰীয়া নৃত্য-গীতৰ ধাৰাটি প্ৰবাহিত হৈ থাকি।
সত্ৰীয়া নৃত্যৰ প্ৰাৰম্ভিক শিক্ষাক মাটি আখৰা বোলে। শৰীৰৰ অঙ্গসমূহক মাটিৰ লগত সম্বন্ধ ৰাখি কৰা সাধনাই মাটি আখৰা। সত্ৰীয়া নৃত্যৰ বাবে শৰীৰ সাধনা আৰু হস্ত সাধনাৰ বাবে মাটি আখৰা কৰা হয়। মাটি আখৰাই শৰীৰৰ অংগ সঞ্চালনত প্ৰভাৱ পেলায়। মাটি আখৰা মুঠতে চৌষষ্ঠিখন, কিন্তু কমলাবাৰী সত্ৰত বাসত্তৰখন মাটি আখৰাৰ প্ৰচলন আছে। কিছুমান মাটি আখৰা ব্যায়াম জাতীয়, ইয়াক ’লন’ বোলে। মাটি আখৰাৰ প্ৰথমটো ভাগ দণ্ডৱত। কমলাবাৰী সত্ৰত প্ৰচলিত মাটি আখৰাবোৰ হ’ল;[5]
মাটি আখৰা আয়ত্ব কৰি লোৱাৰ পিছত তাৰপৰা পূৰ্ণাংগ নৃত্যলৈ ৰূপান্তৰ কৰাই সত্ৰীয়া নৃত্য। মাটি আখৰাৰ ভাগবোৰ প্ৰকৃততে নৃত্যৰ ক্ষুদ্ৰাংশ। তাক জোৰা দিহে পিছত পূৰ্ণ নৃত্য পৰিৱেশন কৰা হয়।
সত্ৰীয়া নৃত্য বিভিন্ন প্ৰকাৰৰ আছে। আদিতে সত্ৰীয়া নৃত্যৰ প্ৰকাৰ আছিল তলত দিয়া ধৰণৰ।[5]
শুদ্ধ চালি নাচ মুঠ আঠখন, ৰজাদিনীয়া চালিনাচ চাৰিখন।
![]() |
ৱিকিমিডিয়া কমন্সত সত্ৰীয়া নৃত্য সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|