ৰাণী সদা কৌৰ (আনুমানিক ১৭৬২ – ১৮৩২ চন) আছিল এগৰাকী শিখ নেত্ৰী। কানহাইয়া মিছলৰ নেতা জয় সিং কানহাইয়াৰ উত্তৰাধিকাৰী স্বামী গুৰবক্ষ সিং কানহাইয়াৰ মৃত্যুৰ পিছত ১৭৮৯ চনৰ পৰা ১৮২১ চনলৈকে কানহাইয়া মিছলৰ প্ৰধান হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁক প্ৰায়ে চৰ্দাৰনী সদা কৌৰ বুলিও কোৱা হৈছিল।[1] বুদ্ধিমান আৰু উচ্চাকাংখী বুলি বৰ্ণনা কৰা ৰাণী সদা কৌৰে এজন যুৱক ৰঞ্জিত সিংহক শিখ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। পাঞ্জাৱত শিখ ক্ষমতাৰ উত্থান আৰু একত্ৰীকৰণত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
সদা কৌৰৰ জন্ম হৈছিল ১৭৬২ চনত ধালিৱাল জাট শিখ পৰিয়ালৰ চৰ্দাৰ দাসৱন্ধ সিং ধালিৱালৰ ঘৰত৷[2] কানহাইয়া মিছলৰ সিন্ধু জাত শাসকৰ মুৰব্বী জয় সিংহৰ ডাঙৰ পুত্ৰ আৰু উত্তৰাধিকাৰী ৭ বছৰীয়া গুৰবাক্ষ সিংহৰ সৈতে তেওঁৰ বিবাহ হৈছিল। ১৭৬৮ চনত তেওঁলোকৰ বিবাহ হয় আৰু ১৭৮২ চনত এটা কন্যা সন্তান জন্ম হয়, নাম মেহতাব কৌৰ৷ [3][4]
চুকেৰচকীয়া মিছল, ৰামগড়িয়া মিছলৰ লগতে সংসাৰ চান্দ কটোছৰ বিৰুদ্ধে বটালাৰ যুদ্ধত গুৰবক্ষ সিঙৰ মৃত্যু হয়। ১৭৮৫ চনত সদা কৌৰে জয় সিং কানহাইয়াৰ সৈতে তেওঁৰ কন্যাক সুকেৰচকীয়া মিছলৰ মুখীয়ালৰ পুত্ৰ ৰঞ্জিত সিঙৰ সৈতে বিয়া দিয়ে আৰু ১৭৮৬ চনত তেওঁলোকৰ বিবাহ হয়।[5] ১৭৮৯ চনত তেওঁৰ শহুৰেক জয় সিং কানহাইয়াৰো মৃত্যু হয়।[5] তাৰ পিছত সদা কৌৰে কানহাইয়া মিছলৰ নেতৃত্বৰ লগতে ইয়াৰ ৮,০০০ অশ্বাৰোহীৰ আনুগত্যও গ্ৰহণ কৰে।[3] পিতৃ মহান সিঙৰ মৃত্যুৰ পিছত ১৭৯২ চনত ৰঞ্জিত সিঙক চুকেৰচকীয়া মিছলৰ প্ৰধান আৰু সদা কৌৰ তেওঁৰ প্ৰতিনিধি হয়।[3] সদা কৌৰে কানহাইয়া আৰু সুকেৰচকীয়া দুয়োটা মিছল ব্যৱহাৰ কৰি ৰঞ্জিতক আগুৱাই লৈ যায়।
ভাংগী মিছলৰ শাসনত ভাগৰি পৰা লাহোৰৰ ৰাইজে সদা কৌৰ আৰু ৰঞ্জিত সিঙক লাহোৰ দখল কৰিবলৈ অনুৰোধ কৰে। সদা কৌৰে ৰঞ্জিতক উপদেশ দিছিল যে, যিয়ে লাহোৰক নিয়ন্ত্ৰণ কৰে তেওঁ পঞ্জাৱক নিয়ন্ত্ৰণ কৰিব পাৰে। ১৭৯৯ চনৰ ৭ জুলাইত ৰঞ্জিত সিং আৰু সদা কৌৰে ২৫,০০০ সৈন্যৰে লাহোৰ আক্ৰমণ কৰে। লাহোৰৰ মানুহে তেওঁলোকৰ বাবে চহৰৰ দুৱাৰ খুলি দিয়ে। লোহাৰী প্ৰৱেশ পথেৰে ৰঞ্জিত আৰু দিল্লী প্ৰৱেশ পথেৰে সদা কৌৰ প্ৰৱেশ কৰে। সদা কৌৰে ১৮০১ চনত ৰঞ্জিত সিংহক লাহোৰৰ ৰজা পাতিছিল।
অমৃতসৰ, চিনিওত, কাছুৰ, আট্টক আৰু হাজাৰাৰ বাবে হোৱা যুদ্ধত তেওঁ ৰঞ্জিত সিঙৰ লগত আছিল। ১৭৯৮ চনত ৰঞ্জিত সিঙে পুনৰ বিবাহপাশত আৱদ্ধ হয়। সদা কৌৰে এই বিবাহত অনুমোদন জনোৱা নাছিল, কিন্তু তেওঁ এইবোৰৰ বাহিৰত থাকিব বিচাৰিছিল কাৰণ তেওঁ নিজৰ হৃদয় বৃহত্তৰ আৰু উন্নত কামত নিয়োজিত কৰি ৰাখিছিল আৰু সেইটো নিজৰ বিশেষ উদ্দেশ্য আৰু নিজৰ একমাত্ৰ সন্তানৰ উদ্দেশ্যে৷ ৰঞ্জিত সিঙে তেওঁৰ বাবে সেই ব্যৱস্থাই কৰে, তেওঁ যো ব্যৱস্থা কৰিছিল।[6]
অৱশেষত তেওঁৰ ৰঞ্জিতৰ লগত সম্পৰ্ক ভাঙি গ’ল। তেতিয়া সদা কৌৰে নিজৰ ৰাজ্যখন শাসন কৰাৰ কথা ভাবিছিল যদিও ৰঞ্জিত সিঙে তেওঁৰ গতিবিধিৰ ওপৰত বাধা আৰোপ কৰিছিল। ১৮২০ চনলৈকে তেওঁ নিজৰ জাইগীৰৰ সৰহভাগেই ৰাখিছিল।[3] ১৮৩২ চনত লাহোৰত সদা কৌৰৰ মৃত্যু হয়।[2]