সনামহী ধৰ্ম (Sanāmahīsm) (মেইতেই: ꯁꯅꯥꯃꯍꯤ ꯂꯥꯏꯅꯤꯡ) বা মীতৈ লাইনীঙ বা মণিপুৰী ধৰ্ম (Manipuri religion) বা কঙলৈ ধৰ্ম (Kanglei religion) হৈছে ধৰ্মৰ উপাসনা কৰা এক প্ৰাচীন পূৰ্বপুৰুষ ধৰ্ম।[1][2][3][4][5] এইটো মণিপুৰী জাতি আৰু মণিপুৰৰ জনজাতীয় লোকসকলৰ থলুৱা ধৰ্ম। ই এক বহু-ঈশ্বৰবাদী ধৰ্ম। সনামহী ধৰ্ম হাজাৰ হাজাৰ ঈশ্বৰক কেইবাটাও পান্থত পূজা কৰা হয়।[6][7]