সন্ধ্যা শান্তাৰাম | |
---|---|
![]() ১৯৫৭ ত শান্তা | |
জন্ম | বিজয়া দেশমুখ ২৭ ছেপ্টেম্বৰ, ১৯৩৮ (৮৬ বছৰ)[1] কোচি, কেৰালা, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী |
জনা যায় | পিঞ্জৰা ছবিৰ বাবে |
দাম্পত্যসঙ্গী | ভি শান্তাৰাম |
সন্ধ্যা শান্তাৰাম (জন্ম নাম: বিজয়া দেশমুখ)[2] এগৰাকী ভাৰতীয় অভিনেত্ৰী। স্বামী ভি শান্তাৰামৰ দ্বাৰা পৰিচালিত ১৯৫০-১৯৬০ৰ দশকৰ বিভিন্ন হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বেছিকৈ পৰিচিত; যিবোৰৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ’ল ঝনক ঝনক পায়েল বাজে (১৯৫৫), দো আঁখে বাৰ হাথ (১৯৫৮), নৱৰং (১৯৫৯) আৰু মাৰাঠী ছবি পিঞ্জৰা (১৯৭২) আৰু অমৰ ভূপালি (১৯৫১)।
ভি শান্তাৰামে তেওঁৰ ছবি অমৰ ভূপালি (১৯৫১)ৰ বাবে অভিনয় কৰিবলৈ নতুন মুখ বিচাৰি থাকোঁতে সন্ধ্যাক আৱিষ্কাৰ কৰিছিল।[3] ছবি নিৰ্মাতাগৰাকীক যিটো কথাই আচৰিত কৰিছিল, সেয়া হ'ল তেওঁৰ সুমধুৰ কণ্ঠ, যিটো তেওঁৰ দ্বিতীয় পত্নী অভিনেত্ৰী জয়শ্ৰীৰ সৈতে আচৰিত ধৰণে মিল আছিল।[4] পিছত জয়শ্ৰীয়ে তেওঁক এৰি যোৱাৰ পিছত সন্ধ্যাই শান্তাৰামক বিয়া কৰায়। ১৯৫২ চনত সন্ধ্যাই তেওঁৰ মাৰাঠী ছবি অমৰ ভূপালীত কবি হোনাজী বালাৰ হেঁপাহৰ কণ্ঠশিল্পীৰ চৰিত্ৰত অভিনয় কৰি অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে।[5] তাৰ পাছত শান্তৰামৰ প্ৰায়বোৰ ছবিতে অভিনয় কৰিবলৈ সক্ষম হয়। তেওঁৰ পৰৱৰ্তী ছবি তিন বাট্টি চাৰ ৰাস্তা (১৯৫৩)ত তেওঁ কোকিলা নামৰ এগৰাকী দৰিদ্ৰ ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল, যিগৰাকীক ক’লা ছালৰ বাবে অসুন্দৰী বুলি গণ্য কৰা হৈছিল, কিন্তু যিগৰাকীয়ে গোপনে এগৰাকী সুন্দৰ গায়িকাৰ কণ্ঠৰে ৰেডিঅ’ তাৰকা হৈ পৰিছিল। তেওঁৰ কোকিলা নামটোৰ দৰেই তেওঁৰো ধুনীয়াকৈ গান গোৱা কুলি চৰাইৰ মাতৰ সৈতে মিল আছিল। এই চৰিত্ৰটোৰ বাবে সন্ধ্যাই ডাৰ্ক মেকআপ কৰিবলগীয়া হৈছিল।
নৃত্যৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নথকাৰ বাবে সহ অভিনেতা গোপী কৃষ্ণৰ পৰা ঝনক ঝানক পায়েল বাজে ছবিৰ বাবে শাস্ত্ৰীয় নৃত্যৰ নিবিড় শিক্ষা গ্ৰহণ কৰে। ছবিখনত দুয়ো দুগৰাকী কথক নৃত্যশিল্পীৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই আছিল, আৰু প্ৰেমত পৰিছিল, যাৰ বাবে তেওঁলোকৰ নৃত্য গুৰুৰ তিৰস্কাৰৰ সন্মুখীন হ’বলগীয়া হয়। ছবিখনে অতি সফল হৈ চাৰিটা ফিল্মফেয়াৰ বঁটাৰ লগতে হিন্দী ভাষাৰ শ্ৰেষ্ঠ কাহিনীচিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰে।[6] সন্ধ্যাই স্বামীৰ বিপৰীতে দো আঁখে বাৰ হাথ ছবিত অভিনয় কৰিছিল, য'ত তেওঁ চম্পাৰ চৰিত্ৰত অভিনয় কৰিছিল, যি এগৰাকী খেলনা বিক্ৰেতা যিয়ে ৱাৰ্ডেন আৰু কয়দীসকলক তেওঁলোকৰ জেলৰ বাহিৰত খোজ কাঢ়ি যোৱাৰ সময়ত মোহিত কৰে৷[7]
নৱৰঙত তেওঁ শিৰোনাম চৰিত্ৰটোৰ সাধাৰণ পত্নী, এগৰাকী কবিৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে তেওঁক তেওঁৰ সুন্দৰ আৰু ইন্দ্ৰিয়গৰ্ভ ম্যুজ হিচাপে এক কল্পনাপ্ৰসূত ভাবমূৰ্তি সৃষ্টি কৰে।[8] ছবিখনত আৰে জা ৰে হট নটখট নামৰ হোলী গীতটো আছিল, য'ত সন্ধ্যাই নৃত্যৰ নেপূৰ পিন্ধি হাতীৰ সৈতে নাচিছে। ইয়াৰ পিছত তেওঁ মহাভাৰতৰ শকুন্তলাৰ কাহিনীৰ চলচ্চিত্ৰ সংস্কৰণ স্ত্ৰী (১৯৬১) ছবিত অভিনয় কৰে। মহাকাব্যখনত শকুন্তলা আৰু তেওঁৰ পুত্ৰ ভাৰতে সিংহৰ মাজত অৰণ্যত বাস কৰা বুলি উল্লেখ থকাৰ বাবে শান্তৰামে কিছুমান দৃশ্যত প্ৰকৃত সিংহক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লয়। এই দৃশ্যবোৰৰ বাবে সন্ধ্যাৰ কোন “ডাবল’’ নাছিল; তেওঁ সিংহৰ প্ৰশিক্ষকৰ আঁৰত সিংহৰ সৈতে পিঞ্জৰাত অনুশীলন কৰি প্ৰস্তুতি চলাইছিল।[9] সন্ধ্যাৰ শেষৰটো ডাঙৰ ভূমিকা আছিল পিঞ্জৰাৰ মাৰাঠী সংস্কৰণত; তেওঁৰ চৰিত্ৰ আছিল এগৰাকী তামাছা শিল্পী যিয়ে তেওঁক সংস্কাৰ কৰিবলৈ ওলাই অহা স্কুলৰ শিক্ষকৰ প্ৰেমত পৰে, যাৰ চৰিত্ৰৰ জৰিয়তে শ্ৰীৰাম লাগুৱে তেওঁৰ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।[10]
২০০৯ চনত নৱৰঙৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে ভি শান্তাৰাম বঁটা প্ৰদান অনুষ্ঠানত তেওঁ বিশেষভাৱে উপস্থিত হয়।[11]