সমধ্বনি বা হোমোফোন (ইংৰাজী: Homophone) হৈছে এনে এটি শব্দ যাৰ বৰ্ণ বা আখৰ একে নহয়। ইয়াৰ উচ্চাৰণ অন্য শব্দৰ দৰে একেই হয় যদিও ইয়াৰ অৰ্থবোৰ ভিন্ন হয়।[1][2] দুটা শব্দৰ বানান কেতিয়াবা একে হ'ব পাৰে, যেনে- Rose (ফুল) আৰু Rose (Rise ৰ অতীত কালৰ ৰূপ) বা অন্য ধৰণে- rain, reign, rein ইত্যাদি৷
অন্য ধৰণে বানান কৰা সমধ্বনিবোৰক হেটেৰোগ্ৰাফ বুলিও কোৱা হয়৷ যেনে- to, too আৰু two ইত্যাদি৷[1]
"Homophone" (হোমোফোন) শব্দটো গ্ৰীক শব্দ homo- (ὁμο‑), 'সম', আৰু phōnḗ (φωνή), 'ধ্বনি'ৰ পৰা উদ্ভৱ হৈছে।[3]