নাৰীবাদী আন্দোলন আৰু নব্য বাঁওৰ এটা শাখা হিচাপে ১৯৬০ আৰু ১৯৭০ চনত সমাজবাদী নাৰীবাদৰ (ইংৰাজী: Socialist feminism) উত্থান ঘটিছিল যিয়ে পিতৃতন্ত্ৰ আৰু পুঁজিবাদৰ আন্তঃসংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে।[1] সমাজত নাৰীৰ ব্যক্তিগত, ঘৰুৱা আৰু ৰাজহুৱা ভূমিকাক যিদৰে ধাৰণা কৰা হৈছে বা চিন্তা কৰা হৈছে, সেইবোৰক মেৰী উলষ্টোনক্ৰাফ্টৰ এ ভিণ্ডিকেচন অৱ দ্য ৰাইটছ অৱ উইমেন (১৭৯২) আৰু ১৮০০ চনৰ উইলিয়াম থম্পছনৰ ইউটোপিয়ান সমাজবাদী গ্ৰন্থৰ পৰাই অনুসন্ধান কৰিব পাৰি৷[2] মহিলা গোটত একত্ৰিত হৈ ব্যক্তিগত সমস্যাৰ বিষয়ে কথা পাতি পিতৃতন্ত্ৰক জয় কৰাৰ ধাৰণা কেৰল হানিচৰ পৰাই উদ্ভৱ হৈছে। ১৯৬৯ চনত এখন ৰচনাত এই কাম কৰা হৈছিল যিয়ে পিছলৈ 'ব্যক্তিগত ৰাজনৈতিক' শব্দটোৰ উদ্ভাৱন কৰিছিল।[3] এই সময়তে দ্বিতীয় ঢৌৰ নাৰীবাদৰ উন্মেষ ঘটিবলৈ আৰম্ভ কৰিছিল যি প্ৰকৃততে সমাজবাদী নাৰীবাদৰ আৰম্ভণি আছিল। সমাজবাদী নাৰীবাদীসকলে যুক্তি আগবঢ়ায় যে নাৰীৰ অত্যাচাৰৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক দুয়োটা উৎসৰ অন্ত পেলাবলৈ কাম কৰা দৰকাৰ৷ এইদৰে কাম কৰিলেহে মুক্তি লাভ কৰিব পৰা যায়।[4]
সমাজবাদী নাৰীবাদ হৈছে নাৰীৰ অত্যাচাৰত পুঁজিবাদৰ ভূমিকা সম্পৰ্কে মাৰ্ক্সবাদী নাৰীবাদৰ যুক্তি আৰু লিংগ আৰু পিতৃতন্ত্ৰৰ ভূমিকা সম্পৰ্কীয় উগ্ৰ নাৰীবাদৰ তত্ত্বক বহল কৰা এক দুমুখীয়া তত্ত্ব। সমাজবাদী নাৰীবাদীসকলে উগ্ৰ নাৰীবাদৰ মূল দাবীক নাকচ কৰে৷ এই দাবীৰ আধাৰ হৈছে- পিতৃতন্ত্ৰ, যি হৈছে নাৰীৰ ওপৰত অত্যাচাৰৰ একমাত্ৰ বা প্ৰাথমিক উৎস।[5] সমাজবাদী নাৰীবাদীসকলে পুৰুষৰ ওপৰত আৰ্থিক নিৰ্ভৰশীলতাৰ বাবেই নাৰীক নিপীড়িত কৰা হয় বুলি দৃঢ়তাৰে কয়। ধন-সম্পত্তিৰ অসমান ভাৰসাম্যৰ বাবে পুঁজিবাদৰ ভিতৰত নাৰী পুৰুষৰ আধিপত্যৰ বশৱৰ্তী হয়। তেওঁলোকে অৰ্থনৈতিক নিৰ্ভৰশীলতাক নাৰীৰ পুৰুষৰ বশৱৰ্তী হোৱাৰ চালিকা শক্তি হিচাপে গ্ৰহণ কৰে। তদুপৰি সমাজবাদী নাৰীবাদীসকলে নাৰীৰ মুক্তিক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ বৃহত্তৰ অভিযানৰ এক প্ৰয়োজনীয় অংশ হিচাপে গ্ৰহণ কৰে। সমাজবাদী নাৰীবাদীসকলে নাৰী মুক্তিৰ যুঁজখনক জাতি, শ্ৰেণী, যৌন অভিমুখ বা অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি অন্যান্য নিপীড়নমূলক ব্যৱস্থাৰ বিৰুদ্ধে সংগ্ৰামৰ সৈতে একত্ৰিত কৰাৰ চেষ্টা কৰিছিল।[6]
সমাজবাদী নাৰীবাদে মাৰ্ক্সবাদত পোৱা বহুতো ধাৰণা, যেনে: ঐতিহাসিক বস্তুবাদী দৃষ্টিভংগীৰ ওপৰত আধাৰিত৷ অৰ্থাৎ তেওঁলোকে নিজৰ ধাৰণাক মানুহৰ জীৱনৰ বস্তুগত আৰু ঐতিহাসিক অৱস্থাৰ সৈতে সম্পৰ্কিত কৰে। এইদৰে সমাজবাদী নাৰীবাদীসকলে বিবেচনা কৰে যে প্ৰতিটো ঐতিহাসিক যুগৰ যৌনতাবাদ আৰু লিংগভিত্তিক শ্ৰম বিভাজন কেনেকৈ সেই সময়ৰ অৰ্থনৈতিক ব্যৱস্থাৰ দ্বাৰা নিৰ্ধাৰিত হয়। সেই চৰ্তসমূহ বহুলাংশে পুঁজিবাদী আৰু পিতৃতান্ত্ৰিক সম্পৰ্কৰ জৰিয়তে প্ৰকাশ পায়। সমাজবাদী নাৰীবাদীসকলে অৰ্থড'ক্স মাৰ্ক্সবাদী ধাৰণাটোক নাকচ কৰে৷ যি ধাৰণাই শ্ৰেণী আৰু শ্ৰেণী সংগ্ৰামক ইতিহাস আৰু অৰ্থনৈতিক বিকাশৰ একমাত্ৰ সংজ্ঞায়িত দিশৰ লগত সম্পৃক্ত কৰে।[7] কাৰ্ল মাৰ্ক্সে দৃঢ়তাৰে কৈছিল যে যেতিয়া শ্ৰেণী অত্যাচাৰক অতিক্ৰম কৰা হ’ব তেতিয়া লিংগ অত্যাচাৰো নাইকিয়া হ’ব। সমাজবাদী নাৰীবাদীসকলৰ মতে লিংগ অত্যাচাৰক শ্ৰেণী অত্যাচাৰৰ উপশ্ৰেণী হিচাপে লোৱা এই দৃষ্টিভংগী পংকিলময়৷
ক্ৰিষ্টেন গডছিয়ে তেওঁৰ গ্ৰন্থ Why Women Have Better Sex Under Socialism ত যুক্তি দিছে যে মুক্ত বজাৰসমূহে মহিলাসকলৰ বিৰুদ্ধে বৈষম্যমূলক ব্যৱস্থা গ্ৰহণ কৰে৷ কাৰণ জ্যেষ্ঠ বছসকলে নাৰীক কম নিৰ্ভৰযোগ্য, দুৰ্বল আৰু অধিক আৱেগিক বুলি গণ্য কৰে; যাৰ ফলত লিংগভিত্তিক দৰমহাৰ ব্যৱধানৰ সৃষ্টি হয়-যিহেতু তেওঁলোকক নিয়োগ কৰিবলৈ আৰ্থিক প্ৰৰোচনাৰ প্ৰয়োজন হয়।[8]তেওঁ জৰ্জ বাৰ্নাৰ্ড শ্ব'ৰ উদ্ধৃতি দি কৈছে যে "পুঁজিবাদে নাৰীৰ ওপৰত ধনৰ বিনিময়ত যৌন সম্পৰ্কত প্ৰৱেশ কৰিবলৈ নিৰন্তৰ উৎকোচ হিচাপে কাম কৰে"।[9] তেওঁ লগতে দাবী কৰে যে বহু মহিলাই ঘৰৰ ভিতৰতে কামত অংশগ্ৰহণ কৰে যদিও বজাৰৰ ক্ষেত্ৰত এয়া অদৃশ্য।