সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয় | |
---|---|
মূলমন্ত্ৰ | শ্ৰুতম মে গোপায় |
ইংৰাজীত মূলমন্ত্ৰ | মোৰ শিক্ষণ নিৰাপদ হওক |
স্থাপিত | ১৭৯১ |
ধৰণ | ৰাজ্যিক বিশ্ববিদ্যালয় |
আচাৰ্য | ৰাজ্যপাল, উত্তৰ প্ৰদেশ |
উপাচাৰ্য | বিহাৰী লাল শৰ্মা |
স্থান | বাৰাণসী, উত্তৰ প্ৰদেশ, ভাৰত |
চৌহদ | চহৰ অঞ্চল |
পূৰ্বৰ নাম |
|
ভুক্তি | বিশ্ববিদ্যালয় অনুদান আয়োগ (ভাৰত) |
ৱেবছাইট | www |
সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয় পূৰ্বতে বৰাণসেয়া সংস্কৃত বিশ্ববিদ্যালয় বা চৰকাৰী সংস্কৃত মহাবিদ্যালয়, বাৰাণসী বুলি পৰিচিত এখন উচ্চ শিক্ষাপ্ৰতিষ্ঠান। এইখন ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ বৰাণসীত অৱস্থিত। বিশ্বৰ বৃহৎ সংস্কৃত বিশ্ববিদ্যালয় ভিতৰত এইখন অন্যতম। বৰ্তমান বিশ্ববিদ্যালয়খনে বিভিন্ন শাখাত স্নাতক আৰু স্নাতকোত্তৰ কাৰ্যসূচী আগবঢ়াই আছে। বিশ্ববিদ্যালয়খন ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ(NAAC) আৰু বিশ্ববিদ্যালয় অনুদান আয়োগ(UGC)ৰ দ্বাৰা স্বীকৃতি দিয়া হৈছে।
১৭৯১ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন ইংৰাজ জোনাথন ডানকানে(বম্বেৰ গৱৰ্ণৰ) বেনাৰস ৰাজ্যত ভাৰতীয় শিক্ষাৰ প্ৰতি ব্ৰিটিছ চৰকাৰক সমৰ্থন প্ৰদৰ্শন কৰি সংস্কৃত ভাংমায়া (বাকস্ম্য)ৰ বিকাশ আৰু সংৰক্ষণৰ বাবে সংস্কৃত মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায়। এই পদক্ষেপ সেই সময়ৰ গৱৰ্ণৰ জেনেৰেল চাৰ্লছ কৰ্ণৱালিছয়ে অনুমোদন জনাইছিল। শিক্ষানুষ্ঠানৰ প্ৰথম শিক্ষকৰ বাবে পণ্ডিত কাশীনাথ আৰু গৱৰ্ণৰ জেনেৰেলে বছৰি ₹২০,০০০ বাজেট অনুমোদন প্ৰদান কৰিছিল। চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষজন মুইৰ(ইণ্ডোলজিষ্ট) আছিল। তাৰ পিছত ক্ৰমে জেমছ আৰ বেলাণ্টাইন, ৰালফ টি এইচ গ্ৰীফিথ, জৰ্জ থিবাউট, আৰ্থাৰ ভেনিছ, ছাৰ গংগানাথ ঝা আৰু গোপিনাথ কবিৰাজ আছিল।[1]১৮৫৭ চনত মহাবিদ্যালয়খনত স্নাতকোত্তৰ পাঠদান আৰম্ভ হয়। ১৮৮০ চনত পৰীক্ষা ব্যৱস্থা গ্ৰহণ কৰা হয়। ১৮৯৪ চনত বিখ্যাত সৰস্বতী ভৱন গ্ৰন্থালয় ভৱন নিৰ্মাণ কৰি য'ত আজিও হাজাৰ হাজাৰ পাণ্ডুলিপি সংৰক্ষিত হৈ আছে। এই পাণ্ডুলিপিসমূহ মহাবিদ্যালয়ৰ অধ্যক্ষই সম্পাদনা কৰি কিতাপ আকাৰত প্ৰকাশ কৰিছে। সৰস্বতী ভৱন গ্ৰন্থমালা নামেৰে জনাজাত এখন ধাৰাবাহিকত ৪০০ৰো অধিক গ্ৰন্থ প্ৰকাশ পাইছে। ১৯৫৮ চনত সম্পূৰ্ণানন্দৰ প্ৰচেষ্টাত শিক্ষানুষ্ঠানৰ মৰ্যাদা মহাবিদ্যালয়ৰ পৰা সংস্কৃত বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়। ১৯৭৪ চনত এই শিক্ষানুষ্ঠানৰ নাম আনুষ্ঠানিকভাৱে সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়লৈ সলনি কৰা হয়।[2]
শিক্ষানুষ্ঠানখন সকলো গৱেষণামূলক কাম-কাজ অধ্যক্ষই তত্ত্বাৱধান কৰিছিল আৰু তেতিয়া সংস্কৃত মহাবিদ্যালয় নামেৰে জনাজাত আছিল। সৰস্বতী ভৱন গ্ৰন্থালয়ত ৰখা পাণ্ডুলিপিৰ ওপৰত গৱেষণা কাম কৰিছিল। প্ৰতিষ্ঠানখন বিশ্ববিদ্যালয় হোৱাৰ পিছত সকলো গৱেষণামূলক কামৰ তত্ত্বাৱধানত গৱেষণা প্ৰতিষ্ঠানৰ পৰিচালকে কৰিছিল। তেওঁ বিখ্যাত গ্ৰন্থ শৃংখলা সৰস্বতী ভৱন গ্ৰন্থমালা আৰু আলোচনী Sārasvati Suṣamāৰ মুখ্য সম্পাদকও আছিল। সেইবাবে পৰিচালকক প্ৰখ্যাত ব্যাকৰণবিদ বাগিশ শাস্ত্ৰী গৰাকীয়ে সংস্কৃত আলোচনী সাৰস্বতী সুষমা লৈ বহুমূলীয়া অৱদান আগবঢ়াইছিল আৰু সৰস্বতী ভৱন গ্ৰন্থমালা শৃংখলাৰ অসংখ্য গ্ৰন্থ সম্পাদনা কৰিছিল।[3]
সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ে ভাৰতবৰ্ষৰ বহুত বিদ্যালয় আৰু মহাবিদ্যালয় সৈতে সংলগ্ন হৈ আছে।[4]ৰাজ্যভিত্তিক সংযুক্ত মহাবিদ্যালয়সমূহৰ পৰিসংখ্যা তলত দিয়া ধৰণৰ।
নং | ৰাজ্য | সংযুক্ত মহাবিদ্যালয়ৰ সংখ্যা |
---|---|---|
১ | অৰুণাচল প্ৰদেশ | ১ |
২ | বিহাৰ | ১০ |
৩ | দিল্লী | ৭ |
৪ | গুজৰাট | ২ |
৫ | হাৰিয়ানা | ৭ |
৭ | হিমাচল প্ৰদেশ | ১ |
৬ | জম্মু আৰু কাশ্মীৰ | ১ |
৭ | মহাৰাষ্ট্ৰ | ৪ |
৮ | পাঞ্জাৱ | ১ |
৯ | ৰাজস্থান | ৪ |
১০ | চিকিম | ৫ |
১১ | উত্তৰ প্ৰদেশ | ৫৫৪ |
১২ | পশ্চিম বংগ | ৬ |