সমৰ | |
---|---|
পৰিচালক | শ্যাম বেনেগাল |
ৰচনা | অশোক মিশ্ৰ |
প্ৰযোজক | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম,[1] ৰাজ পিউছ (কাৰ্যবাহী প্ৰযোজক)[2] |
অভিনয়ত | ৰাজেশ্বৰী সচদেৱ, ৰজিত কাপুৰ, কিশোৰ কদম, ৰবি ঝংকাল, সীমা বিশ্বাস |
চিত্ৰগ্ৰহণকাৰী | ৰাজন কোথাৰী |
সম্পাদনা | অসীম সিনহা |
সংগীত পৰিচালক | বনৰাজ ভাটিয় |
মুক্তি |
১৯৯৯ |
দৈৰ্ঘ্য |
১২৬ মিনিট |
ভাষা | হিন্দী/উৰ্দু |
সমৰ (ইংৰাজী: Samar, উৰ্দু: سمر) ১৯৯৯ চনত শ্যাম বেনেগালৰ পৰিচালনাৰে নিৰ্মিত এখন ভাৰতীয় পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ। এই ছবিখন হৰ্ছ মেণ্ডাৰৰ "আনহাৰ্ড ভয়েচছ: ষ্ট'ৰীজ অৱ ফৰগটেন লাইভছ" নামৰ কিতাপখনৰ আধাৰত নিৰ্মিত।[3] ছবিখন প্ৰযোজনা কৰিছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC) নামৰ চৰকাৰী সংস্থাটোৱে।
ইয়াত অভিনয় কৰিছে ৰাজেশ্বৰী সচদেৱ, জোনহাৱিৱি ফৰছিৱাছ, কিশোৰ কদম আৰু সীমা বিশ্বাস আৰু অন্যসকলে। ছবিখনৰ ভাষা হিন্দুস্তানী। সংগীত বনৰাজ ভাটিয়াৰ। সমৰে ১৯৯৯ চনত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে দুটাকৈ ৪৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[4]
মধ্যপ্ৰদেশৰ এখন গাঁৱৰ বাস্তৱ জীৱনৰ কাহিনীৰ আধাৰত ছবিখন নিৰ্মিত হৈছে। এজন কৃষকে ঈশ্বৰক ধন্যবাদ দিবৰ বাবে গাঁৱৰ মন্দিৰত প্ৰৱেশ কৰাৰ "অপৰাধ" সংঘটিত কৰিছিল আৰু ফল স্বৰূপে তেওঁক ৰাজহুৱাভাৱে গাঁৱৰ পুৰোহিতজনে অপমান কৰিছিল। এজন চলচ্চিত্ৰ অভিনেতাই অপমানৰ এই দৃশ্যটো অভিনয় কৰিবলৈ যাওঁতে বিদ্ৰোহী হৈ উঠে, যাৰ ফলত গাঁওখনত আন এক হিংসাৰ সূচনা হয়।[5] ইয়াৰ উপৰিও ই আধুনিক চলচ্চিত্ৰ নিৰ্মাতাসকলৰ এক অপ্ৰিয় ছবিও উপস্থাপন কৰে, বিশেষকৈ যিসকলে "সংবেদনশীল" কাহিনীৰ সন্ধানত দূৰৈৰ গ্ৰাম্য অঞ্চল ভ্ৰমণ কৰে। আনহাতে নিজেই গ্ৰাম্য গতিশীলতাৰ প্ৰতি সংবেদনহীন হৈ থাকে আৰু পাছলৈ চলচ্চিত্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত সমগ্ৰ কাহিনীটোৰ লগত নিজৰ পূৰ্বধাৰণা আৰু পক্ষপাতিত্ব যোগ কৰে।[6]
ছবিখনৰ মুখ্য বিষয়বস্তু ভাৰতৰ জাতি ব্যৱস্থা কেন্দ্ৰিক আৰু ইয়াক এখন ছবিৰ ভিতৰত আন এখন ছবি হিচাপে চিত্ৰিত কৰা হৈছে। মধ্যপ্ৰদেশৰ এখন সৰু গাঁৱত পানীৰ পাম্প স্থাপনক লৈ দুটা ভিন্ন সম্প্ৰদায়ৰ মাজত কাজিয়া হয়। কোনো এটা সম্প্ৰদায়ৰ সদস্য নাথুৱে অন্যায় বুলি অনুভৱ কৰা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। ইয়াতে স্থানীয় ভূস্বামী ক্ষুব্ধ হৈ পৰে আৰু সম্প্ৰদায়টোক ভোকত মৰাৰ পাং পাতি অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লয়। নাথুৰ ঘৰখন এক ৰহস্যজনক পৰিস্থিতিত জুইত জাহ যাহ যায়। তেতিয়া নাথুৱে এটা মন্দিৰত আশ্ৰয় বিচাৰে আৰু সমাধানৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে। নাথুক তেওঁৰ সম্প্ৰদায়ৰ লোকক মন্দিৰত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা নিয়ম ভংগ কৰাৰ বাবে তেওঁ ভূস্বামীৰ দ্বাৰা প্ৰহৃত হোৱা দেখা যায়। পিছত জনা যায় যে অঞ্চলটোৰ পৰিস্থিতিক বোম্বাইত নিৰ্মিত এখন ছবিৰ কাহিনী হিচাপে ব্যৱহাৰ কৰা হৈছে। কিন্তু ছবিখনত দেখুওৱা চৰিত্ৰসমূহক ভুলকৈ উপস্থাপন কৰা হৈছে; যাৰ ফলত ছবিৰ চেটত উত্তেজনাৰ সৃষ্টি হয় আৰু শেষত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হয়।