সমৰেশ মজুমদাৰ | |
---|---|
২০১৫ চনত সমৰেশ মজুমদাৰ | |
জন্ম | ১০ মাৰ্চ, ১৯৪৪ গয়েৰকাটা, জলপাইগুৰি জিলা, বৃটিছ ভাৰত |
মৃত্যু | ৮ মে', ২০২৩ (৭৯ বছৰ) কলকাতা, পশ্চিমবঙ্গ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | |
পেচা | লেখক |
উল্লেখযোগ্য কৰ্ম | উত্তৰাধিকাৰ, কালবেলা, কালপুৰুষ, গৰ্ভধাৰিণী, সিংহবাহিনী, কলিকাতায় নবকুমাৰ |
স্বাক্ষৰ | |
![]() | |
ৱেবছাইট | |
www |
সমৰেশ মজুমদাৰ (ইংৰাজী: Samaresh Majumdar; ১০ মাৰ্চ ১৯৪২ – ৮ মে' ২০২৩) [1] এজন ভাৰতীয় বাঙালী কথাসাহিত্যিক আৰু ঔপন্যাসিক। উত্তৰাধিকাৰ, কালবেলা, কালপুৰুষকে ধৰি বহু জনপ্ৰিয় উপন্যাসৰ লেখক। তেওঁ কেইবাখনো টেলিভিছন ধাৰাবাহিকৰ কাহিনীৰ স্ৰষ্টা। নগৰীয়া জীৱন-কাহিনীৰ বৰ্ণনা তেওঁৰ ৰচনাত বাৰেপতি আবিৰ্ভাৱ হৈছে। যাৰ বাবে বহু সময়ত তেওঁক আপাদমস্তক ‘আৰবান’ লেখক বুলি অভিহিত কৰা হয়। [2] ১৯৮২ চনত আনন্দ পুৰস্কাৰ, সাহিত্য অকাডেমী বঁটা আৰু পশ্চিমবঙ্গ চৰকাৰে প্ৰদান কৰা বঙ্গবিভূষণ সহ বহু সন্মানেৰে তেওঁ সন্মানিত হৈছে। [3]
পশ্চিমবঙ্গৰ গয়েৰকাটাত ১৯৪২ চনৰ ১০ মাৰ্চত (২৬ ফাগুন ১৩৪৮ বঙ্গাব্দ) সমৰেশ মজুমদাৰৰ জন্ম হৈছিল। [2] তেওঁৰ পিতৃৰ নাম কৃষ্ণদাস মজুমদাৰ আৰু মাতৃৰ নাম শ্যামালী দেৱী। শৈশৱ অতিবাহিত হৈছিল ডুৱাৰ্চৰ গয়েৰকাটা চাহ বাগিচাত। ভৱানী মাষ্টৰৰ পাঠশালাত তেওঁৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল। [1] তাৰ পিছত জলপাইগুৰি জিলা বিদ্যালয়ত বিদ্যালয়ৰ শিক্ষা। ১৯৬০ চনত তেওঁ কলকাতালৈ যায়। কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা বাংলা ভাষাত স্নাতক ডিগ্ৰী আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বাংলা ভাষা আৰু সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱনৰ সময়ছোৱাত তেওঁ আনন্দবজাৰ পত্ৰিকা গোষ্ঠীৰ সৈতে জড়িত আছিল। গ্ৰুপ থিয়েটাৰৰ প্ৰতিও তেওঁৰ আকৰ্ষণ আছিল প্ৰবল। তেওঁৰ প্ৰথম গল্প “অন্যমাত্ৰ” মঞ্চ নাটক হিচাপে লিখা হৈছিল, আৰু তাৰ পৰাই তেওঁৰ লেখক কেৰিয়াৰ আৰম্ভ হৈছিল। তেওঁৰ অন্যমাত্ৰ ১৯৬৭ চনত দেশ পত্ৰিকাত প্ৰকাশ পাইছিল। সমৰেশ মজুমদাৰৰ প্ৰথমখন উপন্যাস “দৌড়” ১৯৭৫ চনত দেশত প্ৰকাশ পাইছিল। তেওঁ নিজৰ লেখা-মেলা গল্প বা উপন্যাসতে সীমাৱদ্ধ নাৰাখিছিল; চুটিগল্প, ভ্ৰমণ কাহিনীৰ পৰা আৰম্ভ কৰি গোয়েন্দা কাহিনীলৈকে বিস্তৃত আছিল; তেওঁ প্ৰচুৰ কিশোৰ উপন্যাসও লিখিছিল। তেওঁৰ প্ৰতিখন উপন্যাসৰ বিষয়বস্তু, লেখাৰ গতি আৰু গল্প কোৱাৰ শৈলী ভিন্ন, যিয়ে পাঠকক আকৰ্ষিত কৰে। চাহ বাগিচাৰ মাদেচিয়া সমাজৰ পৰা কলিকতাৰ নিম্নবৰ্গৰ মানুহবোৰ তেজ-মঙহৰ মানুহ হিচাপে তেওঁৰ কলমত সজীৱ হৈছিল। সমৰেশ মজুমদাৰৰ উল্লেখযোগ্য উপন্যাসসমূহৰ ভিতৰত সাতকাহান, তেৰো পাৰ্বণ, স্বপ্নেৰ বাজাৰ, উজান, গংগা, ভিক্টোৰিয়াৰ বাগান, আট কুঠুৰি নয় দৰজা, অনুৰাগ ইত্যাদি। তেওঁৰ ত্ৰিলজী ‘উত্তৰাাধিকাৰ, কলবেলা, কলপুৰুষ’-এ তেওঁক বাংলা সাহিত্য জগতত বিশেষ খ্যাতি দিছে। তেওঁ সৃষ্টি কৰা ডিটেক্টিভ অৰ্জুন পাঠকৰ মাজত জনপ্ৰিয়।[4]
বহু অসাধাৰণ লেখাৰ এইগৰাকী সৃষ্টিকৰ্তাই বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ১৯৮২ চনত আনন্দ পুৰস্কাৰ, ১৯৮৪ চনত সাহিত্য অকাডেমী বঁটা, বংকিম পুৰস্কাৰ আৰু আইএএমআইএছ বঁটা লাভ কৰে। চিত্ৰনাট্যকাৰ হিচাপে বিএফজেএ, দিশাৰি আৰু ফিল্ম প্ৰমোচন ছ'চাইটিৰ বঁটা লাভ কৰে। সমৰেশে কলিকতা আৰু বাংলাদেশৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ লেখক হিচাপে পাঠকৰ হৃদয় জয় কৰিছে।
শেষ জীৱনত লেখকজন চিঅ’পিডি ৰোগত আক্ৰান্ত হৈছিল। লগতে স্লিপ এপনিয়া (টোপনিৰ সময়ত উশাহ-নিশাহৰ সমস্যা) আছিল। ২০২৩ চনৰ ২৫ এপ্ৰিলত মগজুৰ ৰক্তক্ষৰণৰ সমস্যাৰ বাবে তেওঁক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৮ মে’ত তাতেই তেওঁৰ মৃত্যু হয়। [5]
|
|
|