এটা সিন্ধী টুপীৰ কাষত সাই ভাজিৰ এখন প্লেট। | |
অন্য নাম | সিন্ধী সাই ভাজি |
---|---|
প্ৰকাৰ | তৰকাৰী |
প্ৰকাৰ | প্ৰধান খাদ্য |
উৎপত্তিৰ স্থান | সিন্ধ, পাকিস্তান |
অঞ্চল | দক্ষিণ এছিয়া |
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন | পাকিস্তানী, ভাৰতীয় |
মুখ্য উপাদান | দাইল, পালেং, সেউজীয়া আৰু অন্যান্য শাক-পাচলি |
আন উপাদান | বিভিন্ন মচলা |
অনুৰূপ ব্যঞ্জন | সিন্ধী কান্ধ |
সাই ভাজি (ইংৰাজী: Sai bhaji) হৈছে এবিধ নিৰামিষ তৰকাৰী; ইয়াক দাইল (মচুৰ দাইল), পালক (পালেং) আৰু অন্যান্য শাক-পাচলিৰে প্ৰস্তুত কৰা হয়। ই স্থানীয় খাদ্যৰ এক প্ৰধান অংশ আৰু বিভিন্ন সেউজীয়াৰ মিশ্ৰণৰ বাবে ইয়াক পুষ্টিৰ চহকী উৎস হিচাপে গণ্য কৰা হয়।[1][2]
পাকিস্তান, ভাৰত, আৰু সিন্ধী প্ৰব্ৰজনকাৰীসকলৰ ই এক জনপ্ৰিয় ঘৰুৱা খাদ্য।[3][4][5]
তৰকাৰীৰ নামটো সিন্ধী ভাষাৰ দুটা শব্দৰ পৰা উদ্ভৱ হোৱা বুলি কোৱা হয়: সাই (অৰ্থাৎ "সেউজীয়া") আৰু ভাজি (অৰ্থাৎ "শাক-পাচলি"), ই এইদৰে খাদ্য ৰান্ধিবলৈ ব্যৱহাৰ কৰা উপাদানসমূহ বুজায়।[6] সাই ভাজি গ্ৰীষ্ম আৰু শীতকালত সেৱন কৰা হয়, ৰাতি আৰু দিনৰ আহাৰ হিচাপে ইয়াক গ্ৰহণ কৰা হয়॥[7] স্বাস্থ্যকৰ পুষ্টি আৰু প্ৰস্তুত কৰাৰ সৰলতাৰ বাবে ইয়াক পছন্দ কৰা হয়। অভ্যন্তৰীণ সিন্ধৰ শুকান অঞ্চলত, ঋতুভিত্তিক শাক-পাচলি শুকোৱা হয় আৰু বছৰজুৰি ৰন্ধাৰ উদ্দেশ্যে মজুত কৰা হয়।[7]
এই ভাজিত ব্যৱহৃত প্ৰধান উপাদানসমূহ হ’ল কটা পালেং পাত, কম পৰিমাণে মেথি, ডাইল আৰু গংগুৰাৰ পাত। শাক-পাচলিখিনি নিষ্কাশিত মাহজাতীয় শস্য (সাধাৰণতে চানা ডাল বা মুগ ডাল) আৰু ৰন্ধন তেলৰ সৈতে মিশ্ৰণ কৰি ষ্ট্যু প্ৰস্তুত কৰা হয়।[2]
গ্ৰেভিত যোগ কৰা অন্যান্য উপাদানসমূহৰ ভিতৰত আছে জিৰা, আদা আৰু নহৰু, কটা পিঁয়াজ আৰু বিলাহী, পানী, নিমখ, সেউজীয়া জলকীয়া, হালধি আৰু ধনিয়া পাউডাৰ, ৰঙা জলকীয়াৰ পাউডাৰ আৰু বেঙেনা আৰু আলু।[2] ব্যৱহৃত মচলাৰ স্তৰ সাধাৰণতে মৃদু হয়।[4] এবাৰ ৰন্ধাৰ পিছত তৰকাৰীৰ এক মসৃণ আৰু ক্ৰীমযুক্ত গঠন হয়। [8]
সাই ভাজি বাছমতী চাউল বা ৰুটিৰ সৈতে পৰিৱেশন কৰিব পাৰি।[1][4] খোৱাৰ এক জনপ্ৰিয় সংমিশ্ৰণ হৈছে খিচুৰি চাউলৰ সৈতে।[7]