সাগৰ সংগমে | |
---|---|
পৰিচালক | দেৱকী বসু |
ৰচনা | দেৱকী বসু প্ৰেমেন্দ্ৰে মিত্ৰ |
অভিনয়ত | ভাৰতী দেৱী মঞ্জু অধিকাৰী |
চিত্ৰগ্ৰহণকাৰী | বিমল মুখাৰ্জী |
সম্পাদনা | গোৱৰ্ধন অধিকাৰী |
সংগীত পৰিচালক | ৰাইচাঁদ বড়াল |
মুক্তি |
১৫ এপ্ৰিল ১৯৫৯ |
দৈৰ্ঘ্য |
৯০ মিনিট |
দেশ | ভাৰত |
ভাষা | বঙালী |
সাগৰ সংগমে (ইংৰাজী: Sagar Sangamey ) ১৯৫৯ চনত মুক্তি পোৱা আৰু দেৱকী বসু পৰিচালিত এখন বঙালী চলচ্চিত্ৰ। ছবিখনে ১৯৫৯ চনত সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি, শ্ৰেষ্ঠ শিশুশিল্পী আৰু শ্ৰেষ্ঠ বঙালী ভাষাৰ ছবি শিতানত তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ৯ম বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱতো ছবিখন প্ৰদৰ্শিত হৈছিল।[1]
দাক্ষায়নী ব্ৰাহ্মণ জমিদাৰ ঈশ্বৰ দুৰ্গেশ্চন্দ্ৰ মুখোপাধ্যায়ৰ বিধবা পত্নী। গংগা সাগৰত তীৰ্থ কৰাৰ উদ্দেশ্যে তেওঁ কলকাতালৈ আহে আৰু নাৱেৰে গংগা সাগৰ দ্বীপলৈ যাত্ৰাৰম্ভ কৰে। নাৱখন যাত্ৰীৰে ঠাহখোৱা আৰু পৰিবেশো তেনেই অস্বাস্থ্যকৰ। একেখন নাৱেৰেই গংগা সাগৰলৈ মাকৰ সৈতে যাত্ৰা কৰিছিল বাতাসী নামৰ এজনী সৰু ছোৱালীয়ে। বাতাসীৰ আচাৰ-আচৰণত দাক্ষায়নী তীক্ত-বিৰক্ত হৈ উঠে। বাতাসীক দেখিলেই বুজিব পাৰি তাই এখন পিছপৰা সমাজৰ পৰা আহিছে।
গৈ থাকোঁতে সামুদ্ৰিক ধমুহাত নাৱখন বিধ্বস্ত হৈ পৰে। দাক্ষায়নীয়ে নিজৰ জীৱনকো তুচ্ছ কৰি, সকলো খং-ক্ষোভ পাহৰি সোঁতত উটি যোৱা বাতাসীক উদ্ধাৰ কৰে। তাইক সাগৰ দ্বীপৰ শিবিৰৰ হাস্পাতালত ভৰ্তি কৰোঁৱা হয়। ইতিমধ্যে দুৰ্ঘটনাত তাইৰ মাকৰ মৃত্যু হৈছিল। ইফালে দাক্ষায়নীয়ে আধাৰুৱা তীৰ্থযাত্ৰা সম্পূৰ্ণ কৰিবলৈ নাও এখন ভাৰা কৰে। এনেতে শিবিৰৰ ডাক্তৰে তেতিয়াও জ্ঞান ঘূৰি নহা বাতাসীৰ সম্পূৰ্ণ নাম-ঠিকনা লিখি দিবলৈ দাক্ষায়নীলৈ প্ৰপত্ৰ এখন আগবঢ়াই দিয়ে। প্ৰপত্ৰখন লৈ তেওঁ বাতাসীৰ মাক আৰু দেউতাকৰ নামৰ ঠাইত লিখে ক্ৰমে ‘শ্ৰীমতী দাক্ষায়নী দেৱী’ আৰু ‘ঈশ্বৰ দুৰ্গেশচন্দ্ৰ মুখোপধ্যায়’।[2]
|