সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডী | |||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() | |||||||||||||||||||||||||||||||||||||
ব্যক্তিগত তথ্য | |||||||||||||||||||||||||||||||||||||
দেশ | ভাৰত | ||||||||||||||||||||||||||||||||||||
জন্ম | ১৩ আগষ্ট, ২০০০ (২৪ বছৰ) অমলাপুৰম, পূৱ গোদাৱৰী জিলা, অন্ধ্ৰপ্ৰদেশ, ভাৰত | ||||||||||||||||||||||||||||||||||||
উচ্চতা | ১.৮৪ মি. | ||||||||||||||||||||||||||||||||||||
ওজন | ৭৭ কেজি | ||||||||||||||||||||||||||||||||||||
হাত | সোঁ | ||||||||||||||||||||||||||||||||||||
পুৰুষ আৰু মিশ্ৰ দ্বৈত | |||||||||||||||||||||||||||||||||||||
সৰ্বোচ্চ ৰেংকিং | ৭ (এমডি ১২ নৱেম্বৰ ২০১৯) ১৯ (এক্সডি ২ ফেব্ৰুৱাৰী ২০২১) | ||||||||||||||||||||||||||||||||||||
বৰ্তমান ৰেংকিং | ৭(এমডি), ২৬ (এক্সডি) (২২ মাৰ্চ ২০২২) | ||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
| |||||||||||||||||||||||||||||||||||||
BWF profile |
সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডী (ইংৰাজী: Satwiksairaj Rankireddy; জন্ম: ১৩ আগষ্ট ২০০০) এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ।[1][2] তেওঁ আৰু তেওঁৰ সংগী চিৰাগ চন্দ্ৰশেখৰ শেট্টী ভাৰতৰ পৰা বি ডব্লিউ এফ বিশ্ব ৰেংকিঙৰ শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰা প্ৰথম পুৰুষ ডাবলছ যুটি। তেওঁৰ কেৰিয়াৰৰ সৰ্বোচ্চ ৰেংকিং ৭। তেওঁ ২০২২ চনৰ কমনৱেলথ গেমছত পুৰুষৰ ডাবলছত সোণৰ পদক লাভ কৰিছিল। [3]
ৰেংকিৰেড্ডী অন্ধ্ৰপ্ৰদেশৰ অমলাপুৰম নামৰ এখন চহৰৰ বাসিন্দা। তেওঁ পূৰ্বতে ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ হিচাপে পৰিগণিত হোৱা পিতৃৰ লগতে ডাঙৰ ভাতৃৰ পদাংক অনুসৰণ কৰি বেডমিণ্টন খেলিবলৈ আৰম্ভ কৰিছিল। ২০১৪ চনত হায়দৰাবাদৰ পুলেলা গোপিচন্দ একাডেমীত যোগদান কৰি তেওঁ ডাবলছ বিশেষজ্ঞ হোৱাৰ সিদ্ধান্ত লয়।[4]
ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে ২০১৮ চনৰ কমনৱেলথ গেমছত মিক্সড টিম ইভেণ্টত ভাৰতক ঐতিহাসিক সোণৰ পদক অৰ্জন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এইখন প্ৰতিযোগিতাতে তেওঁলোকে পুৰুষৰ ডাবলছত ৰূপৰ পদকো লাভ কৰিছিল।[5]
২০১৯ চনত ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে বি ডব্লিউ এফ ছুপাৰচিৰিজ বা বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ (ছুপাৰ ৫০০+) খিতাপ দখল কৰা প্ৰথম ভাৰতীয় ডাবলছ যুটি হিচাপে পৰিগণিত হয়, যেতিয়া তেওঁলোকে ফাইনেলত চীনা যুটি লি জুনহুই আৰু লিউ ইউচেনক পৰাস্ত কৰি থাইলেণ্ড অ’পেনৰ খিতাপ দখল কৰে।[6] ইয়াৰ পিছত তেওঁলোকে ২০১৯ চনৰ ফ্ৰেন্স অ'পেনত ৰানাৰ্ছ আপৰ স্থান দখল কৰে। এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত তেওঁলোক ইণ্ডোনেছিয়াৰ যুটি মাৰ্কাছ ফাৰ্নাল্ডি গিডিয়ন আৰু কেভিন ছাঞ্জয়া চুকামুলজোৰ হাতত পৰাস্ত হয়।[7]
২০২১ চনত ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে দ্বিতীয় ৰাউণ্ডত ইণ্ডোনেছিয়াৰ যুটি মহম্মদ আহছান আৰু হেন্দ্ৰা চেটিয়াৱানৰ হাতত পৰাস্ত হৈ ২০২০ চনৰ ইউনেক্স থাইলেণ্ড অ'পেনৰ পৰা ক্ৰেচ আউট হয়।[8] জুলাই মাহত তেওঁ আৰু চিৰাগ শেট্টীয়ে ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিছিল যদিও মাৰ্কাছ ফাৰ্নাল্ডি গিডিয়ন আৰু কেভিন সঞ্জয়া চুকামুলজোৰ হাতত পৰাস্ত হোৱাৰ পিছত গ্ৰুপ পৰ্যায়ত বাহিৰ হৈছিল। অৱশ্যে সমগ্ৰ প্ৰতিযোগিতাখনত অৱশেষত সোণৰ পদক বিজয়ী লি ইয়াং আৰু ৱাং চি-লিনক প্ৰথম গ্ৰুপ পৰ্যায়ৰ মুখামুখিত সংকীৰ্ণভাৱে পৰাস্ত কৰিবলৈ কেৱল তেওঁলোকৰ যুটিটোৱেই হে সক্ষম হৈছিল।[9] ডিচেম্বৰ মাহত ৰেংকিৰেড্ডী আৰু শেট্টীয়ে কেৰিয়াৰত প্ৰথমবাৰৰ বাবে বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছিল যদিও ডেনিছ যুটি কিম এষ্ট্ৰপ আৰু এণ্ডাৰছ স্কাৰুপ ৰাছমুচেনৰ হাতত গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন মেচত পৰাস্ত হোৱাৰ পিছত প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আহিব লগা হয়।
২০২২ চনত ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে ইণ্ডোনেছিয়াৰ যুটি কেভিন সঞ্জয়া চুকামুলজো আৰু মহম্মদ আহছানৰ হাতত প্ৰথম ছেটত পৰাস্ত হোৱাৰ পিছত তেওঁলোকে দ্বিতীয় ছেটটো জয় হৈ তৃতীয় ছেটটো ২১-১৯ গ’লত সমাপ্ত কৰি ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ২-০ গ’লত অগ্ৰগতি লাভ কৰে। ভাৰতক প্ৰথমবাৰৰ বাবে থমাছ কাপ ট্ৰফী লাভ কৰাত সহায় কৰাত ই গুৰুত্বপূৰ্ণ আছিল।[10]