২০১৮ চনত সানজিদা ইছলাম | ||||
ব্যক্তিগত তথ্য | ||||
---|---|---|---|---|
সম্পূৰ্ণ নাম | সানজিদা ইছলাম ময়না | |||
জন্ম | ০১ এপ্ৰিল, ১৯৯৬ (২৮ বছৰ) ৰংপুৰ, বাংলাদেশ | |||
উপনাম | মিষ্টি | |||
বেটিং শৈলী | সোঁহতীয়া খেলুৱৈ | |||
ভূমিকা | বেটাৰ | |||
সম্পৰ্ক | মিম মোছাডেক (স্বামী) | |||
আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||
অ'ডিআই অভিষেক (কেপ ২১) | ৬ মাৰ্চ ২০১৪ বনাম পাকিস্তান | |||
আন্তৰ্জাতিক টি২০ অভিষেক (কেপ ৯) | ২৮ আগষ্ট ২০১২ v আয়াৰলেণ্ড | |||
অন্তিম আন্তৰ্জাতিক টি২০ | ২ মাৰ্চ ২০২০ বনাম শ্ৰীলংকা | |||
ঘৰুৱা দলৰ তথ্য | ||||
বছৰ | দল | |||
২০০৮/০৯–২০০৯/১০ | চিটাগাং ডিভিজন | |||
২০১০/১১ | ঢাকা ডিভিজন | |||
২০১২/১৩–২০১৭ | ৰংপুৰ ডিভিজন | |||
২০২১/২২–বৰ্তমান | ইষ্টাৰ্ণ জ'ন | |||
কেৰিয়াৰ পৰিসংখ্যা | ||||
প্ৰতিযোগিতা | WODI | WT20I | ||
মুঠ খেল | ১৬ | ৫৪ | ||
ৰাণ | ১৭৪ | ৫২০ | ||
বেটি গড় | ১১..৬০ | ১১.৩০ | ||
শতক/অৰ্ধশতক | ০/০ | ১/১ | ||
সৰ্বোচ্চ ৰাণ | ৩৫ | ৭১* | ||
বল | ৬ | – | ||
উইকেট | ০ | – | ||
বলিং গড় | – | – | ||
এটা ইনিংছত ৫টা উইকেট | ০ | – | ||
এখন খেলত ১০টা উইকেট | ০ | – | ||
শ্ৰেষ্ঠ বলিং | – | – | ||
কেচ্চ/ষ্টাম্পিং | ৫/– | ৮/– | ||
উৎস: http://www.espncricinfo.com/India/content/player/535869.html ESPN Cricinfo, ১১ এপ্ৰিল ২০২২ {{{year}}} |
সানজিদা ইছলাম (জন্ম: ১ এপ্ৰিল ১৯৯৬) এগৰাকী বাংলাদেশী মহিলা ক্ৰিকেটাৰ, যিগৰাকীয়ে বাংলাদেশৰ মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ হৈ খেলে।[1][2][3] তেওঁ এগৰাকী সোঁহতীয়া বেটছমেন। সানজিদাৰ জন্ম হৈছিল বাংলাদেশ ৰংপুৰত।[4]
২০২০ চনৰ ২১ অক্টোবৰত তেওঁ বাংলাদেশৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ মিম মোছাডেকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[5][6]
সানজিদাই ২০১২ চনৰ ২৮ আগষ্টত আয়াৰলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ বিৰুদ্ধে খেলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ যোগেদি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১৮ চনৰ জুন মাহত বাংলাদেশ মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে মহিলা এছিয়া কাপ খিতাপ জয় কৰিছিল আৰু ২০১৮ চনৰ মহিলা টুৱেণ্টি-২০ এছিয়া কাপ প্ৰতিযোগিতা জয় কৰা দলটোৰ সানজিদা আছিল এগৰাকী সদস্যা।[7][8][9] সেই মাহৰ শেষৰ ফালে, তেওঁক ২০১৮ চনৰ আইচিচি মহিলা বিশ্ব টুৱেণ্টি-২০ যোগ্যতা অৰ্জন প্ৰতিযোগিতাৰ বাবে বাংলাদেশৰ দলত স্থান দিয়া হৈছিল।[10]
২০১৮ চনৰ অক্টোবৰ মাহত তেওঁক ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত ২০১৮ আইচিচি মহিলা বিশ্ব টুৱেণ্টি-২০ প্ৰতিযোগিতাৰ বাবে বাংলাদেশৰ দলৰ বাবে মনোনীত কৰা হৈছিল।[11][12] ২০১৯ চনৰ আগষ্ট মাহত স্কটলেণ্ডত অনুষ্ঠিত হোৱা ২০১৯ আইচিচি মহিলা বিশ্ব টুৱেণ্টি-২০ যোগ্যতা অৰ্জন প্ৰতিযোগিতাৰ বাবে তেওঁক বাংলাদেশৰ দলত স্থান দিয়া হৈছিল।[13] পাঁচখন খেলত 156 ৰান সংগ্ৰহ কৰি তেওঁ প্ৰতিযোগিতাখনত বাংলাদেশৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে চিহ্নিত হৈছিল।[14] ২০১৯ চনৰ নৱেম্বৰ মাহত তেওঁক ২০১৯ দক্ষিণ এছিয়ান গেমছৰ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে বাংলাদেশৰ দলত স্থান দিয়া হৈছিল।[15] বাংলাদেশৰ দলটোৱে ফাইনেলত শ্ৰীলংকাক দুই ৰানত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰিছিল।[16] ২০২০ চনৰ জানুৱাৰীত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা ২০২০ আইচিচি মহিলা টি-২০ বিশ্বকাপৰ বাবে তেওঁক বাংলাদেশৰ দলত স্থান দিয়া হৈছিল।[17]