সাবিত্ৰী হৈস্নাম্ | |
---|---|
জন্ম | ৫ জানুৱাৰী, ১৯৪৬ (৭৯ বছৰ) ময়াং ইম্ফল, মণিপুৰ, ভাৰত |
পেচা | মঞ্চ অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৫০ৰ দশক - বৰ্তমান |
জনা যায় | মণিপুৰী থিয়েটাৰ |
দাম্পত্যসঙ্গী | হৈস্নাম্ কান্হাইলাল্ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী, ২০০৮ সংগীত নাটক একাডেমী বঁটা, ১৯৯১ মণিপুৰ ৰাজ্যিক কলা একাডেমী বঁটা, ১৯৮৮ কাইৰ' আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ সমালোচকৰ বঁটা, ১৯৮৮ নন্দিকাৰ বঁটা, ২০০২ নাট্য ৰত্ন, ২০০৬ |
সাবিত্ৰী হৈস্নাম্ (ইংৰাজী: Sabitri Heisnam, জন্ম: ৫ জানুৱাৰী ১৯৪৬) বা হৈস্নাম্ সাবিত্ৰী এগৰাকী ভাৰতীয় মঞ্চ অভিনেত্ৰী আৰু মণিপুৰী থিয়েটাৰৰ অন্যতম উল্লেখযোগ্য থিয়েটাৰ ব্যক্তিত্ব।[1] তেওঁ মধুশ্ৰী দত্তৰ দ্বাৰা পৰিচালিত সমালোচনামূলকভাৱে প্ৰশংসিত চুটি ছবি 'স্ক্ৰিবেলছ অন আক্কা'ত[2] অভিনয় কৰিছিল। এই ছবিখনে আইডিপিএ বঁটা, ছাংহাই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটা আৰু শ্ৰেষ্ঠ নৃতাত্ত্বিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[3] সাৱিত্ৰী হেইচনামে ১৯৯১ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।[4] মণিপুৰী থিয়েটাৰত তেওঁৰ অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০০৮ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[5]
১৯৪৬ চনৰ ৫ জানুৱাৰী তাৰিখে উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰৰ মায়াং ইম্ফলৰ এক মেইতেই পৰিয়ালত হৈছিল।[1] তেওঁৰ মাহীয়েক গৌৰামণি দেৱী এগৰাকী পৰিচিত মঞ্চ অভিনেত্ৰী আছিল। তেওঁ সৰুৰে পৰা সাৱিত্ৰীক অভিনয়ৰ প্ৰশিক্ষণ দিছিল আৰু তেওঁক শিশু শিল্পী হিচাপে থিয়েটাৰত অভিনয়ৰ পৰিচয় দিছিল। 'নিমাই চান্যা'ৰ মুখ্য ভূমিকা 'নিমাই' হিচাপে আৰু 'শ্ৰীবৎস-চিন্তামণি'ত তেওঁ 'ৰাণী চিন্তামণি' হিচাপে তেওঁৰ প্ৰাৰম্ভিক সময়ৰ প্ৰদৰ্শন যথেষ্ট সমাদৃত হৈছিল।[6] ১৯৬১ চনত হেইচনাম কানাইলালৰ দ্বাৰা পৰিচালিত 'লেয়েং আহানবা'ত তেওঁৰ প্ৰদৰ্শনৰ সৈতে তেওঁৰ কেৰিয়াৰে এক ৰূপ লৈছিল আৰু তেওঁ পৰৱৰ্তী বছৰত তেওঁ কানাইলালৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। কচনাইলালে ১৯৬৯ চনত কলাক্ষেত্ৰ মণিপুৰ নামৰ থিয়েটাৰ গোষ্ঠী প্ৰতিষ্ঠা কৰিছিল আৰু সাৱিত্ৰী ইয়াৰ অংশ আছিল।[7]
হেইচনাম সাৱিত্ৰীয়ে জাপান আৰু ইজিপ্টকে ধৰি ভাৰত আৰু বিদেশৰ বিভিন্ন পৰ্যায়ত বহুতো উল্লেখযোগ্য প্ৰদৰ্শন কৰিছে।[8] 'একহৌলাংবি'ত 'একহৌলাংবি' (১৯৭০), 'তামনালাই'ত 'বিধবা মাতৃ' (২৯৭২), 'কাবুই কিওইবা'ত 'বুঢ়ী' (১৯৭৩), পেবেটত 'মাতৃ পেবেট' (১৯৭৫), 'লাইগি মাচাচিঙ্গা'ত জনজাতীয় মহিলা (১৯৭৮), 'ইন মেমৰছ অফ আফ্ৰিকা'ত 'মি' (১৯৮৫), 'মিগি শ্বাৰিং'ত 'থামবাম' (১৯৯০) আৰু 'কৰ্ণ'ত 'ৰাধা' হৈছে কলাক্ষেত্ৰত তেওঁৰ কিছুমান মুখ্য প্ৰডাক্টচন।[6] মহাশ্বেতা দেৱীৰ এটা চুটি কাহিনীৰ ওপৰত আধাৰিত একে নামৰ নাটকত দ্ৰোপদীৰ চিত্ৰায়নে তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছিল কিয়নো এই নাটকৰ অন্তিম মুহূৰ্তত তেওঁক এখন এখনকৈ কাপোৰ খুলি মঞ্চত উলংগ হোৱা দেখা গৈছিল।[9] ২০০০ চনত ১৪ এপ্ৰিল আৰু ২০ এপ্ৰিলত ইয়াৰ প্ৰথম দুটা মঞ্চায়নৰ পিছত প্ৰদৰ্শনে অশ্লীলতা গণ্য কৰাৰ বাবে ৰাজহুৱা প্ৰতিবাদ সৃষ্টি কৰে।[10] কিন্তু এই ঘটনায়ে ২০০৪ চনত সেনা কৰ্মীৰ সন্মুখত উলংগ হৈ প্ৰতিবাদ কৰিবলৈ বাৰগৰাকী মহিলাৰ এক দলক অনুপ্ৰাণিত কৰিছিল বুলি জনা যায়। তেওঁলোকে এগৰাকী মহিলাক ধৰ্ষণ আৰু হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰা হৈছিল।[11] বয়সে ষাঠিৰ দেওনা পাৰ কৰাৰ পিছতো তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা চুটি কাহিনীৰ ওপৰত আধাৰিত নাটক 'ডাকঘৰ'ত এজন যুৱকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। এই প্ৰদৰ্শনে সমালোচকৰ যথেষ্ট প্ৰশংসা লাভ কৰিছিল।[12]
সংগীত নাটক একাডেমীৰ প্ৰাক্তন মনোনীত সদস্য সাৱিত্ৰীয়ে ১৯৯৯ চনত মধুশ্ৰী দত্তৰ দ্বাৰা পৰিচালিত ৬০ মিনিটৰ চুটি ছবি 'মহাদেৱী আক্কা'তো অভিনয় কৰিছিল।[13] ইয়াত তেওঁ মুখ্য চৰিত্ৰ হিচাপে অভিনয় কৰিছিল আৰু ছবিখনে শ্ৰেষ্ঠ নৃতাত্বিক ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে ভাৰতীয় তথ্যচিত্ৰ প্ৰযোজক সন্থাৰ আই.ডি.পি.এ. বঁটা আৰু ছাংহাই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে পুৰস্কাৰ লাভ কৰিছিল।[3] এজন প্ৰখ্যাত থিয়েটাৰ ব্যক্তিত্ব নেমি চন্দ্ৰ জৈনে তেওঁৰ কিতাপ 'ফ্ৰম দা ৱিঙছ, নোটছ অন ইণ্ডিয়ান থিয়েটাৰ'ত সাৱিত্ৰী হেইচনামৰ কেৰিয়াৰৰ বিষয়ে নথিভুক্ত কৰা হৈছে।[14] এই গ্ৰন্থ বৰ্তমান বেংগালুৰুৰ খ্ৰীষ্ট বিশ্ববিদ্যালয়ৰ এক নিৰ্ধাৰিত শৈক্ষিক পাঠ।[15] ভাৰতীয় থিয়েটাৰৰ বিশেষজ্ঞ নাটৰং প্ৰতিষ্ঠানে তেওঁৰ প্ৰদৰ্শনৰ সৈতে সম্পৰ্কিত প্ৰায় ১০০টা নথিপত্ৰ সংকলিত কৰিছে। ইয়াত বিভিন্ন কিতাপ, পোষ্টাৰ, বাতৰি প্ৰতিবেদন আৰু প্ৰবন্ধ, ফটোগ্ৰাফ আৰু ভিডিঅ' ক্লিপিং আদি অন্তৰ্ভুক্ত আছে।[16]
মণিপুৰ ৰাজ্যিক কলা একাডেমীয়ে ১৯৮৮ চনত অভিনয়ৰ বাবে সাৱিত্ৰী হেইচনামক বাৰ্ষিক বঁটা প্ৰদান কৰিছিল।[6] ১৯৯১ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে। একে বছৰে তেওঁ 'মিগি শ্বাৰাং'ত (মানৱ সঁজা) তেওঁৰ অভিনয়ৰ বাবে তৃতীয় কাইৰ' আন্তৰ্জাতিক সমসাময়িক আৰু পৰীক্ষামূলক থিয়েটাৰ মহোৎসৱত সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিল।[13] ২০০১ চনত তেওঁ মুম্বাইৰ মাজলিছ সংস্কৃতি অৰ্জন কৰিছিল।[17] ২০০২ চনত কলকাতা ভিত্তিক থিয়েটাৰ গোষ্ঠী নন্দিকাৰ আৰু ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা তেওঁ নন্দিকাৰ বঁটা লাভ কৰে। তেওঁ ২০০৬ চনত নাট্য ৰত্ন উপাধি লাভ কৰে।[13] ভাৰত চৰকাৰে তেওঁক ২০০৮ চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰে।[5]