সাহিত্য আৰু সংস্কৃতিত নাৰী যোদ্ধাৰ (ইংৰাজী: Women warriors in literature and culture) চিত্ৰণ ইতিহাস, সাহিত্য অধ্যয়ন, চলচ্চিত্ৰ অধ্যয়ন, লোককথাৰ ইতিহাস, পৌৰাণিক কাহিনীৰ অধ্যয়নৰ বিষয়। নাৰী যোদ্ধাৰ প্ৰতিনিধিত্বমূলক ব্যক্তিত্ব কিছুমান সংস্কৃতিত ঘটা এটা স্বাভাৱিক কথাৰ উদাহৰণ৷[1]:269 একে সময়তে যুদ্ধ, হিংসা আৰু আক্ৰমণাত্মক দৃষ্টিভংগীক পুৰুষতান্ত্ৰিক বুলি কোৱাৰ যি স্বাভাৱিক নিৰ্মাণ, তাৰেই বিৰোধিতাত সৃষ্টি হোৱা ই এক প্ৰতিশোধমূলক ধাৰণাও। এনে নীতি-নিয়মক অৱজ্ঞা কৰা স্থিতিয়ে নাৰী যোদ্ধাক সমাজত নাৰী ক্ষমতা আৰু লিংগ ভূমিকাক কেন্দ্ৰ কৰি চৰ্চিত হোৱা ভাষ্য আৰু দৃষ্টিকোণৰ অনুসন্ধানৰ বাবে এক বিশিষ্ট অংশ কৰি তোলে।
ভাৰতীয় প্ৰেক্ষাপটত নাৰী যোদ্ধাৰ বিৱৰণ ৰামায়ণ (খ্ৰীষ্টপূৰ্ব ৫০০) আৰু মহাভাৰত (খ্ৰীষ্টপূৰ্ব ৪০০)ত অন্তৰ্ভুক্ত কৰা হৈছিল৷ হিন্দু পৌৰাণিক কাহিনীত অৰ্জুনৰ পত্নী চিত্ৰাংগদা পিতৃৰ সেনাবাহিনীৰ সেনাপতি আছিল। সত্যভামা আছিল কৃষ্ণৰ যোদ্ধা পত্নী যিয়ে নৰকাসুৰৰ বিৰুদ্ধে সৈন্যবাহিনীৰ নেতৃত্ব দিছিল৷ তেওঁ আছিল এগৰাকী ধনুৰ্বিদ আৰু যুদ্ধকালীন কৌশলৰ বিশেষজ্ঞ। শিখন্দিনী আছিল এগৰাকী ৰাজকুমাৰী যিয়ে "কাঁড়, যুদ্ধ-কলা আৰু যুদ্ধ-কৌশল" শিকিছিল আৰু আন এটা জীৱনত অতীতৰ ভুলৰ প্ৰতিশোধ ল'বলৈ যুঁজিছিল৷ অৱশেষত তেওঁ পুৰুষ হৈ পৰিছিল। কৈকেয়ী আছিল দশৰথ ৰজাৰ পত্নী, যি যুদ্ধত ৰথ চলাই স্বামীৰ জীৱন ৰক্ষা কৰিছিল।[2]
ভাৰতীয় যোদ্ধা নাৰীৰ কিছুমান উদাহৰণ ভাস্কৰ্যত দেখা পোৱা যায়:
গ্ৰীক কিংবদন্তি অনুসৰি আমাজনসকল আছিল মহিলা যোদ্ধাৰ এটা সম্পূৰ্ণ জনগোষ্ঠী। আমাজনসকলৰ সবাতোকৈ পুৰণি উৎস পোৱা যায় হোমাৰৰ মহাকাব্য কবিতা ইলিয়াডত, য'ত হোমাৰে তেওঁলোকক আমাজন antianeirai বুলি বৰ্ণনা কৰিছিল৷ এই শব্দটো "মানুহৰ সমান"কে ধৰি একাধিক অনুবাদ কৰা হৈছে।[3] আধুনিক আৰু প্ৰাচীন উভয় সমাজৰ মহিলা যোদ্ধা আৰু খেলুৱৈ "আমাজন"ৰ এটা উপনাম হৈ পৰিছে৷
ছিথিয়ানসকলৰ মাজত যোদ্ধা মহিলাসকল অচিনাকি নাছিল। পুৰাতত্ত্ববিদসকলে ৪০টাতকৈও অধিক মহিলা যোদ্ধা নেতাৰ কবৰ উন্মোচন কৰিছে। ছিথিয়ান জীৱনশৈলীত লিংগৰ মাজত সমতা অন্তৰ্ভুক্ত কৰা হৈছিল আৰু কিছুমান মহিলাই যোদ্ধা জীৱনশৈলীয়ে পুৰুষ আৰু মহিলা উভয়কে প্ৰদান কৰা সুযোগসমূহ গ্ৰহণ কৰিছিল।[4]ছিথিয়ান সংস্কৃতিয়ে গ্ৰীচ আৰু ভাৰত দুয়োখন দেশকে স্পৰ্শ কৰিছিল৷ দুয়োৰে ইতিহাস আৰু পৌৰাণিক কাহিনীত যোদ্ধা নাৰীৰ কাহিনী আছে।
হিব্ৰু বাইবেলত কেইবাগৰাকীও মহিলাক যুদ্ধ বা যুদ্ধত অংশগ্ৰহণ কৰা বুলি বৰ্ণনা কৰা হৈছে, য'ত ভাববাদী ডেবৰা, ৰাহাব আৰু নামহীন "থেবেজৰ মহিলা" আদিও আছে।
হিন্দ বিন্ত উতবাহ ষষ্ঠ শতিকাৰ শেষৰ ফালে আৰু সপ্তম শতিকাৰ আৰম্ভণিতে ইছলাম ধৰ্ম গ্ৰহণ কৰা এগৰাকী আৰব মহিলা। ৬৩৬ চনত য়াৰমুক যুদ্ধত অংশগ্ৰহণ কৰি ৰোমানসকলৰ সৈতে যুঁজি পুৰুষ সৈনিকসকলক তেওঁৰ লগত যোগদান কৰিবলৈ উৎসাহিত কৰা হৈছিল।[5]
খোৱালা বিন্ত আল-আজৱাৰ সপ্তম শতিকাৰ এগৰাকী বিশিষ্ট মহিলা মুছলমান যোদ্ধা আছিল৷ তেওঁ আজিৰ ছিৰিয়া, জৰ্ডান আৰু পেলেষ্টাইনত যুদ্ধৰ নেতৃত্ব দিছিল।[6]
গাজালা খাৰিজীও যুদ্ধত সেনাপতি আছিল, যাৰ বাবে আল-হাজ্জাজৰ দৰে বিখ্যাত জেনেৰেলে পলায়ন কৰিছিল। কবিতাত তেওঁৰ সাহসক প্ৰশংসা কৰা হৈছিল।
মাই ভাগো আছিল ১৮ শতিকাৰ শিখ যোদ্ধা। আনন্দপুৰ চাহিবৰ ঘেৰাওৰ সময়ত গুৰু গোবিন্দ সিংহক পৰিত্যাগ কৰা সৈনিকসকলক তেওঁ পুনৰ যুদ্ধ কৰিবলৈ উৎসাহিত আৰু একত্ৰিত কৰিছিল। তেওঁ ৪০ জন সৈনিকৰ সৈতে মোগল সেনাৰ সৈতে মুখামুখি হয় আৰু মুক্তসৰ যুদ্ধত অংশগ্ৰহণ কৰে। তেওঁ জীৱনকালত পুৰুষসুলভ সাজ-পোছাক পৰিধান কৰিছিল আৰু তেনে কৰিয়েই পিতৃতন্ত্ৰক প্ৰত্যাহ্বান জনাই পণ্ডিত আৰু দাৰ্শনিকৰ মাজত ‘নাৰীৰ ভূমিকা’ক কেন্দ্ৰ কৰি বিতৰ্ক আৰম্ভ কৰিছিল। মহাৰাষ্ট্ৰৰ নন্দদত গুৰু গোবিন্দ সিঙৰ প্ৰদৰ্শক হোৱাৰ সময়ত তেওঁক দেহৰক্ষী হিচাপে সন্মানিত কৰা হয়। বহুতো বেলাড আৰু লোকগীতে তেওঁৰ সাহসক মহিমামণ্ডিত কৰে আৰু তেওঁৰ নাৰীবাদী ভাৱমূৰ্তিক শ্ৰদ্ধা কৰা হয়।