সাহিত্য সমালোচনা বা সাহিত্য অধ্যয়ন (ইংৰাজী: Literary criticism) হৈছে সাহিত্যৰ অধ্যয়ন, মূল্যায়ন আৰু ব্যাখ্যা। আধুনিক সাহিত্য সমালোচনাত প্ৰায়ে সাহিত্য তত্ত্বৰ প্ৰভাৱ পৰে, যি হৈছে সাহিত্যৰ লক্ষ্য আৰু পদ্ধতিৰ দাৰ্শনিক আলোচনা। সাহিত্য সমালোচনা আৰু সাহিত্য তত্ত্ব- এই দুয়োটা কাৰ্যকলাপৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থাকিলেও সাহিত্য সমালোচকসকলক তত্ত্ববিদ বুলি ক'ব নোৱাৰি৷
সাহিত্য সমালোচনাক সাহিত্য তত্ত্বৰ পৰা পৃথক অনুসন্ধানৰ ক্ষেত্ৰ বুলি গণ্য কৰা উচিত নে নহয়, নে গ্ৰন্থ পৰ্যালোচনাৰ বিপৰীতে ইয়াৰ অৱস্থান নিৰ্ণয় কৰা হ'ব, সেয়া কিছু বিতৰ্কৰ বিষয়৷ উদাহৰণস্বৰূপে, জনছ হপকিন্সৰ গাইড টু লিটাৰেৰী থিয়ৰী এণ্ড ক্ৰিটিচিজমত[1] সাহিত্য তত্ত্ব আৰু সাহিত্য সমালোচনাৰ মাজত কোনো পাৰ্থক্য দেখিবলৈ পোৱা নাযায়৷ তাৎপৰ্যপূৰ্ণভাৱে প্ৰায় সদায় একেটা ধাৰণাকে বৰ্ণনা কৰিবলৈ শব্দবোৰ একেলগে ব্যৱহাৰ কৰা হয়। কিছুমান সমালোচকে সাহিত্য সমালোচনাক সাহিত্য তত্ত্বৰ ব্যৱহাৰিক প্ৰয়োগ বুলি গণ্য কৰে, কাৰণ সমালোচনাত সদায় বিশেষ সাহিত্যিক ৰচনাৰ ভিত্তিত প্ৰত্যক্ষভাৱে আলোচনা সম্পন্ন হয়৷ ইয়াৰ পৰিৱৰ্তে তত্ত্ব এটা সাধাৰণ বা বিমূৰ্ত হ’ব পাৰে।
সাহিত্য সমালোচনা প্ৰায়ে ৰচনা বা গ্ৰন্থৰ ৰূপত প্ৰকাশ পায়। শৈক্ষিক সাহিত্য সমালোচকসকলে সাহিত্য বিভাগত পাঠদান কৰে আৰু সেইবোৰ শৈক্ষিক বা একাডেমিক আলোচনীত প্ৰকাশ কৰে৷ অধিক জনপ্ৰিয় সমালোচকে দ্য টাইমছ লিটাৰেৰী চাপ্লিমেণ্ট, দ্য নিউয়ৰ্ক টাইমছ বুক ৰিভিউ, দ্য নিউয়ৰ্ক ৰিভিউ অৱ বুকছ, লণ্ডন ৰিভিউ অৱ বুকছ, ডাবলিন ৰিভিউ অৱ বুকছ, দ্য নেচন, বুক ফ'ৰাম, আৰু দ্য নিউয়ৰ্কাৰ দৰে বহুলভাৱে প্ৰচাৰিত হোৱা সাময়িকীত নিজৰ পৰ্যালোচনা প্ৰকাশ কৰে৷
সাহিত্য সমালোচনাৰ অস্তিত্ব ধ্ৰুপদী যুগৰ পৰাই আছিল বুলি ভবা হয়।[2] খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত এৰিষ্ট’টলে সমসাময়িক শিল্পকৰ্মৰ বহু নিৰ্দিষ্ট সমালোচনাৰে সাহিত্যিক ৰূপৰ প্ৰকাৰবিজ্ঞান আৰু বৰ্ণনাৰে ‘Poetics’ ৰচনা কৰিছিল। কাব্যিকতাই প্ৰথমবাৰৰ বাবে মাইমেছিছ আৰু কেথাৰ্চিছৰ ধাৰণা গঢ়ি তুলিছিল, যিবোৰ এতিয়াও সাহিত্য অধ্যয়নত গুৰুত্বপূৰ্ণ। প্লেটোৱে কবিতাক অনুকৰণমূলক, গৌণ আৰু মিছা বুলি কৰা আক্ৰমণবোৰো গঠনমূলক আছিল। সংস্কৃত নাট্য শাস্ত্ৰত প্ৰাচীন ভাৰতীয় সাহিত্যৰ সন্দৰ্ভত সাহিত্য সমালোচনা আৰু সংস্কৃত নাটক অন্তৰ্ভুক্ত কৰা হৈছে।
ৰেনেছাঁৰ সাহিত্যিক সমালোচনাই ৰূপ আৰু বিষয়বস্তুৰ ঐক্যৰ ধ্ৰুপদী ধাৰণাক সাহিত্যিক নব্য-ক্লাছিকবাদলৈ বিকশিত কৰিছিল, সাহিত্যক সংস্কৃতিৰ কেন্দ্ৰীয় হিচাপে ঘোষণা কৰিছিল, কবি আৰু লেখকক এক দীঘলীয়া সাহিত্যিক পৰম্পৰাৰ সংৰক্ষণৰ দায়িত্ব অৰ্পণ কৰিছিল।
জ্ঞানোদয়ৰ যুগত (Enlightenment) (১৭০০ ৰ পৰা ১৮০০ চনলৈ) সাহিত্য সমালোচনা অধিক জনপ্ৰিয় হৈ উঠিছিল। এই সময়ছোৱাত জনসাধাৰণৰ মাজত সাক্ষৰতাৰ হাৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰে;[3] পঢ়াটো আৰু ধনী বা পণ্ডিতসকলৰ বাবে একচেটিয়া নাছিল। সাক্ষৰ জনসাধাৰণৰ উত্থান, সাহিত্যৰ ছপা আৰু বাণিজ্যিকীকৰণৰ দ্ৰুততাৰ লগে লগে সমালোচনাৰো সৃষ্টি হয়।[4] পঢ়া-শুনাক আৰু কেৱল শিক্ষামূলক বা ধৰ্মৰ পবিত্ৰ উৎস হিচাপে গণ্য কৰা হোৱা নাছিল; ই আছিল এক প্ৰকাৰৰ মনোৰঞ্জনৰ প্ৰকাৰ৷
ঊনবিংশ শতিকাৰ আৰম্ভণিতে ব্ৰিটিছ ৰোমাণ্টিক আন্দোলনে সাহিত্য অধ্যয়নত নতুন নান্দনিক ধাৰণা প্ৰৱৰ্তন কৰিছিল, য’ত এই ধাৰণাটোও আছিল-সাহিত্য সদায় সুন্দৰ, উচ্চমানৰ বা নিখুঁত হোৱাৰ প্ৰয়োজন নাই, কিন্তু সাহিত্যই নিজেই এটা সাধাৰণ বিষয়ক উচ্চ স্তৰলৈ উন্নীত কৰিব পাৰে।
সকলোবোৰ নান্দনিক আন্দোলন পূৰ্বসূৰী হিচাপে যিমানেই গুৰুত্বপূৰ্ণ নহওক কিয়, সাহিত্য সমালোচনাৰ বিষয়ে বৰ্তমানৰ ধাৰণাসমূহ প্ৰায় সম্পূৰ্ণৰূপে বিংশ শতিকাৰ আৰম্ভণিতে গ্ৰহণ কৰা নতুন দিশৰ পৰাই উদ্ভৱ হৈছে।
আজি বিশ্ববিদ্যালয়ৰ সাহিত্য বিভাগসমূহত সাহিত্য তত্ত্ব আৰু মহাদেশীয় দৰ্শনত ভিত্তি কৰি গঢ় লৈ উঠা পদ্ধতিসমূহ বহুলাংশে সহাৱস্থান কৰি আছে৷ আনহাতে নতুন সমালোচনাক আধাৰ হিচাপে লৈ একাংশ সমালোচকে গতানুগতিক পদ্ধতিসমূহকো সক্ৰিয় কৰাই ৰাখিছে৷ একাংশ সমালোচকে তাত্ত্বিক গ্ৰন্থৰ ভেটিত বহুলাংশে কাম কৰে, আন একাংশই পৰম্পৰাগত সাহিত্য পঢ়ে; একাংশৰ মাজত সাহিত্যিক নীতি-নিয়মৰ প্ৰতি আগ্ৰহ এতিয়াও বেছি, কিন্তু অইন একাংশ সমালোচকে অগতানুগতিক গ্ৰন্থ আৰু নাৰী সাহিত্যৰ প্ৰতি আগ্ৰহ দেখুৱাইছে, যাক Contemporary Women's Writingৰ দৰে সমসাময়িক কিছুমান শৈক্ষিক আলোচনীয়ে বিশদভাৱে উল্লেখ কৰিছে৷ [5]