সাৰনাথ সংগ্ৰহালয় |
---|
সাৰনাথ সংগ্ৰহালয়ৰ সন্মুখভাগ |
প্ৰতিষ্ঠা |
১৯১০ |
---|
অৱস্থিতি |
সাৰনাথ (বাৰাণসীৰ ওচৰত) |
---|
প্ৰকাৰ |
পুৰাতাত্বিক সংগ্ৰহালয় |
---|
সংগ্ৰহৰ সংখ্যা |
বৌদ্ধ শিল্প, ভাস্কৰ্য্য, প্ৰাচীন সামগ্ৰী |
---|
ৱেবছাইট |
www.sarnathmuseumasi.org |
সাৰনাথ সংগ্ৰহালয় (ইংৰাজী: Sarnath Museum ) ভাৰতৰ পুৰাতাত্ত্বিক জৰীপৰ আটাইতকৈ পুৰণি স্থান সংগ্ৰহালয় (site museum)। ইয়াত ভাৰতৰ পুৰাতাত্ত্বিক জৰীপ বিভাগৰ দ্বাৰা সাৰনাথৰ পুৰাতাত্ত্বিক স্থানত কৰা অনুসন্ধান আৰু খননৰ তথ্য সংগৃহীত কৰা হৈছে। সাৰনাথ উত্তৰ প্ৰদেশ বাৰাণসীৰ ওচৰৰ এখন ঠাই। সংগ্ৰহালয়টোত ৬,৮৩২ টা ভাস্কৰ্য্য আৰু শিল্পকৰ্ম আছে।[1]
সাৰনাথ পুৰাতাত্বিক স্থানৰ পৰা পোৱা প্ৰাচীন সামগ্ৰীসমূহ ৰাখিবলৈ ১৯০৪ চনত চৰকাৰে সাৰনাথত খনন কৰা স্থানৰ কাষতে এটা ছাইট মিউজিয়াম নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতৰ তদানীন্তন পুৰাতত্ত্বৰ সঞ্চালক প্ৰধান ছাৰ জন মাৰ্শ্বেলৰ উদ্যোগত এই সংগ্ৰহালয়ৰ সৃষ্টি হয়। এই পৰিকল্পনা প্ৰস্তুত কৰিছিল ভাৰত চৰকাৰৰ তেতিয়াৰ পৰামৰ্শদাতা বাস্তুকাৰ মিষ্টাৰ জেমছ ৰেমছনে। প্ৰাচীন সামগ্ৰীসমূহ সঠিক দৃষ্টিভংগীৰে ৰখা, প্ৰদৰ্শন আৰু অধ্যয়নৰ বাবে ১৯১০ চনত এই ভৱনটো সম্পূৰ্ণ কৰি উলিওৱা হয়। সংঘৰাম নামৰ এটা মঠৰ আধা অংশ অধিগ্ৰহণ কৰি ভৱনটো তৈয়াৰ কৰা হয়।
এই সংগ্ৰহালয়টোত পাঁচটা গেলেৰী আৰু দুখন বাৰাণ্ডা আছে আৰু ইয়াতে খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰা খ্ৰীষ্টীয় দ্বাদশ শতিকালৈকে, এই সময়চোৱাৰ সাৰনাথত উদ্ধাৰ হোৱা প্ৰাচীন সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হৈছে। সাৰনাথত মুৰ্তি, কলাকৃতি আৰু ভৱনৰ এক সমৃদ্ধ ভংগ্নাৱশেষ পোৱা গৈছে, যাৰ ভিতৰত অসংখ্য বুদ্ধ আৰু বোধিসত্ত্বৰ প্ৰতিমূৰ্তি আৰু অন্যান্য প্ৰাচীন অৱশেষ আছে। বৌদ্ধ শিল্পৰ উন্নতমানৰ নমুনা আৰু অন্যান্য গুৰুত্বপূৰ্ণ অৱশেষ সংগ্ৰহালয়টোত ৰখা হৈছে। এই সংগ্ৰহালয় আটাইতকৈ বিখ্যাত প্ৰদৰ্শন অশোকৰ সিংহ ৰাজধানী;[2] হ’লেও সাৰনাথ সংগ্ৰহালয়ত বৌদ্ধ ধৰ্মৰ অন্যান্য সামগ্ৰীৰ সংগ্ৰহও আছে। চাবলগীয়া বস্তুবোৰৰ ভিতৰত আছে ৫ম শতিকাৰ বুদ্ধৰ ভাস্কৰ্য্য। গভীৰ ধ্যানত মগ্ন, পদ্মাসনত বহি থকা বুদ্ধৰ চকুৰ পাহি দুটা তললৈ নামি আহিছে আৰু মূৰৰ চৌপাশ এক প্ৰভামণ্ডলে আৱৰি আছে।[3][4]
- ↑ Singh, Binay (26 March 2011). "A rich repertoire of glorious past". The Times of India. TNN (Varanasi). https://timesofindia.indiatimes.com/city/varanasi/A-rich-repertoire-of-glorious-past/articleshow/7795803.cms.
- ↑ John Huntington. Understanding the 5th Century Buddhas of Sarnath: A Newly Identified Mudra and a New Comprehension of the Dharmachakra Mudra, Orientations, March 2009, p 84-93
- ↑ Page 122: About the Masarh lion: "This particular example of a foreign model gets added support from the male heads of foreigners from Patna city and Sarnath since they also prove beyond doubt that a section of the elite in the Gangetic Basin was of foreign origin. However, as noted earlier, this is an example of the late Mauryan period since this is not the type adopted in any Ashoka pillar. We are, therefore, visualizing a historical situation in India in which the West Asian influence on Indian art was felt more in the late Mauryan than in the early Mauryan period. The term West Asia in this context stands for Iran and Afghanistan, where the Sakas and Pahlavas had their base-camps for eastward movement. The prelude to future inroads of the Indo-Bactrians in India had after all started in the second century B.C."... in Gupta, Swarajya Prakash (1980) (en ভাষাত). The Roots of Indian Art: A Detailed Study of the Formative Period of Indian Art and Architecture, Third and Second Centuries B.C., Mauryan and Late Mauryan. B.R. Publishing Corporation. পৃষ্ঠা. 88, 122. ISBN 978-0-391-02172-3. https://books.google.com/books?id=0lDqAAAAMAAJ. .
- ↑ According to Gupta this is a non-Indian face of a foreigner with a conical hat: "If there are a few faces which are nonIndian , such as one head from Sarnath with conical cap ( Bachhofer , Vol . I , Pl . 13 ), they are due to the presence of the foreigners their costumes, tastes and liking for portrait art and not their art styles." in Gupta, Swarajya Prakash (1980) (en ভাষাত). The Roots of Indian Art: A Detailed Study of the Formative Period of Indian Art and Architecture, Third and Second Centuries B.C., Mauryan and Late Mauryan. B.R. Publishing Corporation. পৃষ্ঠা. 318. ISBN 978-0-391-02172-3. https://books.google.com/books?id=0lDqAAAAMAAJ.