সিংহাসন বট্টিছি | |
---|---|
![]() | |
শিৰোনাম | সিংহাসনদ্বাত্ৰিংশিকা |
দেশ | ভাৰত |
ভাষা | সংস্কৃত |
প্ৰকাৰ | কল্পকাহিনী |
সিংহাসন বট্টিছি বা অসমীয়াত বত্ৰিশ পুতলাৰ সাধু ভাৰতীয় লোককথাৰ এক সংকলন। শিৰোনামটোৰ আক্ষৰিক অৰ্থ হৈছে "সিংহাসনৰ বত্ৰিশটা (কাহিনী)।" মূল কাহিনীটোত একাদশ শতিকাৰ ৰজা ভোজে কিংবদন্তি ৰজা বিক্ৰমাদিত্যৰ সিংহাসন আৱিষ্কাৰ কৰে। সিংহাসনত বত্ৰিশটা মূৰ্তি আছে। এই মূৰ্তিসমূহ প্ৰকৃততে অভিশাপৰ ফলত শিললৈ ৰূপান্তৰিত হোৱা অপ্সৰা। প্ৰতিগৰাকী অপ্সৰাই ৰজা ভোজক বিক্ৰমাদিত্যৰ জীৱন আৰু দুঃসাহসিক অভিযানৰ কাহিনী কয়, যাতে ৰজা ভোজক পতিয়ন নিয়াব পাৰি যে তেওঁ বিক্ৰমাদিত্যৰ সিংহাসনৰ যোগ্য নহয়।
সংস্কৃত ভাষাত ৰচিত এই মূল সংকলনটো সিংহাসনদ্বাত্ৰিংশিকা (সংস্কৃত: सिंहासनद्वात्रिंशिका) নামেৰে জনাজাত আছিল। সংকলনটোৰ আন শিৰোনামসমূহ হ'ল দ্বাত্ৰিংশত পুত্তলিকা ("বত্ৰিশটা মূৰ্তি কাহিনী"), বিক্ৰমাদিত্য সিংহাসন দ্বাত্ৰিংশিকা ("বিক্ৰমাদিত্যৰ সিংহাসনৰ বত্ৰিশটা কাহিনী"), আৰু বিক্ৰম চৰিত ("বিক্ৰমৰ কৰ্ম বা দুঃসাহসিক অভিযান")।[1] আধুনিক স্থানীয় ভাষাত এই সংকলনটো সিংহাসন বট্টিছি নামেৰে জনা যায়। শিৰোনামটোৰ আন লিপিবদ্ধকৰণসমূহৰ ভিতৰত সিনহাসন বট্টিছি আৰু সিমহাসন বট্টিছি অন্যতম।
ৰজা ভোজে ৰাজকীয় সৈন্য-সামন্তৰ সৈতে এজন ব্ৰাহ্মণৰ পথাৰ এখনৰ কাষেৰে পাৰ হৈ যায়। ব্ৰাহ্মণে ওখ টিলা এটাৰ আসনৰ পৰা ৰজাক নিজৰ পথাৰখনৰ সতেজ উৎপাদিত সামগ্ৰীৰ সোৱাদ ল’বলৈ আমন্ত্ৰণ জনায়। ৰজা ওচৰ চাপি অহাৰ লগে লগে ব্ৰাহ্মণে চৰাই খেদাবলৈ নিজৰ আসন এৰি যায়ব। ইয়াৰ পিছত আশ্চৰ্যকৰভাৱে তেওঁ পথাৰত ৰজাৰ প্ৰৱেশৰ বিৰোধিতা কৰে আৰু তেওঁৰ বিৰুদ্ধে গুৰুতৰ অনুপ্ৰৱেশ আৰু অসামৰিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ ফলত ৰজাই তৎক্ষণাত পথাৰ এৰি যাবলৈ বাধ্য হয়। চৰাইবোৰ খেদোৱাৰ পিছত ব্ৰাহ্মণ পুনৰ টিলাটোত বহিবলৈ আহে। তাৰ পিছত তেওঁ পুনৰ ৰজা ভোজক পথাৰলৈ উভতি আহি উৎপাদিত সামগ্ৰীৰ সোৱাদ ল’বলৈ অনুৰোধ কৰে। আকৌ একেটা প্ৰক্ৰিয়াৰে পুনৰাবৃত্তি হয়। এই ঘটনাই ৰজা ভোজক অনুসন্ধিৎসু কৰি তোলে যে টিলাত আৰু সমভূমিত থকাৰ সময়ত ব্ৰাহ্মণৰ আচৰণ কেনেকৈ সলনি হয়।
তেওঁ জানিব পাৰে যে টিলাটোৰ ওপৰত ভৰি দিলেই মানুহৰ হৃদয়ত সকলো উদাৰ বৈশিষ্ট্য, প্ৰেম আৰু ন্যায়েৰে ভৰি পৰে। ভোজৰ সৈন্যই টিলাটো খান্দে আৰু ইয়াৰ পৰা এক সিংহাসন উদ্ধাৰ হয়। এই সিংহাসন ৰজা বিক্ৰমাদিত্যৰ বুলি চিনাক্ত কৰা হয়। ৰজা বিক্ৰমাদিত্য ন্যায়পৰায়ণ হোৱাৰ বাবে সুপৰিচিত আৰু সন্মানীয় আছিল। ৰজা ভোজৰ উপদেষ্টাসকলে তেওঁক কয় যে এবাৰ তেওঁ সিংহাসনত বহিলে তেৱোঁ এনে গুণৰ অধিকাৰী হ’ব।
এই সিংহাসনত বত্ৰিশটা অপ্সৰাৰ মূৰ্তি আছে। ভোজ সিংহাসনত বহিলে একোটা মূৰ্তিয়ে প্ৰাণ পাই উঠে, আৰু ৰজাক বুজায় যে কেৱল সিংহাসনত বহিলেই ই তেওঁক এজন মহান বিচাৰক কৰি তুলিব নোৱাৰিব। আন কিছুমান গুণো জৰুৰী যিসমূহ তেওঁৰ নাই। অপ্সৰাই তেওঁক একো একোটা গুণৰ সৈতে জড়িত এটা কাহিনী কয় যিটো এজন ভাল বিচাৰকৰ থাকিব লাগিব আৰু কাহিনী কৈয়েই অপ্সৰা উৰি গুচি যায়। এনেদৰে ইটোৰ পিছত সিটোকৈ অপ্সৰাসকলে এটা এটা গুণৰ লগত জড়িত কাহিনী কৈ উৰি যায়। ভোজে উপলব্ধি কৰে যে তেওঁৰ এনে গুণ নাই যিবোৰে এজন লোকক সিংহাসনত বহিবলৈ যোগ্য কৰি তুলিব। এনে কিছু গুণ হ’ল নিঃস্বাৰ্থতা, সম্পূৰ্ণ সততা, পক্ষপাতিত্বৰ অভাৱ আৰু ন্যায় দিয়াৰ প্ৰকৃত হেঁপাহ।
মূল গ্ৰন্থখনৰ লেখক আৰু ইয়াৰ ৰচনাকালৰ বিষয়ে সঠিককৈ জনা নাযায়। যিহেতু কাহিনীটোত ৰজা ভোজৰ কথা উল্লেখ আছে (মৃত্যু ১০৫৫ খ্ৰীষ্টাব্দ), গতিকে ইয়াৰ ৰচনা নিশ্চয় একাদশ শতিকাত বা তাৰ পিছত হৈছিল।[2]
মূল সংস্কৃত সংস্কৰণ সিংহাসনদ্বাত্ৰিংশিকাৰ পাঁচটা প্ৰাথমিক পুনৰীক্ষণ ত্ৰয়োদশ আৰু চতুৰ্দশ শতিকাৰ।[3]
সুজান ৰায়ৰ খুলাছাত-উৎ-তাৱাৰীখত (১৬৯৫ খ্ৰীষ্টাব্দ) দাবী কৰা হৈছে যে এই গ্ৰন্থখনৰ লেখক আছিল ভোজৰ ৱাজিৰ (প্ৰধানমন্ত্ৰী) পণ্ডিত ব্ৰজ।[4]
`আব্দ আল-কাদিৰ বদা'উনীয়ে মোগল সম্ৰাট আকবৰৰ বাবে গল্পসমূহ পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল। ইয়াৰ নাম আছিল খিৰাদ আফজা ("জ্ঞান-বৰ্ধক কিতাপ")। ১৫৮১ খ্ৰীষ্টাব্দত এই অনুবাদ সম্পূৰ্ণ হয়।[5][6] পাৰ্চী অনুবাদৰ আন শিৰোনামসমূহ হ'ল গুল আফছান[4] আৰু চেংগুৱেহাচেন বট্টিচি।[3]
অসমীয়া সাহিত্যিক মহিম বৰাই এই লোককথাসমূহ বত্ৰিশ পুতলাৰ সাধু নামেৰে অসমীয়া ভাষালৈ অনুবাদ কৰিছে। অসম প্ৰকাশন পৰিষদৰ পৰা এই পুথিখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় ১৯৭৬ চনত।[7]
১৯৮৫ চনত সিংহাসন বট্টিছিৰ টেলিভিছন অভিযোজন দূৰদৰ্শনত প্ৰচাৰ কৰা হয়। ২০১৪ চনত চনী পালত আন এটা অভিযোজন প্ৰচাৰ কৰা হয়।[8] শ্বেথিয়া অডিঅ' এণ্ড ভিডিঅ'ৰ দ্বাৰা প্ৰযোজিত ভাৰতীয় এনিমেটেড টেলিভিছন ধাৰাবাহিক সিংহাসন বট্টিছি ২০১১–১২ চনলৈকে প'গোত প্ৰচাৰিত হয়।[9]