সিংহিকা | |
---|---|
![]() হনুমান নাগমাতা সুৰসা, সিংহিকা আৰু লঙ্কিনীৰ সন্মুখীন হয় | |
সম্পৰ্ক | অসুৰ |
সঙ্গী | বিপ্ৰচিত্তী |
সহোদৰ | প্ৰহ্লাদ |
সন্তান | স্বৰভানু (ৰাহু আৰু কেতু) |
সিংহিকা (ইংৰাজী: Simhika বা Sinhika) অসুৰ ৰজা হিৰণ্যকশিপুৰ কন্যা আছিল আৰু বিষ্ণু ভক্ত প্ৰহ্লাদৰ ভনী আছিল। তেওঁক ভগৱান বিষ্ণুৰ দ্বাৰা দুটা শিৰশ্ছেদ কৰা স্বৰভানু (সংস্কৃত: स्वरभानु) -ৰ মাতৃ হিচাপেও গণ্য কৰা হয়, যাৰ ফলত মুৰৰ অংশৰ পৰা ৰাহু আৰু বাকী শৰীৰৰ পৰা কেতু সৃষ্টি হয়। ইয়াৰ উপৰিও তেওঁৰ আন ১০১জন সন্তান আছিল।
সিংহিকাই ব্ৰহ্মাৰ পৰা বৰদান পাইছিল যে তেওঁ যিকোনোৰে ছাঁ নিয়ন্ত্ৰণ কৰিব পাৰিছিল। পিছত তেওঁ ভগৱান শনিৰ মাতৃ আৰু সূৰ্যদেৱতাৰ পত্নী দেৱী ছায়াক নিয়ন্ত্ৰণ কৰিছিল। আৰু শেষত শনি আৰু হনুমানৰ দ্বাৰা পৰাজিত হয়। সিংহিকাক হনুমানে মাফ কৰিছিল, কিন্তু তেওঁ সিংহিকাক কৈছিল যে, যেতিয়াই তেওঁ তেওঁক জীৱনৰ পৰৱৰী পৰ্যায়ত বিচাৰি পায় তেওঁ তেওঁক হত্যা কৰিব। পিছত, যেতিয়া হনুমান মহাসাগৰত লংকালৈ আৰোহণ কৰি আছিল, অসুৰ ৰাৱণৰ ৰাজ্য, সিংমিকা মহাসাগৰত লুকাই আছিল আৰু হনুমানৰ ছাঁটো কাঢ়িছিল আৰু তেতিয়াই তেওঁক হনুমানে তেওঁৰ হত্যা কৰে।