সুআন মানুৱেল ছাণ্ট'ছ কাল্ডে'ৰ'ন Juan Manuel Santos | |
---|---|
![]() | |
কলম্বিয়াৰ ৩২তম ৰাষ্ট্ৰপতি | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৭ আগষ্ট, ২০১০ | |
উপ ৰাষ্ট্ৰপতি | এঞ্জেলিন' গাৰ্জন জাৰ্মান ভাৰ্গছ লাৰ্ছ |
পূৰ্বসূৰী | এলভাৰ' উৰিবে |
ৰাষ্ট্ৰীয় ৰক্ষা মন্ত্ৰী | |
কাৰ্যকাল ১৯ জুলাই, ২০০৬ – ১৮ মে, ২০০৯ | |
ৰাষ্ট্ৰপতি | এলভাৰ' উৰিবে |
পূৰ্বসূৰী | কমিল' অস্পিনা বাৰ্ণনাল |
উত্তৰসূৰী | ফ্ৰেদি পাদিল্লা ডে লেয়ন (ভাৰপ্ৰাপ্ত) |
বিত্ত আৰু ৰাজহুৱা সম্পত্তি মন্ত্ৰী | |
কাৰ্যকাল ৭ আগষ্ট, ২০০০ – ৭ আগষ্ট, ২০০২ | |
ৰাষ্ট্ৰপতি | এন্ড্ৰেছ পাস্ত্ৰনা আৰংগ' |
পূৰ্বসূৰী | জুয়ান কেমিল' ৰেষ্ট্ৰেপ' চালাজাৰ |
উত্তৰসূৰী | ৰবাৰ্ট' জোংউইট' বন্নেট |
বৈদেশিক বাণিজ্য মন্ত্ৰী | |
কাৰ্যকাল ১৮ নৱেম্বৰ, ১৯৯১ – ৭ আগষ্ট, ১৯৯৭ | |
ৰাষ্ট্ৰপতি | ছিজাৰ গাভিৰিয়া |
পূৰ্বসূৰী | স্থাপিত |
উত্তৰসূৰী | ডেনিয়েল মাজুৱেৰা গমেজ |
ব্যক্তিগত তথ্য | |
জন্ম | Juan Manuel Santos Calderón ১০ আগষ্ট, ১৯৫১ (৭৩ বছৰ) বগোটা, কলম্বিয়া |
ৰাজনৈতিক দল | কলম্বিয়ান লিবাৰেল পাৰ্টি(২০০৫ চনৰ আগত) ছোচিয়েল পাৰ্টি অফ নেছেনেল উনিটি (২০০৫-বৰ্তমানলৈকে) |
দাম্পত্যসঙ্গী | ছিলভিয়া অমায়া লণ্ডন' (বিবাহ বিচ্ছেদ) মাৰীয়া ক্লেমেনচিয়া ৰোডৰীগজ মুনেৰা (১৯৮৭-বৰ্তমানলৈকে) |
সন্তান | মাৰ্টিন মাৰীয়া এন্তনিয়া এষ্টেবান |
বাসস্থান | কাছা দে নাৰিন' |
শিক্ষানুষ্ঠান | কেঞ্চাছ বিশ্ববিদ্যালয়, লাৱৰেঞ্চ লণ্ডন স্কুল অফ ইক'নমিক্স জন এফ. কেন্নেডি স্কুল অফ গভমেণ্ট, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় |
পুৰস্কাৰ | শান্তিৰ নোবেল বঁটা (২০১৬) |
স্বাক্ষৰ | ![]() |
সুআন মানুৱেল ছাণ্ট'ছ কাল্ডে'ৰ'ন (Juan Manuel Santos Calderón) (স্পেনিছ: [xwan maˈnwel ˈsantos kaldeˈɾon];জন্ম: ১০ আগষ্ট, ১৯৫১) কলম্বিয়াৰ বৰ্তমান তথা ৩২তম ৰাষ্ট্ৰপতি। তেওঁ ২০১৬ চনত বাবে শান্তিৰ নোবেল বঁটা লাভ কৰে।
তেওঁ এজন বিখ্যাত অৰ্থনীতিবিদ আৰু সাংবাদিক। তেওঁৰ পৰিয়াল কলম্বিয়াৰ ইল টাইমপা' নামৰ কাকত খনৰ ১৯১৩ চনৰ পৰা ২০০৭ চনলৈ সংখ্যাগৰিষ্ঠ শ্বেয়াৰৰ গৰাকী আছিল। কেঞ্চাছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ কলম্বিয়াৰ ৰাষ্ট্ৰীয় কফি খেতিয়ক ফেডাৰেচনৰ অৰ্থনৈতিক পৰামৰ্শদাতা হিচাপে যোগ দিয়ে। তেওঁ লণ্ডনৰ আন্তৰ্জাতিক কফি সন্থাতো যোগ দিয়ে আৰু তাত তেওঁ লণ্ডন স্কুল অফ ইক'নমিক্স এণ্ড পলিটিকেল চাইন্সত অধ্যয়ন কৰে। ১৯৮১ চনত তেওঁ ইল টাইমপ' কাকতৰ ডেপুটি ডাইৰেক্টৰ আৰু দুবছৰ পিছত ডাইৰেক্টৰ হিচাপে কাৰ্য নিৰ্বাহ কৰে।
১৯৯১ চনত কলম্বিয়াৰ ৰাষ্ট্ৰপতি ছিজাৰ গাভিৰিয়া ত্ৰুজিল'য়ে তেওঁক কলম্বিয়াৰ প্ৰথম বৈদেশিক বাণিজ্য মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। তেওঁ কলম্বিয়াৰ আন্তৰ্জাতিক বাণিজ্য সম্প্ৰসাৰণৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। ২০০০ চনত ৰাষ্ট্ৰপতি এনড্ৰিউ পাস্ত্ৰনা আৰংগ'য়ে তেওঁক কলম্বিয়াৰ ৬৪তম বিত্ত আৰু ৰাজহুৱা সম্পত্তি মন্ত্ৰী হিচাপে নিযুক্ত কৰে।[1]
ৰাষ্ট্ৰপতি এলভাৰ' উৰিবে ভেলেজৰ কাৰ্যকালত তেওঁৰ গুৰুত্ব বাঢ়িব ধৰে। ২০০৫ চনত তেওঁ ছোচিয়েল পাৰ্টি অফ নেছেনেল উনিটি নামৰ ৰাজনৈতিক দল গঠন কৰে। ২০০৬ চনত উৰিবে আকৌ নিৰ্বাচিত হোৱাৰ পিছত চানটছ কলম্বিয়াৰ ৰাষ্ট্ৰীয় ৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে। এই কালছোৱাত তেওঁ কলম্বিয়াৰ সশস্ত্ৰ বাহিনীৰ বিপ্লৱ আৰু আন গুৱেৰৃল্লা গোটৰ বিৰুদ্ধে কিছুমান সবল আৰু কঠোৰ নীতি গ্ৰহণ কৰে।
”৫০ বছৰীয়া কলম্বিয়াৰ গৃহ যুদ্ধ অৱসান ঘটাবলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকীৰ্তি স্বৰূপে" তেওঁক ২০১৬ বৰ্ষৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।[2]